গুৱাহাটী, 14 অক্টোবৰ : ৰাজ্যৰ শীৰ্ষ খবৰৰ তালিকাত আছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰী ৷ ইতিমধ্যে, এই কেলেংকাৰীত নাম সাঙোৰ খাইছে বহুতো বিয়াগোম বিষয়াৰ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰীক্ষাৰ্থীৰ লগতে কেলেংকাৰীত নাম সাঙোৰ খোৱা বহুতো বিষয়াক ৷
শেহতীয়াকৈ উপ-পৰিদৰ্শক কেলেংকাৰীত নাম সাঙোৰ খাইছে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ ৷ বুধবাৰে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ বাসভৱনত CID ৰ দলে তালাচী অভিযান চলায় ।
উল্লেখ্য যে, অভিযানত বহু আপত্তিজনক নথি জব্দ কৰে দলটোৱে । ইফালে, আৰক্ষী বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাও আছে CID য়ে ৷
লগতে পঢ়ক : আত্মীয়ৰ জীৱন বচাবলৈ গৈ নিজৰ জীৱনলৈ বিপদ মাতিলে হেমন্তই