গুৱাহাটী, 20 জানুৱাৰী: গুৱাহাটীৰ হাজি মুচাফিৰ খানাৰ কাষৰ ইচলামপুৰ অঞ্চলত বিশেষ সূত্ৰৰ আধাৰত চিআইডিৰ দলে এক অভিযান চলাই ড্ৰাগছসহ এজন ড্ৰাগছ সৰহবৰাহকাৰীক আটক কৰে ৷

বুধবাৰে আবেলি প্ৰায় 4:30 বজাত এক অভিযান চলাই চিআইডিৰ দলটোৱে ধুবৰী জিলাৰ চাপৰৰ হাতীপুতা গাঁৱৰ মজিবুৰ ৰহমানক বৃহৎ পৰিমাণৰ মেথামফেটামাইন টেবলেটসহ হাতে লোটে ধৰা পেলাই ৷ জানিব পৰা মতে আটকাধীন ড্ৰাগছ সৰহবৰাহকাৰী গৰাকীৰ হাতৰ পৰা 30,000 মেথামফেটামাইন টেবলেট জব্দ কৰা হৈছে ৷

এই সন্দৰ্ভত চিআইডিয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ড্ৰাগছ সৰহবৰাহকাৰী জনক নিষিদ্ধ সামগ্ৰী সহ যিখন অ'টৰিক্সাত কৰায়ত্ব কৰা হৈছিল সেই অ'টৰিক্সা খনো আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷ জব্দ কৰা নিষিদ্ধ সামগ্ৰী খিনিৰ বজাৰ মূল্য প্ৰায় 45 লাখ বুলি অনুমান কৰা হৈছে ৷
লগতে পঢ়ক:মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান