ETV Bharat / state

ভূমি সম্পর্কীয় অবৈধ কার্যকলাপ : কঠোৰ ব্যৱস্থা লোৱাৰ সকীয়নি মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 9:55 PM IST

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ৰেকৰ্ড কক্ষত ভূমি সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ ভূমি সম্পর্কীয় অবৈধ কার্যকলাপ ৰোধ কৰিব নোৱৰা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ সকীয়নি ৷

CM Himanta Biswa Sarma Visit DC Offic
মুখ্যমন্ত্ৰীৰ সকিয়নী
ভূমি সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 6 ডিচেম্বৰ : দিছপুৰ ৰাজহ চক্ৰ কার্যালয়ত শেহতীয়াকৈ উন্মোচিত হোৱা ভূমিৰ নথি-পত্ৰ সম্পৰ্কীয় কেলেংকাৰী, ভূমি বিক্ৰীনামা, ভূমিৰ নামজাৰি আৰু আনুষংগিক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ভূমি সম্পৰ্কীয় নথি-পত্ৰৰ ৰেকৰ্ড কক্ষ পৰিদৰ্শন কৰে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক বৈঠক ৷ এই বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব সমীৰ কুমাৰ সিনহা, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, নৱনিযুক্ত জিলা আয়ুক্ত সুমিত সত্তবান, বিদায়ী জিলা আয়ুক্ত পল্লব গোপাল ঝা প্ৰমুখ্যে জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিতিত থাকে ৷

এই বৈঠকত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলক নিজ নিজ কার্যালয়ত দালাল আৰু অসাধু চক্ৰই গোপনে চলাই থকা ভূমি সম্পর্কীয় সকলো কেলেংকাৰী তৎকালীনভাৱে নিঃশেষ কৰাৰ নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে ৷ নিৰ্দেশ অমান্য কৰা সংশ্লিষ্ট বিষয়াসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও বৈঠকত মুখ্যমন্ত্ৰীয়ে সকীয়নি দিয়ে ৷

মুখ্যমন্ত্ৰী ড৹ শর্মাই কয় যে কিছু সংখ্যক অসাধু চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সৈতে ভিতৰুৱা বুজাবুজিৰে মাটিৰ দালাল চক্ৰই প্ৰকৃতগৰাকীৰ পৰা বলপূৰ্বকভাবে ভূমি বেদখল কৰি চৰকাৰখনৰ ভাবমূৰ্তি ম্লান কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে লগতে এই সম্পর্ক বিচ্ছিন্ন কৰাৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে ৷

পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী ড৹ শর্মাই জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা সাধাৰণ জনতাৰ সৈতেও মত-বিনিময় কৰাৰ লগতে তেওঁলোকে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহাৰ কাৰণ সম্পৰ্কে জানিব বিচাৰে ৷ জনসাধাৰণৰ বিভিন্ন অনুমোদন, প্ৰমাণ পত্ৰ আদিৰ বাবে কৰা আবেদনসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈয়ো মুখ্যমন্ত্ৰী ড৹ শর্মাই জিলা আয়ুক্তক নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : গুৱাহাটীৰ বাহিৰৰ ভূমিৰ নথিৰ জালিয়াতিৰ বাবেও গঠন হ’ব বিশেষ তদন্তকাৰী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.