ETV Bharat / state

সহযোগিতা আৰু যোগাযোগ ব্যৱস্থা অর্থনৈতিক সমৃদ্ধিৰ মূল চাবি-কাঠি : মুখ্যমন্ত্রী - এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ

দেওবাৰে ‘এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ ২০২২’ (নদী-৩)ৰ(Asian Confluence River Conclave 2022) সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নদী-৩ ঘোষণাই আঞ্চলিক সহযোগিতা আৰু অৰ্থনৈতিক উত্তৰণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰ বিকাশ সাধন কৰাৰ উপৰিও সম্পদৰ সম্ভাৱনীয়তাক কাৰ্যকৰী কৰাৰ দিশতো এক গতিশীল পথ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

Asian Confluence River Conclave 2022
‘এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ ২০২২
author img

By

Published : May 29, 2022, 10:29 PM IST

গুৱাহাটী, ২৯ মে’: নদী-৩ ঘোষণাই আঞ্চলিক সহযোগিতা আৰু অৰ্থনৈতিক উত্তৰণৰ দিশত এক নতুন অধ্যায়ৰ সূচনা কৰিব । এই সন্মিলনে উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰ বিকাশ সাধন কৰাৰ লগতে সম্পদৰ সম্ভাৱনীয়তাক কাৰ্যকৰী কৰাৰ দিশতো এক গতিশীল পথ মুকলি কৰিব । সন্মিলনত যিবোৰ বিষয় আলোচনা কৰা হ’ল তাক বাস্তৱায়িত কৰাৰ দিশত উমৈহতীয়া এক প্ৰয়াস চলালে অদূৰ ভৱিষ্যতে যোগাযোগকে ধৰি সকলো দিশতে বিকাশৰ এক সাৰ্বিক প্ৰক্ৰিয়া আৰম্ভ হ'ব ।

দেওবাৰে ‘এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ ২০২২’ (নদী-৩)ৰ(Asian Confluence River Conclave 2022) সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে এই সন্মিলনে আঞ্চলিক সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ই এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বি বি আই এন, আছিয়ান আৰু বিমষ্টেক অঞ্চলত এই সহযোগিতাই সম্ভাব্য খণ্ডসমূহক অধিক গতিশীল কৰি তুলিব ।

এই সন্মিলনত আলোচিত বিষয়সমূহে সংহত অর্থনীতি এটা গঢ়ি তোলাৰ দিশতো সহায়ক হৈ উঠিব । ভূ-ৰাজনৈতিক পৰিস্থিতি, দূৰদৰ্শিতা আৰু পৰিৱেশগতভাৱে প্ৰাকৃতিক সম্পদ ৰাজিৰ উপযুক্ত ব্যৱহাৰৰ সৈতে সহযোগিতা আৰু যোগাযোগ ব্যৱস্থা এই অঞ্চলটোৰ অৰ্থনৈতিক সমৃদ্ধিৰ মূল চাবি-কাঠি বুলি তেওঁ কয় । এই সন্মিলনত যোগাযোগ, সংৰক্ষণ, বাণিজ্য, সংস্কৃতি আৰু সামৰ্থ বিকাশৰ দিশত হোৱা আলোচনাই পাৰস্পৰিক বুজাবুজি আৰু অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ বিন্দু হৈ পৰিব ।

নদী আমাৰ জীৱন আৰু এই নদীৰ পাৰতে মানৱ সভ্যতা বিকশি উঠিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সভ্যতাক অধিক সৱলীকৰণ কৰাৰ বাবে বাণিজ্যিক দিশটোৰ সূচনা হৈছিল আৰু সামগ্ৰী তথা সেৱাৰ আদান প্ৰদানৰ পথ মুকলি কৰিছিল । সেই বাবে নদী যোগাযোগ ব্যৱস্থাটো অধিক শক্তিশালীকৰণৰ প্ৰয়োজনীয়তা আছে । তেওঁ কয় যে দলং, পথ, জলপথ আৰু আকাশী পথৰ উন্নয়ন সাধনৰ প্ৰয়োজনীয়তা আছে ।

