ETV Bharat / state

গুৱাহাটী আই আই টিত কোভিড চিকিৎসালয় মুকলি

author img

By

Published : Jul 3, 2020, 6:33 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আই আই টিত কোভিড চিকিৎসালয় মুকলি ৷ ৮০০ ক‘ৰণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খনত।

cm at IIT guahati Inauguration covid hospital
গুৱাহাটী আই আই টিত কোভিড চিকিৎসালয় মুকলি

গুৱাহাটী,3জুলাইঃ আই আই টি গুৱাহাটীত শুকুৰবাৰে কোভিড চিকিৎসালয় মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৮০০ ক‘ৰণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান খনত। ক'ৰণা অত্যাধিক সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কোভিড চিকিৎসালয় স্থাপনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে আই আই টি গুৱাহাটীৰ অতিথি শালাৰ কোৱাৰেন্টাইন কেন্দ্ৰটোত পৰ্যব্যসিত কৰা হৈছে কোভিড চিকিৎসালয়লৈ । ৰাজ্যৰ ক‘ৰণা আক্ৰান্ত ৰোগীক উন্নত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰ সদায় সষ্টম হৈ আছে বুলি মত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰি লক ডাউন মানি চলাৰ বাবে মহানগৰবাসীক ধন্যবাদ জ্ঞাপন কৰে। ইফালে ৰাজ্যত অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্বিৰ সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য সৰ্বানন্দ সোণোৱালৰ । ৰাজ্যৰ জনতা যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি চৰকাৰ ব্যবস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 9434 টা ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 6106 গৰাকীকৈ লোক ৷ আনহাতে ৰাজ্যখনত কৰ’ণা আক্ৰান্তত বৰ্তমানলৈকে মৃত্যু হৈছে 14 জনকৈ লোকৰ ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3311 টা ঘটনা ৷ 2 জুলাইত ৰাজ্যখনত মুঠ 479 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়কঃ পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.