ETV Bharat / state

২২ জানুৱাৰীত অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰ আহ্বান‌ মুখ্যমন্ত্ৰীৰ - ayodhya ram mandir

CM Himanta Biswa Sarma: 22 জানুৱাৰীত অসমৰ ঘৰে ঘৰে বন্তি জ্বলোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জনোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ এই আহ্বান ৷

CM Himanta Biswa Sarma
২২ জানুৱাৰীত অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰ আহ্বান‌ মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 7:43 PM IST

২২ জানুৱাৰীত অসমৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলনৰ আহ্বান‌ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১০ জানুৱাৰী : ২২ জানুৱাৰীৰ অযোধ্যাৰ ৰাম মন্দিৰত কৰা হ’ব প্ৰাণ প্ৰতিষ্ঠা ৷ বিশেষ দিনটোত অসমৰ সকলোকে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

গুৱাহাটীত বুধবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যকতা সভাত উপস্থিত হৈ ড৹ শৰ্মাই কয় যে সেইদিনা অসমৰ সকলো ধৰ্মীয় উপাসনাস্থলীতেই স্বচ্ছ অভিযান চলোৱা হ'ব । তেওঁ কয় যে ২০২৪ বৰ্ষ বিজেপিৰ বাবে স্মৰণীয় । ৫০০ বছৰৰ গোলামীৰ পৰা শৃংখল ভাগি স্বাধীনতাৰ সোৱাদ আনি দিব ২২ জানুৱাৰীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত দেশৰ মানুহ চিৰদিন কৃতজ্ঞ হৈ ৰ'ব ৫০০ বছৰীয়া গোলামীৰ শৃংখল ভাঙি দিয়াৰ বাবে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এক লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলো । আজি মই গৌৰৱেৰে ক’ব পাৰো যে ৩ বছৰত আমি ৯০ হাজাৰ চাকৰি দিলো । নতুনকৈ আৰু ৪০ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হৈছে । মই বাহিৰলৈ গৈ এক লাখ লোকক প্ৰথম দুবছৰত চাকৰি দিয়া বুলি কওঁতে কোনোৱে বিশ্বাস কৰা নাছিল ।’’

আজি বহু মানুহে অসমক আকৌ এবাৰ আন্দোলনমুখী কৰি তুলিব বিচাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয়, ‘‘ ফেব্ৰুৱাৰী মাহত ৬ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ একেলগেই বিতৰণ কৰাৰ কাম আৰম্ভ হ'ব । মুখ্যমন্ত্ৰী আয়ুষ্মান আঁচনিৰো উন্মোচন কৰা হৈছে ৷ অহা ৩ বছৰত অসমৰ মহিলাসকলক ৫০,০০০ টকাকৈ দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে ।’’

তেওঁ কয় যে ২০২৩ ত ৬৩ হাজাৰ অপৰাধৰ গোচৰ ৰুজু হৈছে । ২০২২ চনত ১২৩২৪০ গোচৰ ৰুজু হৈছিল ৷ সম্প্ৰতি অপৰাধৰ সংখ্যা হ্ৰাস হৈছে ৰাজ্যত । অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ তালিকালৈ লৈ যাব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমতো Uniform Civil Code প্ৰযোজ্য কৰা হ'ব ৷

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে 22 জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা, কেবিনেটতো অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.