আমাৰ অৰ্থনীতিত বাঁহে গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱাৰ যথেষ্ট সমল আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ৪২ প্ৰজাতিৰ বাঁহ পোৱা যায় (Species of bamboo in Assam)। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজেদি এছিয়ান দেশসমূহৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালীকৰণ ওপৰত এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ কথা উল্লেখ কৰাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অসমৰ অৰ্থনীতিক বিকাশৰ সম্ভাৱনাসমূহৰ উপযুক্ত প্ৰয়োগ সাধন কৰিব পাৰিলে ৰাজ্যখনে অর্থনৈতিক দিশত অধিক আগুৱাই যাব পাৰিব ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এছিয়াৰ নদী ক্ৰুজ হাব(River cruises in Assam) হিচাপে অসমক গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে । বন্দৰ, জলপথ আৰু জাহাজ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত এক উৎসাহজনক স্থিতিৰে কাম কৰি আছে বুলিও তেওঁ কয় । বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশখনে সোণালী জয়ন্তী বর্ষ উদযাপনৰ সময়ত ভাৰতৰ সৈতে সম্পৰ্ক অধিক গাঢ় কৰাৰ বাবে প্ৰয়াস চলাইছে । উপগ্ৰহ ভিত্তিক ছৱি প্ৰক্ৰিয়াকৰণ আৰু নদী যোগাযোগৰ মাধ্যমেৰে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰটো বাংলাদেশ চৰকাৰে সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিশ্ব বেংকৰ প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনে বন্দৰ আৰু জাহাজসমূহ আধুনিকীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । আধুনিক জেটি আৰু অত্যাধুনিক নদীৰ পাৰত বন্দৰ টাৰ্মিনেলৰ লেখীয়া পদক্ষেপসমূহে যোগাযোগ ব্যৱস্থাটো আৰু অধিক গতিশীল কৰি তুলিব । শেহতীয়াভাৱে বাংলাদেশৰ সৈতে হোৱা চুক্তিৰ ফলত আমাৰ জাহাজসমূহ বাংলাদেশৰ নদীৰ পাৰ আৰু সামুদ্ৰিক বন্দৰসমূহ ব্যৱহাৰৰ বাবে অনুমতি দিয়াৰ ফলত এই প্ৰচেষ্টা অধিক ত্বৰান্বিত হৈ পৰিছে ।

ৰাজ্য চৰকাৰে বিনিয়োগকাৰীসকলে যাতে ৰাজ্যখনত বিনিয়োগ কৰিব পাৰে তাৰ বাবেও সৰলীকৃত ব্যৱস্থা এটি গঢ়ি তুলিছে । ৰাজ্য চৰকাৰে দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মঙলদৈত নির্মীয়মান দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ দিশত ছিংগাপুৰৰ পৰা পোৱা সহযোগিতাৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে পর্যটন খণ্ডত সহযোগিতাৰ যথেষ্ট থল আছে । ইয়াক বিকশাই তোলাৰ বাবেও কাম কৰিব লাগিব ।

‘এক্ট ইষ্ট' নীতিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি যেতিয়া আঞ্চলিক সহযোগিতাৰ অৰ্থনীতিৰ সৈতে একত্ৰিত হ'ব তেতিয়া এই অঞ্চলটোৱে অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হ'ব । মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ দিহা-পৰামৰ্শৰে ক’ভিড-১৯ সৃষ্ট অর্থনৈতিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সক্ষম হৈছো । ক’ভিডৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ অৰ্থনীতিয়ে পুনৰ ঠন ধৰি উঠিছে আৰু বিভিন্ন খণ্ডত পৰিৱৰ্তনৰ প্ৰৱাহ আহিছে বুলিও তেওঁ কয় ।

শেহতীয়াভাৱে আইআইটি গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৱ গৱেষণা সন্মিলন ২০২২ ৰ(North-East Research Conclave 2022) কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ইয়াৰ ঘোষণা পত্ৰখনৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিকাশ সাধন আৰু সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহৰ গৱেষণা তথা উদ্ভাৱনত উদগনি যোগোৱা, ষ্টাৰ্ট আপ ইক’চিষ্টেম আৰু ঔদ্যোগিকৰণৰ দিশত এক ইতিবাচক দিশ মুকলি কৰিছে । ইয়েই উত্তৰ-পূবত বহু অংশীদাৰী মঞ্চ হিচাপে অঞ্চলটোৰ সম্ভাৱনাসমূহক বিকশাই তোলাৰ দিশত নতুন প্ৰত্যাশা মুকলি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।

এই অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণ উপস্থিত থাকি কয় যে, ব্ৰহ্মপুত্ৰ আৰু গংগা নদীয়ে বাংলাদেশ তথা দক্ষিণ-পূব এছিয়াৰ লগত যোগাযোগ উন্নত কৰাত উত্তম পথ ৰূপে বিবেচিত হৈছে । ভাৰত বাংলাদেশৰ মাজত নদী সংযোগ উন্নত কৰা হৈছে । বিশ্বনাথ ঘাট, যোগীঘোপা, পাণ্ডু, নিমাটিঘাটৰ জৰিয়তে পৰ্যটন আৰু বাণিজ্য বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জৰিয়তে । ব্ৰহ্মপুত্ৰ আৰু গংগাৰ মাজত যোগাযোগ উন্নত কৰাৰ বাবে কাম চলি আছে বুলি মন্তব্য কৰে ।

অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে এছিয়ান কনফ্লুয়েঞ্চৰ অধ্যক্ষ এম পি বেজবৰুৱা, কাৰ্যবাহী সঞ্চালক সব্যসাচী দত্তয়ো ভাষণ প্ৰদান কৰে । ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু এই সন্মিলনৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্ত, আয়োজক গোষ্ঠীৰ শৈক্ষিক আৰু পেচাদাৰী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: অসমত এতিয়া দুজন 'চীফ' আছে : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.