ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰদিনৰ আনন্দ - Christmas celebration at jorhat

আজি বৰদিন ৷ সমগ্ৰ বিশ্বৰ লগতে অসমবাসীয়েও উদযাপন কৰিছে পৱিত্ৰ বৰদিন ৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে পৱিত্ৰ বৰদিন ৷ সুন্দৰকৈ সজাই তোলা হৈছে গীৰ্জাঘৰসমূহ ৷

christmas-celebration
বৰদিন
author img

By

Published : Dec 25, 2019, 8:20 PM IST

নিউজ ডেস্ক, 25 ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন গীৰ্জা ঘৰ সমূহত বৰদিন উপলক্ষে দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ । মহানগৰীৰ পানবজাৰস্থিত ড'ন বস্কো গীৰ্জা ঘৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয় । গুৱাহাটী মহানগৰীৰ পাণবজাৰ ড'ন বস্কো গীৰ্জা ঘৰত পুৱাৰে পৰা ভিৰ কৰিছেহি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৷ পুৱাৰ ভাগত লোকসকলে গীৰ্জা ঘৰত উপস্থিত হৈ গীৰ্জা ঘৰৰ বাহিৰত ম'ম জ্বলাই যীশুখ্ৰীষ্টক স্মৰণ কৰি অংশগ্ৰহণ কৰে সমূহীয়া প্ৰাৰ্থনাত ।

বৰদিনৰ আনন্দ

সেইদৰে যোৰহাটতো উলহ-মালহৰে উদযাপন কৰা হৈছে বৰদিন ৷ যোৰহাট ৰজাবাৰীস্থিত ইষ্টান থিয়লজিকেল কলেজৰ লগতে আৰু মিচন হাস্পতালৰ গীৰ্জা ঘৰত পুৱাৰ পৰাই আৰম্ভ হয় বৰদিনৰ উদযাপনৰ কাৰ্যসূচী । কেৰলৰ পৱিত্ৰ ধ্বনিত মুখৰিত হৈ পৰা গীৰ্জাঘৰসমূহ ৷

বি টি চিৰ মুখ্য সদৰ কোকৰাঝাৰতো ওখল- মাখল পৰিৱেশৰ মাজত উদযাপন হয় পৱিত্ৰ বৰদিন ৷ কোকৰাঝাৰৰ বিভিন্ন খ্ৰীষ্টান ধৰ্মীয় ঘৰ তথা গীৰ্জা সমূহত হাজাৰ - হাজাৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক একগোট হৈ উপাসনা কৰে ভগৱান যীশুৰ ৷ । পৱিত্ৰ বৰদিন উপলক্ষে ভগৱান যীশুৰ আশীৰ্বাদ ল'বলৈ উপস্থিত হয় ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ।

লগতে পঢ়কঃ যীশুখ্ৰীষ্টৰ চিন্তাধাৰাই অনুপ্ৰাণিত কৰে বিশ্বৰ বহু লোকক:নৰেন্দ্ৰ মোডী

Intro:সমগ্ৰ বিশ্বতে আজি উদযাপন কৰা হৈছে খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোক সকলৰ পবিত্ৰ বৰদিন। অসমতো আজি উলহ মালাহৰে উদযাপন কৰা হয় বৰদিন।

Body:ৰাজ্যৰ বিভিন্ন গীৰ্জা ঘৰ সমূহত বৰদিন উপলক্ষে আজি দেখিবলৈ পোৱা যায় এক উখল মাখল পৰিৱেশ। মহানগৰীৰ পানবজাৰস্থিত ড'ন বস্কো গীৰ্জা ঘৰত নতুন কাপোৰ পৰিধান কৰি খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোক সকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। পুৱাৰ ভাগত লোক সকলে গীৰ্জা ঘৰত উপস্থিত হৈ গীৰ্জা ঘৰৰ বাহিৰত ম'ম জ্বলাই যিশুখ্ৰীষ্টক স্মৰণ কৰি সমূহীয়া প্ৰাৰ্থনা অংশগ্ৰহণ কৰে। পুৱাৰ ভাগত লোকে লোকৰণ্য হৈ পৰে ড'ন বস্কোৰ গীৰ্জা। খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোকে সকলে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰে যে সমগ্ৰ দেখতে শান্তি স্থাপন হোৱাৰ লগতে প্ৰতিজন ব্যক্তি মিলাপ্ৰীতিৰে বসবাস কৰক।

বাইট ১: ফাডাৰ ছেৱেষ্টিন

Conclusion:বৰদিন উপলক্ষে ৰাজ্যত গীৰ্জা ঘৰ সুমহ কেৰলৰ মধুৰ সংগীতৰে মুখৰিত হৈ পৰে। খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোক সকলৰ লগতে অন্যান্য ধৰ্মৰ লোক সকলেও মহানগৰীৰ বিভিন্ন গীৰ্জা ঘৰ সমূহত বৰদিন উপলক্ষ্যে ভিৰ কৰা পৰিলক্ষিত হয়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.