ETV Bharat / state

CM at Jyoti Chitraban: জ্যোতি চিত্ৰবনত বীৰাংগনা সাধনী চলচ্চিত্ৰৰ মহুৰত অনুষ্ঠানত মুখ্যমন্ত্ৰী - Birangana Sati Sadhani

শনিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হয় বীৰাংগনা সাধনী নামৰ বুৰঞ্জীমূলক চলচ্চিত্ৰখনৰ মহুৰত অনুষ্ঠান ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চলচ্চিত্ৰ খনৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Muhurat ceremony of film Birangana Sadhani) ৷

Muhurat ceremony of film Birangana Sadhani
জ্যোতি চিত্ৰবনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jun 3, 2023, 10:21 PM IST

বীৰাংগনা সাধনী চলচ্চিত্ৰৰ মহুৰত অনুষ্ঠানত মুখ্যমন্ত্ৰী

গুৱাহাটী, 3 জুন : সতী সাধনীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে অসম চৰকাৰে গঠন কৰা চুতীয়া উন্নয়ন পৰিষদে বীৰাংগনা সাধনী নামেৰে সতী সাধনীৰ জীৱন আধাৰিত এখন বুৰঞ্জীমূলক চলচ্চিত্ৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ শনিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চলচ্চিত্ৰখনৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Muhurat ceremony of film Birangana Sadhani) ৷

উল্লেখ্য যে অসমৰ ইতিহাসৰ এক স্বৰ্ণীল অধ্যায় সামৰি থকা চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী সাধনী ৷ বিশ্বজিত বৰাৰ পৰিচালনাত এইগৰাকী ৰাণীৰ জীৱন আধাৰিত ছবিখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে 3 কোটি টকাৰ আৱন্টন দিছে ৷ সতী সাধনীৰ জীৱনৰ ভিত্তিত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ শনিবাৰে মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত মহুৰত আৰু আনুষ্ঠানিক ঘোষণা অনুষ্ঠানৰ আয়োজন কৰা হয় (Jyoti Chitraban) ৷

ছবিখনৰ মহুৰত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে, 1935 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবি নিৰ্মাণেৰে প্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল ৷ প্ৰথম বোলছবিখনো বুৰঞ্জীমূলক কাহিনীৰে নিৰ্মাণ হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমীয়া চলচ্চিত্ৰৰ এক সুদীৰ্ঘ ইতিহাস আছে ৷ পুনৰ বুৰঞ্জীৰ সৈতে জড়িত থকা এগৰাকী নাৰীৰ জীৱন ভিত্তিক ছবি নিৰ্মাণে অসমীয়া জনজীৱনক এক অনন্য মাত্ৰা প্ৰদান কৰিব (Himanta Biswa Sarma at Jyoti Chitraban) ৷

মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কাশ্মীৰ ফাইলছ আৰু দা কেৰেলা ষ্টৰীয়ে মানুহৰ মাজত চলচ্চিত্ৰক এক বেলেগ ৰূপত প্ৰতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চুতীয়া উন্নয়ন পৰিষদলৈ আগবঢ়োৱা 150 কোটি টকাৰ ভিতৰত 50 কোটি টকা উন্নয়ন পৰিষদে ইতিমধ্যে লাভ কৰিছে কৰা বুলি সদৰি কৰে ৷ অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, বিধায়ক বলীন চেতিয়া, বিধায়ক সুৰেণ ফুকন, বিধায়ক তৰংগ গগৈ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড৹ বি কল্যাণ চক্ৰৱৰ্তী, অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, অভিনেত্ৰী মৃদুলা বৰুৱা, অভিনেতা প্ৰাঞ্জল শইকীয়া, মীনু বনিয়া, অৰুণ হাজৰিকা, যতীন বৰা, আশা বৰদলৈকে আদি কৰি চুতীয়া জনগোষ্ঠীৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল (CM at Jyoti Chitraban) ৷

উল্লেখ্য যে পাঁচশ বছৰীয়া গৌৰৱময় ইতিহাস সুৱঁৰি চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী বীৰাংগনা সাধনীয়ে আজিও নাৰী জাতিক বিস্ময়জনকভাৱে উদ্বেলিত কৰি ৰাখিছে ৷ 1524 চনত চুতীয়া সকলৰ শেষ ৰজা নীতি পালক যুদ্ধত পৰাস্ত কৰি আহোম সৈন্যই চুতীয়া ৰাজ্য দখল কৰিব বিচাৰিছিল ৷ কিন্তু সেই সময়তে ৰাণী সাধনীয়ে নাৰী বাহিনী লৈ অতি পৰাক্ৰমেৰে যুঁজিও ৰাজ্য ৰক্ষা কৰিব নোৱাৰাৰ বাবে 1524 খ্ৰীষ্টাব্দৰ ব'হাগ মাহৰ 7 তাৰিখে কুবেৰ প্ৰদত্ত সম্পত্তি, সোণৰ মেকুৰী, সোণৰ ঢাল-তৰোৱালসহ চন্দনগিৰি পৰ্বতৰ তলত থকা কুণ্ডিল নদীৰ কুণ্ডত জপিয়াই আত্মবলিদান দিছিল (Birangana Sati Sadhani) ৷

দেশ-জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত সোণোৱালী আখৰেৰে লিখা আছে , তেওঁলোকৰ ভিতৰত সতী সাধনী অন্যতম ৷ নাৰীৰ শাৰীৰিক বলতকৈ মানসিক বল সাধাৰণতে বেছি থাকে ৷ ৰাণী সাধনীয়ে ৰাজসম্পদ সুৰক্ষা আৰু অগাধ স্বদেশ প্ৰেমৰ বাবে দেশ ৰক্ষাৰ দায়িত্বত উপায়হীন হৈ আত্মজাহ দিলে ৷ ই আছিল নাৰী জাতিৰ উচ্চ দেশপ্ৰেমৰ দায়বদ্ধতা ৷ তেনে আদৰ্শৰে মহীয়ান হৈ চুতীয়া জাতিৰ ৰাণী সাধনীৰ নিদৰ্শনত সমগ্ৰ নাৰী জাতি আজি গৌৰৱান্বিত (Assamese Film Director Biswajit Bora) ৷

লগতে পঢ়ক: World Environment Day : বিশ্ব পৰিৱেশ দিৱসত ১০৬ স্থানত বাটৰ নাট প্ৰদৰ্শন; মন্ত্রী বিমল বড়াৰ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.