ETV Bharat / state

নেহৰু ষ্টেডিয়ামত ফুটবল খেল উপভােগ কৰিলে মুখ্যমন্ত্ৰীয়ে - হিমন্ত বিশ্ব শৰ্মা নেহেৰু ষ্টেডিয়াম

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থা তথা অন্যান্য ক্ৰীড়া সন্থাৰ সহযোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত এখন প্ৰদর্শনীমূলক ফুটবল খেল উপভোগ কৰাৰ লগতে বিজয়ী আৰু বিজিত দলক আনুষ্ঠানিকভাৱে ট্ৰফী প্ৰদান কৰে (Himanta Biswa Sarma at Nehru Stadium)৷

Himanta Biswa Sarma at Nehru Stadium
নেহৰু ষ্টেডিয়ামত ফুটবল খেল উপভােগ কৰিলে মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Mar 11, 2022, 10:56 PM IST

গুৱাহাটী, 11 মাৰ্চ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম ফুটবল সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থা তথা অন্যান্য ক্ৰীড়া সন্থাৰ সহযোগত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত এখন প্ৰদর্শনীমূলক ফুটবল খেল উপবোগ কৰাৰ লগতে বিজয়ী আৰু বিজিত দলক আনুষ্ঠানিকভাৱে ট্ৰফী প্ৰদান কৰে (Himanta Biswa Sarma at Nehru Stadium)। উল্লেখ্য যে, এই প্ৰদর্শনীমূলক ফুটবল খেলখন ৰাইনো ৱাৰিয়ছ আৰু ব্ৰহ্মপুত্ৰ ব্ৰেছৰ মাজত অনুষ্ঠিত হৈছিল ।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, ক’ভিডৰ পিছত বহুদিনৰ বিৰতিত নেহৰু ষ্টেডিয়ামত এই প্ৰদর্শনীমূলক ফুটবল খেলখন অনুষ্ঠিত হৈছে । ইয়েই ক’ভিডসৃষ্ট পৰিস্থিতিৰ পিছত স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হোৱাকে সূচাইছে ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নেহৰু ষ্টেডিয়ামখনক সজাই পৰাই ফুটবল খেলৰ উপযোগী কৰি তোলাৰ বাবে অসম ক্ৰিকেট সন্থাৰ শলাগ লয় । নেহৰু ষ্টেডিয়ামত এনেদৰে ফুটবল খেল চলি থাকিব বুলিও তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে ষ্টেডিয়ামখনৰ ফ্লাড লাইটসমূহ কার্যক্ষম কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে নিশাৰ ভাগতো খেল অনুষ্ঠিত কৰিব পৰা যায় । অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ২০২১-২২ বৰ্ষৰ ২৬ সংখ্যক ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ(26th Senior Women's National Football Championship)ত কোৱাৰ্টাৰ ফাইনেললৈকে খেলা অসম মহিলা ফুটবল দলৰ সদস্য কেইগৰাকীক ভাৰতীয় ফুটবল ফেডাৰেশ্যনে প্ৰদান কৰা প্ৰমাণপত্ৰসমূহ বিতৰণ কৰে । তেওঁ লগতে সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসম দলৰ খেলুৱৈসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে ।

অনুষ্ঠানত সাংসদ কুইন ওজা, বিধায়ক তথা অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে, অসম ফুটবল সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা, অসম অলিম্পিক সন্থা, অসম ক্ৰিকেট সন্থা আদিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.