ETV Bharat / state

চুতীয়া ছাত্র সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি - Veerangana Sati Sadhana State University

চুতীয়া সকল এটা ঐতিহাসিক জাতি । তথাপিও এসময়ত ৰাজশাসন চলাই অহা চুতীয়া সকলৰ কলা-সংস্কৃতি, ভাষা, পৰম্পৰা আদি সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সাম্প্ৰতিক সময়ত সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে । এইদৰে উল্লেখ কৰি অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে (17th foundation day of Chutia Students Union)ক্ষোভ প্ৰকাশ কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত ।

17th foundation day of Chutia Students Union
চুতীয়া ছাত্র সন্থাৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি
author img

By

Published : Sep 13, 2022, 3:38 PM IST

জোনাই, ১৩ ছেপ্টেম্বৰ: গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস(Foundation day of Chutia Students Union) আৰু সাধাৰণ সভাৰ দেওবাৰে সামৰণি পৰে । এই প্ৰতিষ্ঠা দিৱস আৰু সাধাৰণ সভাৰ অন্তিম দিনা পুৱা ৯-৩০ বজাত জনগোষ্ঠীয় সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ উদ্ধোধন কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক গিৰিণ চুতীয়াই ।

ইয়াৰ পিছতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই সভাপতিত্ব কৰা মুকলি সভাখন উদ্ধোধন কৰে বীৰাংগণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Veerangana Sati Sadhana State University) ড৹ জ্যোতিপ্ৰসাদ শইকীয়াই । উক্ত মুকলি সভাখনত ৰন্টু নেওগৰ সম্পাদনত প্ৰকাশিত সংগঠনটোৰ বাৰ্ষিক মুখপত্ৰ 'শদিয়া 'উন্মোচন কৰে কৃষিমন্ত্ৰী অতুল বৰাই । সভাখনত ড৹প্ৰশান্ত চুতীয়া ৰচিত 'হিষ্ট্ৰি অৱ চুতীয়া' গ্ৰন্থখন উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ।

এই অনুষ্ঠানটোত বিশিষ্ট বিজ্ঞানী ড৹ জয়ন্তী চুতীয়াক 'গৌৰীনাৰায়ন বঁটা', প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক 'অসম ভিন্ন ইতিহাস বঁটা' আৰু বিশিষ্ট চিকিৎসক ডাঃনোমল বৰাক 'লক্ষ্মীনাৰায়ন বঁটা' প্ৰদান কৰা হয় । মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক কনকসেন ডেকাই চুতীয়া সকলৰ ঐতিহাসিক পটভূমি আৰু জাতীয় পৰিচয় সম্পৰ্কে ভাষণ আগবঢ়ায় ।

সদৌ চুতীয়া জাতি সন্মীলনৰ সভাপতি অমিয় কুমাৰ বৰা, চুতীয়া উন্নয়ন পৰিষদৰ(Chutia Development Council) অধ্যক্ষ কূলকমল বৰা, বিধায়ক বিশ্বজিৎ ফুকন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি হৰেণ চুতীয়া, সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক চন্দন সোনোৱাল প্ৰমুখ্যে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ শীৰ্ষ নেতা উপস্থিত থাকে । উক্ত সভাখনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে কয়, চুতীয়া সকল এটা ঐতিহাসিক জাতি । এসময়ত ৰাজশাসন চলাই অহা চুতীয়া সকলৰ কলা-সংস্কৃতি, ভাষা, পৰম্পৰা আদিৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সাম্প্ৰতিক সময়তো এই জাতিটোৱে সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে ।

লগতে পঢ়ক:চিৰাঙত তেল ডিপোৰ মেনেজাৰক নৃশংসভাৱে হত্যা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.