ETV Bharat / state

মালিগাঁৱত বিশেষ নাট প্ৰদৰ্শন

author img

By

Published : Jul 15, 2019, 4:51 AM IST

পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে শিশু সকলে প্ৰদৰ্শন কৰে নাট ৷

মালিগাঁৱত বিশেষ নাট প্ৰদৰ্শন

গুৱাহাটী,15 জুলাইঃ দেওবাৰে মহানগৰীৰ মালিগাঁৱত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰদৰ্শন কৰা হয় এখন বিশেষ নাট । অঞ্চলটোৰ কেইবাগৰাকীও কণ কণ শিশুৱে প্ৰদৰ্শন কৰে এই বিশেষ নাটখন । কণমানিসকলে প্ৰকৃতিক ধ্বংস নকৰি সেউজীয়া সমাজ গঢ়াৰ এক বিশেষ বাৰ্তা দিয়ে 'সংকল্প' শীৰ্ষক এই সজাগতামূলক নাটখনৰ জৰিয়তে ৷ শিশুসকলৰ এই প্ৰতিভা দেখি আপ্লুত হৈ পৰে উপস্থিত সকলো । উল্লেখযোগ্য যে,3 জুলাইৰ পৰা অসম নাট্য সন্মিলনৰ উদ্যোগত অনুষ্ঠিত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় কেইবাখনো বিশেষ নাট । এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম নাট্য সন্মিলনৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ দুলাল ৰয় ।

Intro:দেওবাৰে মহানগৰীৰ মালিগাঁৱত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এখন বিশেষ নাট প্ৰদৰ্শন কৰা হয়। অঞ্চলটোৰ কেইবাগৰাকীও কণ কণ শিশুয়ে প্ৰদৰ্শন কৰে এই বিশেষ নাটখন। কণমানিসকলে প্ৰকৃতিক ধ্বংস নকৰি সেউজীয়া সমাজ গঢ়াৰ এক বিশেষ বাৰ্তা দিয়ে 'সংকল্প' শীৰ্ষক এই সজাগতামূলক নাটখনৰ জৰিয়তে। শিশুসকলৰ এই প্ৰতিভা দেখি আপ্লুত হৈ পৰে উপস্থিত সকলো। যোৱা ৩জুলাইৰ পৰা অসম নাট্য সন্মিলনৰ উদ্যোগত অনুষ্ঠিত নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত এনেদৰে প্ৰদৰ্শিত হয় কেইবাখনো বিশেষ নাট।

Body:উল্লেখযোগ্য যে নৱপ্ৰজন্মক নাটক প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসমৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছিল নাট কৰ্মশালাৰ। যত বহু বিশিষ্ট নাট্যকাৰে অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। তাৰোপৰি এই কৰ্মশালাত বৰ্তমান সমাজৰ পৰা হেৰাই যোৱা পাণ্ডুলিপি প্ৰস্তুতৰ বিশেষভাৱে প্ৰশিক্ষণ দিয়া হয়।

Conclusion:ইফালে এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম নাট্য সন্মিলনৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ দুলাল ৰয় উপস্থিত থাকে।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.