গুৱাহাটী, 5 জানুৱাৰী : টুইন টাৱাৰ নহয় । সৰ্বানন্দ সোণোৱালৰ টুইন টাৱাৰৰ সপোন এতিয়া সপোন হৈয়েই ৰ’ল ৷ টুইন টাৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সাংবাদিকসকলক কয়- ‘‘এতিয়া আৰু টুইন টাৱাৰৰ সপোন দেখি লাভ নাই ৷ অসম চৰকাৰৰ হাতত ৬৪ মহলীয়া টুইন টাৱাৰ বনাব পৰা প্ৰযুক্তি নাই । বেতকুছিৰ সঞ্চালকালয় ভৱনটো হ'ব টুইন টাৱাৰৰ দৰেই ৷ সৰ্বানন্দ সোণোৱালৰ টুইন টাৱাৰৰ সপোন ইয়াৰ জৰিয়তে মই পূৰণ কৰি দিছোঁ"(Assam CM on twin tower Guwahati)৷
উল্লেখ্য যে, চূড়ান্ত প্ৰহসনত পৰিণত হৈ পৰিছিল ৰাজ্য চৰকাৰৰ সপোনৰ প্ৰকল্প টুইন টাৱাৰ ট্ৰেড চেণ্টাৰ ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগ সন্মিলনৰ সময়ত সৰ্বাধিক চৰ্চিত হোৱা এই আইক'নিক প্ৰকল্পৰ কাম-কাজ বর্তমানলৈ আৰম্ভই কৰিব নোৱাৰিলে চৰকাৰে ৷
নেচনেল বিল্ডিং কনষ্ট্ৰাকচন কোম্পানীৰ (এন বি চি চি) সৈতে টুইন টাৱাৰ নির্মাণৰ বাবে চুক্তি সম্পন্ন কৰাৰ ৪ বছৰ উকলি গ’ল যদিও প্ৰকল্পস্থলীত নপৰিল এচপৰাও মাটি ৷ সময়ে সময়ে সংবাদ মাধ্যমৰ আগত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আশ্বাসৰ বাহিৰে সম্প্ৰতি টুইন টাৱাৰৰ নামত এটা ফাইলো আগনাবাঢ়িল (Twin Tower Trade Centre)৷ ৬০ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল ৷
এই ব্যয়বহুল ২,০০০ কোটি টকীয়া প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া বিনিয়োগৰ চর্তই কার্যতঃ আকর্ষণ কৰিব নোৱাৰিলে বিনিয়োগকাৰীসকলক ৷ যাৰ পৰিপ্ৰেক্ষিতত এই প্ৰকল্পৰ দায়িত্বৰ পৰা আঁতৰি গৈছিল এন বি চি চিও ৷ উপায়হীন হৈ পুনৰ ৰাজ্য চৰকাৰৰ অসম ঔদ্যোগিক উন্নয়ণ নিগম (Assam Industrial Development Corporation) লিমিটেডে এই টুইন টাৱাৰৰ বাবে আহ্বান কৰিবলগীয়া হৈছিল ৰিকুৱেষ্ট ফৰ প্ৰপ’জেল (আৰ এফ পি)৷
এনে জটিলতাই প্ৰস্তাৱিত ৬৫ মহলীয়া টুইন টাৱাৰ ট্ৰেড চেণ্টাৰ প্ৰকল্পটোকে পুনৰ অনিশ্চয়তালৈ ঠেলি দিছিল ৷ উল্লেখ্য যে ২০১৮ বর্ষৰ ২ ফেব্ৰুৱাৰীত এন বি চি চিৰ সৈতে ৰাজ্য চৰকাৰে সম্পন্ন কৰিছিল বুজাবুজিৰ চুক্তি ৷ এই চুক্তিৰ সময়ত প্ৰকল্পটো ৬০ মাহতে সম্পূর্ণ কৰাৰ সময় ধার্য কৰা হৈছিল৷ সেই বছৰৰে জুলাই মাহত টুইন টাৱাৰৰ কাম-কাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷
