ETV Bharat / state

CM Himanta Biswa Sarma Flies to Delhi : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক দিল্লী ভ্ৰমণ

author img

By

Published : Mar 9, 2022, 1:32 PM IST

কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী লৈ দিল্লীলৈ ৰাওনা হোৱা নাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । বিপৰীতে ৰাজনৈতিক কাৰণত বুধবাৰে আকস্মিকভাৱে নতুন দিল্লীলৈ ৰাওনা হৈছে (CM Himanta Biswa Sarma Flies to Delhi) ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ৷

CM Himanta Biswa Sarma visits Delhi
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক দিল্লী ভ্ৰমণ

গুৱাহাটী, ৯ মাৰ্চ: বুধবাৰে পুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আকস্মিকভাৱে ৰাওনা হৈছে ৰাজধানী দিল্লীলৈ (CM Himanta Biswa Sarma Flies to Delhi) । তেওঁৰ আজিৰ এই আকস্মিক দিল্লী যাত্ৰা সম্পূৰ্ণ ৰাজনৈতিক বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সুত্ৰই প্ৰকাশ কৰা মতে, কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী লৈ আজি দিল্লীলৈ ৰাওনা হোৱা নাই মুখ্যমন্ত্ৰী ডঃ শৰ্মা ।

এদিনীয়া ভ্ৰমণসূচী লৈ আজি পুৱাই চাৰ্টাৰ্ড বিমানেৰে দিল্লীলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰী বৃহস্পতিবাৰে পুনৰ উভতি অহাৰ কথা ।

স্মৰ্তব্য যে, ইতিমধ্যে মণিপুৰৰ বিধানসভা নিৰ্বাচন, মাজুলীৰ উপ-নিৰ্বাচন, ৰাজ্যৰ পৌৰ নিৰ্বাচন সকলোখিনি সুকলমে শেষ হৈছে । পাৰ হৈ যোৱা আটাইকেইটা নিৰ্বাচনতে মুখ্যমন্ত্ৰী তথা "নেডা" ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ ।

লগতে চাওক: Municipal Election 2022 : বিজেপিৰ দখলত কৰিমগঞ্জ পৌৰসভা

এতিয়া বাকী আছে সমূখত ৰাজ্যসভা নিৰ্বাচন । ৰাজ্যসভাত খালী হ’বলগীয়া অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন । যদিওবা সংখ্যাৰ ফালৰ পৰা বিজেপিয়ে ইয়াৰে এখন আসন লাভ কৰাটো নিশ্চিত কিন্তু মুখ্যমন্ত্ৰী সমন্বিতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই দাবী কৰি আহিছে যে, দুয়োখন আসনেই শাসক পক্ষৰ হাতত থাকিব ।

মন কৰিবলগীয়া যে, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মণিপুৰৰ নিৰ্বাচন (Manipur Assembly Election 2022) আৰু মাজুলীৰ উপ নিৰ্বাচন (Majuli By Election 2022) ৰ বাবে ড৹ শৰ্মাক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছিল ৷ ঠিক একেদৰে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবেও প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত তেওঁক বিশেষ দায়িত্ব ন্যস্ত কৰা হৈছে ।

এই এদিনীয়া ভ্ৰমণসূচীত মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি মণিপুৰ আৰু মাজুলীৰ নিৰ্বাচনৰ বিষয়ে অৱগত কৰাৰ লগতে ৰাজ্যসভাৰ প্ৰাৰ্থী সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, খালী হ’বলগীয়া এই দুখন আসনৰ ভিতৰত এখন বিজেপিয়ে নিজে ৰাখি আনখন মিত্ৰদল ইউপিপিএলক এৰি দিয়াৰ সম্ভাৱনা আছে ।

লগতে চাওক: Assam Municipal Election 2022 : মিত্ৰজোঁটৰ দখলত টীয়ক পৌৰসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.