ETV Bharat / state

ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

হোজাইত আক্ৰমণৰ বলি হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন । শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় । ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে ।

Dr Senapati
ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা
author img

By

Published : Jun 5, 2021, 12:17 PM IST

গুৱাহাটী,৫ জুন: হোজাই জিলাৰ উদালীত কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত(GMCH) সাক্ষাৎ কৰি শনিবাৰে স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ডাঃ সেনাপতিৰ মাতৃ আৰু পৰিয়ালবৰ্গৰ সৈতেও বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Dr Senapati
ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা

সুস্থ হৈ কৰ্তব্যত যোগদান কৰাৰ পিছত ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে । ক'ভিডৰ জটিল পৰিস্থিতিৰ মাজতো নিষ্ঠাৰে সেৱা আগবঢ়োৱা চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ সৈতে চৰকাৰ সদায় আছে আৰু থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে, চিকিৎসকক আক্ৰমণ কৰা কোনো দোষী সাৰি যাব নোৱাৰে আৰু দোষীয়ে কঠোৰ শাস্তি পাবই বুলিও মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়তাৰে ঘোষণা কৰে ।

লগতে পঢ়ক: কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.