ETV Bharat / state

CM on Opposition Parties: বিজেপি বিৰোধী দলসমূহক হেপা আৰু শিয়ালৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ - CM compares opposition parties with wild animal

ৰাজ্যৰ বিৰোধী দলসমূহক শিয়াল আৰু হেপাৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই (CM Himanta Biswa on Opposition Parties) ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দুখন আসনত সফলতা লাভ কৰিব নোৱৰাৰ সন্দৰ্ভত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM Himanta Biswa on Opposition Parties
বিজেপি বিৰোধী দলসমূহক হেপা আৰু শিয়ালৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ
author img

By

Published : Apr 26, 2022, 10:36 PM IST

গুৱাহাটী , 26 এপ্ৰিল: ৰাজ্যৰ পৌৰ সভা, ৰাজ্যসভা আৰু শেহতীয়াভাৱে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে বৃহৎ সাফল্য লাভ কৰাৰ পিছত অতুৎসাহী হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (BJP victory in GMC election)। এইবাৰ বিজেপি বিৰোধী দলসমূহক এখোজ আগুৱাই গৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি বিৰোধী দলসমূহক শিয়াল আৰু হেপাৰ লগত তুলনা কৰে (CM compares opposition parties with wild animal) ।

CM on Opposition Parties: বিজেপি বিৰোধী দলসমূহক হেপা আৰু শিয়ালৰ লগত তুলনা মুখ্যমন্ত্ৰীৰ

মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ বিজয়ী ৱাৰ্ড কাউন্সিলৰৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ২ টা ৱাৰ্ডতহে বিৰোধী জয় হৈছে । বিৰোধী জয় হোৱা গাড়ীগাঁও আৰু সিজুবাৰী ৱাৰ্ড দুটাত বিজেপি আৰু বিজেপিৰ মিত্ৰ দল অগপৰ প্ৰাৰ্থী অতি কম ভোটৰ ব্যৱধানতহে পৰাজয় হৈছে ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, " ৰাজ্যত বিজেপি বিৰোধী ভোট আছে । এই‌ বিজেপি বিৰোধী ভোটবোৰ কেতিয়াবা কংগ্ৰেছ দলে খাব, কেতিয়াবা এ আই ইউ ডি এফ দলে খাব, আকৌ কেতিয়াবা অজাপ, ৰাইজৰ দল বা আন কোনো নতুন ৰাজনৈতিক দলে খাব । অৰ্থাৎ ৰাজ্যৰ বিজেপি বিৰোধী ভোটবোৰ কেতিয়াবা হেপাই খাব বা কেতিয়াবা শিয়ালে খাব । আমাৰ কথাটো হ'ল আগত সময়ত বিজেপিৰ ভোট কেনেদৰে বৃদ্ধি কৰিব পাৰো তাৰ চেষ্টা কৰিব লাগিব ।’’

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে স্বায়ত্তৰাজ্যৰ দাবীক লৈ সৰৱ ASDC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.