ETV Bharat / state

টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীৰ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান চৌহদত ক'ভিড টীকাকৰণ কেন্দ্ৰ আৰু ১৫ খন ভ্ৰাম্যমাণ ক'ভিড টীকাকৰণ বাহনৰ সেৱা মুকলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিগৰাকী লোককে ভেকচিনৰ দ্বাৰা সামৰি ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ ৷

টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ স্বাস্থ্য বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

author img

By

Published : Sep 8, 2021, 8:16 PM IST

গুৱাহাটী, 8 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই বুধবাৰে বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান চৌহদত এটা ক'ভিড টীকাকৰণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ আন্তঃজিলা যাতায়াত সেৱা মুকলি কৰাৰ ফলত এই বাছ আস্থানত বিপুল সংখ্যক যাত্ৰীৰ সমাগম হোৱালৈ লক্ষ্য ৰাখি এতিয়াও টীকাকৰণৰ জৰিয়তে সামৰি নোলোৱা আন্তঃজিলা আৰু আন্তঃৰাজ্যিক যাত্ৰীসকলক ক'ভিড ভেকচিন প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ উদ্যোগত এই কেন্দ্ৰ মুকলি কৰা হৈছে ৷

টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ স্বাস্থ্য বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
টীকাকৰণ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ স্বাস্থ্য বিভাগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

আনহাতে, বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান চৌহদতে মুখ্যমন্ত্ৰী ড৹ শর্মাই বুধবাৰে ভ্ৰাম্যমাণ ক'ভিড টীকাকৰণ বাহন সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ এই কার্যসূচীৰ প্ৰথম পর্যায়ত তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ, বাক্সা আৰু বজালীলৈ যাবলগীয়া ১৫ খন এই ভ্ৰাম্যমাণ বাহনৰ যাত্ৰাৰ ফ্লেগ অফ কৰি মুখ্যমন্ত্ৰীয়ে এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত ক'ভিড টীকাকৰণ অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত অশেষ কষ্ট স্বীকাৰ কৰা ANM নাৰ্চ, অন্যান্য টীকাকৰণ কর্মীসকলকে ধৰি স্বাস্থ্য বিভাগৰ প্ৰতিগৰাকী বিষয়া-কর্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰে ৷ ৰাজ্যখনত এই পর্যন্ত ১.৯১ কোটি লোকক টীকাকৰণৰ জৰিয়তে সামৰি লোৱাৰ লগতে ইয়াৰে ১.৫ কোটি লোকে প্ৰথম পালি ভেকচিন লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য লোকেই যাতে কমেও ক'ভিডৰ প্ৰথম পালি ভেকচিন লাভ কৰিব পাৰে, তাৰ বাবে টীকাকৰণ অভিযান অধিক তীব্ৰতৰ কৰি তুলিবৰ বাবে তেওঁ স্বাস্থ্য বিভাগৰ বিষয়-ববীয়াসকলক নিৰ্দেশ দিয়ে ৷

অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অভিযান সঞ্চালক ডাঃ লক্ষ্মণন এছ, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক'ভিড টীকাকৰণৰ ৰাজ্যিক নডেল বিষয়া মুনীন্দ্ৰ নাথ নাটেকে ধৰি স্বাস্থ্য বিভাগৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত আছিল ৷

লগতে চাওক: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.