ETV Bharat / state

Assam CM in Delhi: দিল্লীত কেইবাজনো কেন্দ্ৰীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Jul 25, 2023, 5:09 PM IST

তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰক । সোমবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গডকাৰি আৰু ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীক । অসমৰ বিভিন্ন বিষয়ক লৈ বিশদ আলোচনা ।

Etv Bharat
Etv Bharat

গুৱাহাটী, ২৫ জুলাই: দিল্লীত বাহৰ পতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কেন্দ্ৰীয় জাহাজ আৰু বন্দৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰক সাক্ষাৎ কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পশ্চিম বংগৰ ঠাকুৰবাৰী সম্প্ৰদায়ৰ সৈতে জড়িত এক কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে মতুৱা জনগোষ্ঠীৰ কল্যাণৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰে ।

লক্ষণীয় বিষয় যে শনিবাৰে নিশা হঠাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিদিনীয়া কাৰ্যসূচী লৈ দিল্লীত উপস্থিত হয় । অৱশ্যে মুখ্যমন্ত্ৰীৰ এই দিল্লী যাত্ৰাৰ সন্দৰ্ভত কোনো তথ্য চৰকাৰীভাৱে সদৰী কৰা নাই । জানিব পৰা মতে মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তথা বিজেপিৰ শীর্ষ নেতৃত্বৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় । সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে বছৰৰ পাছত বছৰ নিৰ্মাণকার্য চলি থকাৰ পাচতো আজিলৈকে সম্পূর্ণ নোহোৱা ফৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে আহ্বান জনায় ।

  • Meeting Hon’ble Union Minister Shri @nitin_gadkari ji is always enriching, so much to learn.

    I sought his assistance in expediting the key infra projects in Assam

    ✅ Underwater tunnel between Gohpur and Numaligarh
    ✅Guwahati Ring Road
    ✅Kaziranga Elevated Corridor
    ✅4 Laning… pic.twitter.com/HlvHScQtsd

    — Himanta Biswa Sarma (@himantabiswa) July 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত এলিভেটেড ক'ৰিডৰ নিৰ্মাণৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুৰে নুমলীগড় আৰু গহপুৰক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথৰ কামো শীঘ্ৰে আৰম্ভ কৰাৰ বাবে অনুৰোধ জনায় । মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উজনিৰ ফ’ৰলেন পথ নিৰ্মাণৰ কাম শামুকীয়া গতিত চলি থকাৰ কথা অৱগত কৰি জনাই যে পথ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকাৰ ফলত বৰষুণৰ বতৰত উজনিত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

সেয়েহে ৰাইজৰ স্বাৰ্থত ফ’ৰলেন পথ নিৰ্মাণৰ কাম সোনকালে সমাপ্ত কৰাত গুৰুত্ব দি মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত নিৰ্মাণ কৰিবলগীয়া এলিভেটেড ক'ৰিডৰৰ কামো চলিত বৰ্ষতে আৰম্ভ কৰাৰ বাবে আহ্বান জনায় । সেইদৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে নুমলীগড় আৰু গহপুৰক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া সুৰংগ পথৰ বাবে ডি পি আৰ প্ৰস্তুত কৰা বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে ডি পি আৰ প্ৰস্তুত হোৱাৰ লগে লগেই কাম কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰাৰ বাবে অসম চৰকাৰ সাজু হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীজনে অসমক সকলো ধৰণেৰে সহায় কৰা হ'ব বুলি মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰে । ইফালে সোমবাৰেই মুখ্যমন্ত্ৰীয়ে ড'নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰে । এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমত ড'নাৰ মন্ত্ৰালয়ে ৰূপায়ন কৰি থকা বিভিন্ন প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে ।

  • Delighted to have had a productive meeting with the Hon'ble Union Minister Shri @kishanreddybjp ji.

    Commended him on his additional responsibilities in Telangana and together, we reviewed the impressive progress of critical schemes under @MDoNER_India in Assam, including… pic.twitter.com/ZhrSjvgEy8

বিশেষকৈ পি এম ডিভাইন আৰু উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিখনৰ অধীনত অসমত ৰূপায়িত হৈ থকা প্ৰকল্পসমূহৰ সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয় । মন কৰিবলগীয়া কথা যে অসমত ড'নাৰ মন্ত্ৰালয়ৰ অধীনত চলি থকা বহুকেইটা প্ৰকল্পৰ কাম আধৰুৱা হৈ আছে । বহু প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধনৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ আজিলৈকে অসম চৰকাৰে দাখিল কৰিব পৰা নাই ।

এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে অসম চৰকাৰলৈ পত্ৰও প্ৰেৰণ কৰিছিল । এনে পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰীয়ে ড'নাৰ মন্ত্ৰীক সাক্ষাৎ কৰি বহুকেইটা বিষয় উত্থাপন কৰে । দিল্লী ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

লগতে পঢ়ক: assam per capita income: অসমৰ জনমূৰি আয়ৰ শোচনীয় অৱস্থা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.