গ্ৰীণ টেকন’লজী ব্যৱহাৰ কৰি নির্মাণ কৰিবলগীয়া এই টুইন টাৱাৰত ৰাজ্যৰ ঐতিহ্য প্ৰতিফলিত হোৱাকৈ ডিজাইন কৰাৰ চিন্তা-চর্চা কৰিছিল চৰকাৰে ৷ তেতিয়াই এই বিলাসবহুল প্ৰকল্পটোৰ বাবে ধার্য কৰা হৈছিল ২,০০০ কোটি টকাৰ বাজেট ৷ সেই চুক্তি অনুসৰি এই প্ৰকল্পটো নির্মাণৰ বাবে নিবিদা আহ্বানৰ দায়িত্বত আছিল এন বি চি চি (NBCC Twin Tower Trade Centre)৷
এই টুইন টাৱাৰ ট্ৰেড চেণ্টাৰৰ ডিজাইন, ইঞ্জিনীয়াৰিং, সামগ্ৰী ক্ৰয় আৰু নির্মাণৰ লগতে পৰিচালনা আৰু মেৰামতিৰ সমগ্ৰ দায়িত্ব এই নিবিদাৰ জৰিয়তে আহ্বান কৰিব লাগিছিল এন বি চি চিয়ে৷ সেই অনুসৰি এইক্ষেত্ৰত প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণো কৰিছিল এন বি চি চিয়ে ৷
গুৱাহাটীৰ বশিষ্ঠত নির্মাণ কৰিবলগীয়া এই অভিলাষী প্ৰকল্পৰ বাবে ২০১৯ চনৰ ৭ জানুৱাৰীত নিবিদা প্ৰক্ৰিয়াৰ আহ্বান জনায় সংস্থাটোৱে৷ এন বি চি চিয়ে আহ্বান কৰা এই নিবিদা দাখিলৰ অন্তিম দিন আছিল ২০১৯ বর্ষৰ ১৯ ফেব্ৰুৱাৰী ৷ সেই সময়ত এই প্ৰকল্পৰ ব্যয় তেওঁলোকে নির্ধাৰণ কৰিছিল ১৭ কোটি ৫৩ লাখ টকা৷ নিবিদাৰ মাচুল আছিল ৩ লাখ ৫৪ হাজাৰ টকা ৷
কিন্তু দুর্ভাগ্যজনকভাৱে এই সময়চোৱাত গুৱাহাটীত টুইন টাৱাৰ নির্মাণৰ বাবে কোনো সংস্থা আগবাঢ়ি নাহিল ৷ এই অভিলাষী প্ৰকল্পত বিভিন্ন দেশৰ উচ্চায়ুক্তৰ কার্যালয়, বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ কার্যালয়, হোটেল, বাণিজ্যিক চেণ্টাৰ আদি স্থাপনৰ পৰিকল্পনা কৰা হৈছিল ৷ বিশেষকৈ দক্ষিণ এছিয়াৰ দেশসমূহৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই বৃহৎ প্ৰকল্প ৰূপায়ণৰ কথা ৰাজ্য চৰকাৰে চিন্তা-চর্চা কৰিছিল ৷
ইয়াৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ বাণিজ্য কেন্দ্ৰ হিচাবে গুৱাহাটী তথা অসম প্ৰতিষ্ঠিত হ’ব বুলিও বাৰম্বাৰ দাবী কৰিছিল তদানীন্তন উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ এই প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বশিষ্ঠত ৩২ বিঘা ভূমিৰ আৱণ্টন দিব বুলিও ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ আনকি ২০১৮ চনৰ ১৮ জুলাইত এই টুইন টাৱাৰ প্ৰকল্প নির্মাণৰ বাবে ভূমিপূজন অনুষ্ঠানো অনুষ্ঠিত হৈছিল ৷
লগতে পঢ়ক: Bhumi Pujan in Guwahati: মহানগৰীত 1777 কোটি টকাৰে কেবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভণি