ETV Bharat / state

বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ - বিদ্যুৎ চুৰি ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ'

সোমবাৰে পল্টন বজাৰস্থিত বিজুলী ভৱনত উপস্থিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পাচতে বিদ্যুৎ চুৰি কৰাসকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সংগ দিয়ে বিদ্যুৎ মন্ত্ৰী বিমল বৰাই ।

cm himanta biswa sarma meet with officials of APDCL, APGCL, AEGCL
বিদ্যুৎ চুৰি ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ
author img

By

Published : Jun 14, 2021, 10:56 PM IST

গুৱাহাটী, ১৪ জুন: অসমৰ শক্তিখণ্ডক অধিক শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ বিভাগটোৰ মন্ত্ৰী বিমল বৰাই ঠায়ে ঠায়ে ছাডেন ভিজিট কৰাৰ লগতে বিভাগটোৰ তত্বৱধানত থকা অসম ৰাজ্যিক বিদ্যুৎ বিতৰক সংস্থাৰ শীৰ্ষ বিষয়া সকলকো ৰদ বদল কৰা পৰিলক্ষিত হৈছে ৷

সোমবাৰে প্ৰথমবাৰৰ বাবে মহানগৰীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত উপস্থিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পাচতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ তিনিওটা শক্তি কোম্পানীৰ হেৰাই যোৱা ৰাজহ পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা তথা অন্যান্য দিশত আলোচনাত মিলিত হয় ।

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ ৷ বিদ্যুৎ চুৰি কৰাসকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে এটা কোম্পানীয়ে দিয়া জিএছটি আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান সেয়া পৰীক্ষা কৰাৰ লগতে গুজৰাটৰ শক্তি বিতৰণৰ আৰ্হিক লৈ মংগলবাৰে এক ভিডিঅ' কনফাৰেন্স হোৱাৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য, সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সংগ দিয়ে বিদ্যুৎ মন্ত্ৰী বিমল বৰাই ।

লগতে পঢ়ক: ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত তলাতল ঘৰৰ ন-দুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.