ETV Bharat / state

আৰম্ভ হ'ল নৱম-একাদশ তথা স্নাতক মহলাৰ পাঠদান - অফলাইন পাঠদান

দীৰ্ঘদিন ধৰি কৰ'নাৰ বাবে বন্ধ হৈ আছিল অফলাইন পাঠদান । অনলাইন মাধ্যমেৰে পাঠদান অব্যাহত আছিল যদিও অনলাইন মাধ্যমৰ সুবিধা সকলো শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।

classes reopen in assam
অৱশেষত আৰম্ভ হ'ল নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠদান
author img

By

Published : Oct 1, 2021, 9:30 PM IST

গুৱাহাটী, ১ অক্টোবৰ : ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে পৰ্যায় ক্ৰমে খোলা হৈছে শিক্ষানুষ্ঠানসমূহ । ইতিমধ্যে শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে নতুন এছ অ’ পি । সেই অনুসৰি শুকুৰবাৰৰ পৰা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠ্যক্ৰম আৰম্ভ হৈছে । ইতিমধ্যে, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অফলাইন মাধ্যমেৰে ৰাজ্যত আৰম্ভ হৈছে ।

classes reopen in assam
অৱশেষত আৰম্ভ হ'ল নৱম, একাদশ আৰু স্নাতক মহলাৰ পাঠদান

বৰ্তমানলৈকে সুস্থিৰ ভাৱেই দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম চলি আছে । ইয়াৰ মাজতে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা নৱম, একাদশ আৰু স্নাতক মহলাৰ অফলাইন পাঠদানক লৈয়ো আশাবাদী ৰাজ্যৰ সচতেন মহল । দীৰ্ঘদিন ধৰি কৰ'নাৰ বাবে বন্ধ হৈ আছিল অফলাইন পাঠদান । অনলাইন মাধ্যমেৰে পাঠদান অব্যাহত আছিল যদিও অনলাইন মাধ্যমৰ সুবিধা সকলো শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । দুৰ্বল নেটৱৰ্ক, অৰ্থনৈতিক সমস্যাকে ধৰি বিভিন্ন কাৰণত ৰাজ্যৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছিল ।

অৱশেষত পৰ্যায় ক্ৰমে বিদ্যালয়সমূহ খোলাৰ লগে লগে দীৰ্ঘদিন বন্ধ হৈ থকা বিদ্যালয়সমূহ শিক্ষাৰ্থীৰে মুখৰিত হৈছে । ইতিমধ্যে নৱম, একাদশ আৰু স্নাতক মহলাৰ শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ সজাই তোলা হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণী কোঠা সমূহ ।

শিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব বজাই ৰাখি শিক্ষাগ্ৰহণ কৰিব পৰাকৈ শ্ৰেণী কোঠাত ব্যৱস্থা কৰা হৈছে । ছেনিটাইজ কৰা হৈছে প্ৰতিটো শ্ৰেণী কোঠা । শিক্ষক, শিক্ষয়ত্ৰীসকলেও গ্ৰহণ কৰিছে দুটাকৈ ভেকছিন। ইফালে ১৯ অক্টোবৰৰ পৰা ৰাজ্যৰ সকলো স্তৰৰ বিদ্যালয়সমূহ খোলাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে শিক্ষা বিভাগে ।

লগতে পঢ়ক : নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.