ETV Bharat / state

নিমাতীঘাটৰ ফেৰী দুর্ঘটনা প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক নিযুক্তি পত্ৰ প্ৰদান

author img

By

Published : Jan 8, 2022, 9:19 PM IST

নিমাতীঘাটৰ ফেৰী দুর্ঘটনাত (Nimatighat ferry tragedy) প্রাণ হেৰুওৱা দুগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান ৷ এজনৰ পৰিয়ালক মৃতকৰ অৱসৰৰ বয়সলৈকে সম্পূর্ণ দৰমহা প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

cm-distributes-appointment-letters-to-family-member-of-nimatighat-ferry-tragedy-victims
নিমাতীঘাটৰ ফেৰী দুর্ঘটনা প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক নিযুক্তি পত্ৰ প্ৰদান

গুৱাহাটী,৮ জানুৱাৰী: জনতা ভৱনৰ মুখ্যমন্ত্রী কার্যালয়ৰ সভাগৃহত আজি আয়ােজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিমাতীঘাটৰ ফেৰী দুর্ঘটনাত (Nimatighat ferry tragedy) প্রাণ হেৰুওৱা দুগৰাকী ব্যক্তিৰ নিকটাত্মীয়ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰে (Employment to family of Nimatighat ferry tragedy victims)। উল্লেখ্য যে ২০২১ চনৰ ৮ ছেপ্টেম্বৰত নিমাতীঘাটত দুর্ঘটনাত পতিত হােৱা ফেৰীখনৰ পৰা ৮৯ গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছিল যদিও দুর্ভাগ্যজনকভাৱে পৰিমিতা দাস, ইন্দ্ৰেশ্বৰ বৰা আৰু ডাঃ বিক্রমজিৎ বৰুৱা নামৰ তিনিগৰাকী লােকে প্রাণ হেৰুৱাবলগীয়া হৈছিল ।

১০ ডিচেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই নাও দুর্ঘটনাত মৃত্যু হােৱা লােকসকলৰ পৰিয়ালৰ সদস্যসকলক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। সেই অনুসৰি, মুখ্যমন্ত্রী ড° শৰ্মাই আজি প্ৰয়াত পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাস আৰু প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক চাকৰিৰ নিযুক্তি পত্র প্রদান কৰে । মধুমিতা দাসক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদ (এছচিইআৰটি)ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি দিয়া হয় ।

আনহাতে ৰূপৰেখা বৰা সেনাপতিক তেওঁৰ গৃহ জিলাৰ এখন বিদ্যালয়ত চতুর্থ শ্রেণীৰ চাকৰিত নিযুক্তি দিয়া হয় । অৱশ্যে দুর্ঘটনাত প্রাণ হেৰুওৱা তৃতীয়গৰাকী ব্যক্তি ডাঃ বিক্রমজিৎ বৰুৱা যিহেতু চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসক আছিল, সেয়েহে তেওঁৰ পৰিয়ালে মৃতকৰ অৱসৰৰ বয়সলৈকে সম্পূর্ণ দৰমহা লাভ কৰি থাকিব ।

অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, মানৱ জীৱন হেৰুওৱা ঘটনাৰ প্রতি ৰাজ্য চৰকাৰখনৰ সহানুভূতি আৰু সংবেদনশীলতাৰ প্রতীক হিচাপে তথা ভুক্তভােগী পৰিয়ালটোক সহায় কৰাৰ বাবে চৰকাৰে মৃতকৰ পৰিয়ালৰ যােগ্য নিকটাত্মীয়ক চৰকাৰী চাকৰি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল । আজি নিযুক্তি পত্র লাভ কৰা ব্যক্তি দুগৰাকীয়ে যাতে কোনাে বিভাগৰ ওচৰলৈ নােযােৱাকৈ তেওঁলােকৰ প্ৰথম দৰমহা সময়মতে লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ শিক্ষা বিভাগক নির্দেশ দিয়ে ।

ডাঃ বিক্রমজিৎ বৰুৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, নিয়মীয়া দৰমহাৰ লগতে যদি তেওঁৰ পৰিয়ালক যিকোনাে সময়ত আর্থিক সহায়ৰ প্রয়ােজন হয়, তেন্তে তেনে মুহূর্তত চৰকাৰ পৰিয়ালটোৰ কাষত থিয় দিব । মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ৰাজ্যৰ সাংবিধানিক সীমা সুৰক্ষাৰ স্বাৰ্থত অসম-মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত প্রাণ হেৰুওৱা সুৰক্ষা বাহিনীৰ লােকসকলৰ নিকটাত্মীয়ক চাকৰি প্রদান কৰাৰ ক্ষেত্ৰতাে চৰকাৰে যথেষ্ট তৎপৰতাৰ পৰিচয় দিছিল ।

মুখ্যমন্ত্রী ড° শৰ্মাই নিযুক্তি প্রাপক সকলক শুভকামনা জ্ঞাপন কৰাৰ লগতে নিমাতীঘাটৰ নাও দুর্ঘটনাত প্রাণ হেৰুওৱা ব্যক্তিসকলকো স্মৰণ (CM Himanta remembers Nimatighat ferry tragedy victims) কৰি তেওঁলােকৰ বিদেহী আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায় । অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গােপাল মহন্তৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : দুই আৰক্ষী জোৱান সহ তিনি যুৱকৰ আলফা স্বাধীনত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.