ETV Bharat / state

Asian Games 2022 : অম্লান বৰগোঁহাইলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

এছিয়ান গেমছ(Asian Games 2022) ত অংশগ্ৰহণৰ যোগ্যতা অর্জন কৰা অম্লান বৰগোঁহাইলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে ৫ লাখ টকা(CM offers rupees 5 lakh to Amlan Borgohain) ৷ কেৰালাত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অম্লান বৰগোঁহায়ে এছিয়ান গেমছত অংশগ্ৰহণৰ যোগ্যতা অর্জন কৰিছে ৷

author img

By

Published : Apr 27, 2022, 7:34 AM IST

cm-offers-rupees-5-lakh-to-amlan-borgohain-who-qualified-to-participate-in-asian-games
অম্লান বৰগোঁহাই

গুৱাহাটী, 27 এপ্ৰিল : আগন্তুক এছিয়ান গেমছ(Asian Games 2022)ত অংশগ্ৰহণ যোগ্যতা অর্জন কৰি দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা অসমৰ সু-সন্তান অম্লান বৰগোঁহাইৰ উন্নত প্ৰশিক্ষণৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে খেলুৱৈগৰাকী(CM offers rupees 5 lakh to Amlan Borgohain) লৈ ৫ লাখ টকাৰ ধনৰাশি আগবঢ়াইছে ৷

কেৰালাত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অম্লান বৰগোঁহায়ে এছিয়ান গেমছত অংশগ্ৰহণৰ যোগ্যতা অর্জন কৰিছে ৷

খেলুৱৈগৰাকীয়ে যোৱা ২২ এপ্ৰিলত মুখ্যমন্ত্ৰী শৰ্মাক তেওঁৰ কার্যালয় কক্ষত সাক্ষাৎ কৰি উন্নত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধাৰ্থে অর্থ সাহায্য প্ৰদানৰ আবেদন জনাইছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে খেলুৱৈগৰাকীলৈ এই ধনৰাশি আগবঢ়ায় ৷

মুখ্যমন্ত্ৰীয়ে এক শুভেচ্ছা বার্তাযোগে অম্লান বৰগোঁহাইৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি কয় যে একান্ত নিষ্ঠাৰে অনুশীলনত ব্ৰতী হৈ উদীয়মান খেলুৱৈগৰাকীয়ে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত সফলতা অর্জন কৰি দেশৰ লগতে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ আশাবাদী ৷

লগতে চাওক: আৰক্ষীৰ পাছৱৰ্ডেৰে চলিছে নেকি আলফা স্বাধীন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.