ETV Bharat / state

বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ বিচ্ছিন্ন: ডিফুত ক'লে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jun 20, 2022, 6:38 PM IST

Updated : Jun 20, 2022, 7:11 PM IST

কাৰ্বি আংলঙৰ বাহিৰে বাকী সকলো জিলাই বানত আক্ৰান্ত হৈছে ৷ বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে ৷ সোমবাৰে ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি এইদৰে কয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ বিচ্ছিন্ন: ডিফুত ক'লে মুখ্যমন্ত্ৰীয়ে
বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত সংযোগ বিচ্ছিন্ন: ডিফুত ক'লে মুখ্যমন্ত্ৰীয়ে

ডিফু, ২০ জুন: সোমবাৰে ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অসমত কালৰূপ ধাৰণ কৰা বানপানী সন্দৰ্ভত মন্তব্য কৰি কয় যে কাৰ্বি আংলঙৰ বাহিৰে বাকী সকলো জিলাই বানত আক্ৰান্ত হৈছে ৷ বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সংযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে (CM Comments on Assam flood situation) ৷

নগাওঁ, মৰিগাঁৱকে ধৰি নামনি অসমৰ কেইবাখনো জিলাৰ সহস্ৰাধিক গাঁও বৰ্তমান জলমগ্ন হৈ আছে৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থা, সেনা আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ লগতে বায়ু সেনা, এনডিআৰএফ আৰু এছডি আৰএফে যৎপৰোনাস্তি সাহাৰ্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ভাৰতীয় বায়ু সেনাই এক লাখ লিটাৰ ডিজেল-পেট্ৰল লৈ শিলচৰত বিশেষ বিমান চলাব আৰু ইয়াৰ পূৰ্বে অসমত ইয়াৰ দৰে বৃহৎ এয়াৰ ড্ৰ'পিং হোৱা নাছিল বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এন এফ ৰেলৱেইও সাহাৰ্য আৰু উদ্ধাৰ অভিযান চলোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ উপায়ুক্তসকলে এন এএফ ৰেলৱেকো ব্যৱহাৰ কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: বানাক্ৰান্তই চৰকাৰী সাহাৰ্য নোপোৱাত আগ্নিশৰ্মা মুখ্যমন্ত্ৰী: দৰঙৰ উপযুক্তক ধমক

Last Updated : Jun 20, 2022, 7:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.