গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে ৰাজ্যখনৰ ১৪ খন হাস্পতালত স্থাপন কৰা ১৪ টা অক্সিজেন জেনেৰেটৰ জনসাধাৰণৰ সেৱাত আনুষ্ঠানিকভাৱে মুকলি কৰে । উল্লেখ্য যে, ৰাজ্যখনে পি এম কেয়ার্চ ফাণ্ডৰ পৰা ৪০ টা অক্সিজেন জেনেৰেটৰ দান হিচাপে লাভ কৰিছে । ইয়াৰে প্ৰতিদিনে ১৫.৭১ মেট্ৰিকটন উৎপাদনৰ সামর্থতা থকা ১৪ টা অক্সিজেন জেনেৰেটৰ আনুষ্ঠানিকভাৱে জনসাধাণৰ সেৱাৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

প্ৰতিদিনে ৪৭.৬৯ মেট্ৰিকটন অক্সিজেন উৎপাদনৰ সামর্থতা থকা আন ২৬ টা জেনেৰেটৰ শীঘ্ৰেই মুকলি কৰা হ'ব । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ দিনাই ১৪ টা পি এছ এ অক্সিজেন জেনেৰেটৰ জনসাধাৰণলৈ উৎসৰ্গিত কৰিবলৈ পাই যথেষ্ট সুখ অনুভৱ কৰিছো । এই জেনেৰেটৰ প্লেন সমূহে ৰাজ্যখনৰ স্বাস্থ্য সেৱা খণ্ডৰ সামর্থতা বৃদ্ধিৰ দিশত বিশেষভাৱে অৰিহণা যোগাব আৰু ৰোগীসকলৰ জটিল সময়ৰ চিকিৎসাত বিশেষভাৱে সকাহ প্ৰদান কৰিব ।

লগতে পঢ়ক: যোৰহাটৰ NRL তেল ডিপোত গুলী চালনা কৰি ডকাইতি
এই অক্সিজেন জেনেৰেটৰ সমূহ ৰাজ্যখনলৈ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইয়াৰ দ্বাৰা ৰাজ্যখনক অক্সিজেন উৎপাদনৰ দিশত স্বাৱলম্বী কৰি তোলাৰ উপৰি জটিল সময়ত চুবুৰীয়া ৰাজ্যসমূহলৈ মেডিকেল অক্সিজেন যোগান ধৰাৰ দিশটো বিশেষভাৱে সহায়ক হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, এই অক্সিজেন জেনেৰেটৰৰ উপৰি ৰাজ্য চৰকাৰেও ইয়াৰ অক্সিজেন সঞ্চয়ৰ সামর্থতা ৩৪২ মেট্ৰেকটনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: সকলাে জিলাতে টেট পৰীক্ষা কেন্দ্র স্থাপনৰ দাবী বিৰোধী দলপতিৰ
আনহাতে, ক'ভিড টিকাকৰণৰ দিশতো অসমে ভাল ফলাফল প্ৰদর্শন কৰিবলৈ সক্ষম হৈছে । এতিয়ালৈকে ৰাজ্যখনৰ যোগ্য ৭৫ শতাংশ জনসাধাৰণে ক'ভিডৰ টীকা লাভ কৰিছে । ইয়াৰে ২০ শতাংশই ক'ভিডৰ দ্বিতীয় পালি টিকাও লাভ কৰিবলৈ সক্ষম হৈছে । ৰাজ্যখনৰ স্বাস্থ্য আন্তগাঁথনি উন্নীতকৰণ তথা মানৱ সম্পদৰ প্ৰশিক্ষণেৰে বাকী থকা জনসাধাৰণকো টিকাকৰণৰ আওঁতালৈ অতি সানকালে আনিবলৈ সক্ষম হোৱাৰ কথা তেওঁ দোহাৰে ।
অনুষ্ঠানত স্বাস্থ্য শিক্ষাৰ সঞ্চালক ডাঃ অনুপ বর্মন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, লোক নির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তী লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে ।
লগতে পঢ়ক: কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !