ETV Bharat / state

Assam's govt under Himanta Biswa Sarma: পৰোক্ষভাৱে কৰ বৃদ্ধিৰে ৰাইজক ঢেঁটুচেপা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ !

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বছৰটোৰ বাজেট দাখিলৰ সময়ত বিত্তমন্ত্রী অজন্তা নেওগে ৰাইজক কৰৰ বোজা দিয়া নাছিল । অতিৰিক্ত কৰ আদায়ৰ কোনো প্রস্তাব নাই বুলি ঘোষণা কৰিছিল । কিন্তু বাজেট প্রস্তাৱৰ পাচত সময়ে সময়ে বিভিন্ন জাননীৰে চৰকাৰে ৰাইজৰ পৰা অতিৰিক্ত টকা সংগ্ৰহ কৰি আহিছে । চৰকাৰে প্ৰত্যক্ষভাৱে কৰৰ বোজা জাপি নিদি পৰোক্ষভাৱে অধিক ৰাজহ সংগ্ৰহ কৰিছে ।

Assam's govt under Himanta Biswa Sarma
পৰোক্ষভাৱে কৰ বৃদ্ধিৰে ৰাইজক ঢেঁটুচেপা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰৰ !
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 6:18 PM IST

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ১০ মে' ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিচতে ৰাইজৰ ওপৰত ঋণৰ বোজা বৃদ্ধি হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনে যেনেদৰে ৰাইজক ঋণৰ বোজা জাপি দিছে, ঠিক সেইদৰে ৰাইজৰ ওপৰত পৰোক্ষ কৰাৰ বোজাও জাপি দিছে । মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আকৌ ৫ হাজাৰ কোটি টকাৰ ঋণ লৈছে । আকৌ এই মাহৰ শেষৰফালে ৫ হাজাৰ‌ কোটি টকাৰ ঋণ ল'ব । এতিয়ালৈকে ৰাজ্য চৰকাৰে ১ লাখ ৪৯ হাজাৰ ২৫০ কোটি টকাৰ ঋণ লৈছে । এই ঋণৰ বাবদ বছৰি প্ৰায় ৯ হাজাৰ‌ কোটি টকাৰ সুত দিব লাগিব ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে বছৰটোৰ বাজেট দাখিলৰ সময়ত বিত্তমন্ত্রী অজন্তা নেওগে ৰাইজক কৰৰ বোজা দিয়া নাছিল । অতিৰিক্ত কৰ আদায়ৰ কোনো প্রস্তাব নাই বুলি ঘোষণা কৰিছিল । কিন্তু বাজেট প্রস্তাৱৰ পাচত সময়ে সময়ে বিভিন্ন জাননীৰে চৰকাৰে ৰাইজৰ পৰা অতিৰিক্ত টকা সংগ্ৰহ কৰি আহিছে । ২০২৩-২৪ বৰ্ষত ষ্টাম্প ডিউটী, পঞ্জীয়ন মাচুল আৰু মাটিৰ খাজনা মিলাই ১৫০৩ কোটি টকা ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল । কিন্তু চৰকাৰে অতি কৌশলেৰে চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষত মাটিৰ খাজনা, ষ্টাম্প ডিউটী আৰু পঞ্জীয়ন মাচুল সংগ্রহ প্রায় ২৫০০ কোটি টকালৈ বৃদ্ধি কৰিব বিচাৰিছে ।

উল্লেখ্য যে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে অসমৰ পৌৰ নিকায়ৰ প্ৰাপ্য পুঁজি মোকলাই দিয়া নাই । কোটি কোটি টকা কৰ্তন কৰিছে । ফলত নিকায়সমূহৰ উন্নয়নমূলক কামত প্রভাব পৰিছে । কেন্দ্ৰৰপৰা পুঁজি নোপোৱাত পৌৰসভা এলেকাত বাস কৰা নাগৰিকৰপৰা অধিক সম্পত্তি কৰ ল'বলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে, ২০২৩-২৪ চনৰ বাজেট প্রস্তাৱ গ্ৰহণৰ সময়ত কৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি চমক সৃষ্টি কৰা হৈছিল । কিন্তু সেয়া যোৱা ১০ মে'ত ৰাজহ বিভাগে (নং ই ২৩১২৯৬/২০২৩) এক জাননীযোগে মাটিৰ চৰকাৰী দাম কেইবা শতাংশ বৃদ্ধি কৰা হৈছে ।

মাটিৰ চৰকাৰী দাম কেইবাগুণো বঢ়োৱাৰ পৰিপ্ৰেক্ষিতত মাটি ক্রয়-বিক্রয়ৰ ষ্টাম্প ডিউটী, পঞ্জীয়ন মাচুল শতাংশ হিচাপত একে থাকিব যদিও দাম বৃদ্ধিৰ ফলত ৰাইজে এইবোৰ শিতানত অধিক ধন ভৰিবলৈ বাধ্য হৈছে । অর্থাৎ চৰকাৰে প্ৰত্যক্ষভাৱে কৰৰ বোজা জাপি নিদি পৰোক্ষভাৱে অধিক ৰাজহ সংগ্ৰহ কৰিছে । উল্লেখ্য যে চৰকাৰে অসমৰ গাঁও অঞ্চলৰ ৪৭টা এলেকাক চহৰৰ মৰ্যাদা দিব । লগে লগে তেনেবোৰ এলেকাত কৰ সংগ্ৰহ বাঢ়িব ।

ইফালে, মন কৰিবলগীয়া যে সম্প্রতি এখন মটৰ চাইকেল কিনিলে পাঁচ বছৰৰ বীমাৰ ধন আদায় দিব লাগে । উদাহৰণস্বৰূপে এক লাখ টকাৰ এখন মটৰ চাইকেল কিনিলে প্রায় ৭ হেজাৰ টকা বীমাৰ ধন আদায় দিব লাগে । কিন্তু বীমা প্রথম বছৰটোতহে 'প্রথম পক্ষ' বীমাৰ মৰ্যাদা গ্রাহকে লাভ কৰে । দ্বিতীয় বছৰত পুনৰ 'প্রথমপক্ষ'ৰ বীমা কৰাব লাগে । গাড়ীৰ পঞ্জীয়নৰ মাচুলো বঢ়োৱা হৈছে । চৰকাৰে পৰোক্ষভাৱে এনেদৰে বিভিন্ন শিতানত ৰাইজক টেটুচেপা দি আছে । উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৌৰসভা এলেকাৰ বাসিন্দাৰ সম্পত্তিৰ পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰিছে । তিনি মাহৰ পাচত পৌৰ নিকায় এলেকাৰ ৰাইজে সম্পত্তি কৰ অধিক দিবলৈ বাধ্য হ'ব ।

লগতে পঢ়ক: Toll gates in Assam: এবছৰত টোলগেটৰ যোগেদি অসমৰ পৰা সংগ্ৰহ ৪৬৬ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.