ETV Bharat / state

CM Himanta Biswa Sarma: কংগ্ৰেছৰ বাবে বাগানত বিজেপি শক্তিশালী হৈছে: মুখ্যমন্ত্ৰী - CM HBS Slams Congress MLA Aftabuddin Mollah

কংগ্ৰেছ যিমানেই ওলাব সিমানে বিজেপিৰ সিমানেই লাভ হ’ব ৷ আঢ়ৈখনতকৈ তেওঁলোকে বেছি আসন নাপায় ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

CM Himanta Biswa Sarma
কংগ্ৰেছৰ বাবে বাগনত বিজেপি শক্তিশালী হৈছে
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:05 PM IST

কংগ্ৰেছৰ বাবে বাগনত বিজেপি শক্তিশালী হৈছে

গুৱাহাটী, 7 নৱেম্বৰ : যোৱা আগষ্ট মাহত ‘‘বাগানে বাগানে কংগ্ৰেছ’’ কাৰ্যসূচীৰে বাগান এলেকাত কংগ্ৰেছ দলৰ হেৰুৱা জনপ্ৰিয়তা ঘূৰাই অনাত উঠি পৰি লাগিছিল প্ৰদেশ কংগ্ৰেছ ৷ অথবা ‘‘চাঙে চাঙে কংগ্ৰেছ’’ কাৰ্যসূচীৰ দ্বাৰা মিচিং সমাজত পুনৰ কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি পালে বুলি দাবী কৰিছিল কংগ্ৰেছৰ নেতৃত্বই ৷ কিন্তু কংগ্ৰেছৰ সেই দাবী ভুল আছিল ৷ এই কথাকে ইংগিত দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীয়ে বিজেপিক অধিক শক্তিশালী কৰা বুলি উল্লেখ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘কংগ্ৰেছ দল বাগানলৈ যোৱাৰ পিচত বাগান অঞ্চলত বিজেপিৰ ভাল হৈছে ৷ কাৰণ পূৰ্বতে যি সকল লোক আমাৰ দলত নাছিল তেওঁলোকেও আমাৰ দলত যোগদান কৰিবলৈ অপেক্ষাৰত ৷ কংগ্ৰেছে যিমানে ঘূৰিব সিমানে আমাৰ লাভ হ’ব ৷ কংগ্ৰেছ দলৰ বাগান যাত্ৰাই বাগান এলেকাত আমাক অধিক শক্তিশালী কৰিলে ৷ সেই বাবে চাহ মজদুৰ সংঘৰ বিষয়-ববীয়াসকলে বিজেপিত যোগদান কৰিলে ৷ কংগ্ৰেছে এনেদৰে ঘূৰিলে আমাৰ আৰু লাভ হ’ব ৷’’

আনহাতে জলশ্বেৰৰ বিধায়ক আফতাবুদ্দিন মোল্লাই নামঘৰীয়া সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছৰ নেতাই শ্ৰীকৃষ্ণক লাভ জেহাদীৰ লগত তুলনা কৰা, নামঘৰীয়া বা পুৰোহিতসকলৰ বিৰুদ্ধে অপবাক্য কৰি আহিছে ৷ তেওঁলোকৰ বিৰুদ্ধে অসমৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে ৷ সেয়ে সঠিক সময়ত, সঠিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷’’

বিধায়ক মোল্লাই ক্ষমা বিচৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ক্ষমা খুজিলে আইনে নামানে ৷ ক্ষমা খোজাটো ৰাজনীতিত হয়, কিন্তু আইনৰ চকুত ক্ষমা খোজাটো নহয় ৷ সামাজিকভাৱে ক্ষমা বিচাৰিলে ক্ষমা থাকে কিন্তু আদালতত কোনো বিচাৰকৰ হাতত ক্ষমা কৰি দিয়াৰ অধিকাৰটো নাথাকে ৷ ক্ষমা কৰি দিয়াৰ অধিকাৰ মাত্ৰ ৰাষ্ট্ৰপতিৰহে থাকে ৷’’

আনহাতে বি টি আৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘বি টি আৰত যি সকলক দায়িত্ব দিয়া হৈছিল তেওঁলোকৰ পৰা আজি কামৰ বুজ লোৱা হ’ল । বি টি আৰত আমি যাব লাগিব ৷ তাত তিনি হাজাৰ পুলিং বুথ আছে । নিৰ্বাচনৰ বাবে এজেন্টে চলাই আছে প্ৰচাৰ ।’’

আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ আসন লাভৰ প্ৰসংগত তেওঁ কয় যে, আঢ়ৈখনতকৈ তেওঁলোকে বেছি আসন নাপায় ৷ যোৰহাটৰ পৰা বিজেপিৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত ৷ মাজুলী যোৰহাটত অন্তৰ্ভুক্ত হোৱাত পূৰ্বতকৈ ডেৰলাখ ভোটত জয়লাভ কৰিব বিজেপিৰ প্ৰাৰ্থীয়ে ৷ আনহাতে আগন্তুক নিৰ্বাচনত বি পি এফে সহযোগ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

মঙলবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এক যোগদান কাৰ্যসূচী ৷ উক্ত অনুষ্ঠানতে বিশ্বনাথ আৰু তেজপুৰৰ চাহ মজদুৰ সংঘৰ বিষয়-ববীয়াই বিজেপিত যোগদান কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক:Loksabha Election 2024: বিৰোধী মিত্ৰজোঁটলৈ কিয় শুভেচ্ছা জনালে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.