ETV Bharat / state

ৰঙিয়া ষ্টেচনত উদ্ধাৰ কিশোৰ

author img

By

Published : Jul 3, 2021, 7:49 AM IST

অৰুণাচলত শ্ৰমিক হিচাপে নিয়োজিত অসমৰ এগৰাকী কিশোৰ উদ্ধাৰ ৷ কিশোৰটোৰ ঘৰ ওদালগুৰিৰ হৰিশিঙাত ৷ উদয়ন ছ’চাইটি নামৰ সংগঠনটোৱে কিশোৰটোক উদ্ধাৰ কৰে ৷

child recovered at rangia station
ৰঙিয়া ষ্টেচনত উদ্ধাৰ কিশোৰ

ৰঙিয়া, 3 জুলাই : ৰঙিয়া ৰে’ল ষ্টেচন (Rangia Railway Station)ত শুকুৰবাৰে এটি কিশোৰ উদ্ধাৰ কৰা হয় । অৰুণাচল প্ৰদেশৰ পৰা পলাই অহা কিশোৰটোক ৰঙিয়া (Rangia)ৰ উদয়ন ছ’চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠন (NGO) এটাই ৰঙিয়া ৰে’ল ষ্টেচন (Rangia Railway Station)ত উদ্ধাৰ কৰে । ভোকে-পিয়াহে জুৰুলা হোৱা কিশোৰটোক স্বেচ্ছাসেৱী সংগঠন (NGO)টোৱে খাদ্যৰ যোগান ধৰে । কিশোৰটোক ষ্টেচন চৌহদত কান্দি থকা অৱস্থাত উদয়ন ছ’চাইটিৰ কৰ্মীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে ৷

child recovered at rangia station
ৰঙিয়া ষ্টেচনত উদ্ধাৰ কিশোৰ

কিশোৰটিয়ে জানিবলৈ দিয়া মতে, তেওঁৰ ঘৰ ওদালগুৰি (Udalguri) জিলাৰ অন্তৰ্গত হৰিশিঙাৰ খাগ্ৰাবস্তিত ৷ প্ৰায় দুমাহ পূৰ্বে একে গাঁৱৰে বিশাল নামৰ এজন যুৱকে কামৰ বাবে কিশোৰটোক অৰুণাচল প্ৰদেশ (Arunachal Pradesh)লৈ নিয়ে । তাত ৰং কৰা কামত শ্ৰমিক (Child Labour) হিচাপে কিশোৰটোক ব্যৱহাৰ কৰা হয়, যদিও কিশোৰটোক কোনো ধৰণৰ মজুৰি দিয়া নহয় ।

ৰঙিয়া ষ্টেচনত উদ্ধাৰ কিশোৰ

অতি দৰিদ্ৰ পৰিয়ালৰ এই কিশোৰটোৱে কোনো ধৰণৰ ধন নাপায় সুযোগ বুজি সেই স্থানৰ পৰা কৌশলেৰে পলায়ন কৰে । পিছত মুৰ্কংচেলেক যাত্ৰীবাহী ৰে’লত উঠি শুকুৰবাৰে ৰঙিয়া ষ্টেচন (Rangia Railway Station)ত নামে । কিশোৰটোক ষ্টেচন (Rangia Railway Station) চৌহদত কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰি উদয়ন ছ’চাইটিৰ কৰ্মীয়ে ঘটনাৰ বুজ লোৱাৰ লগতে নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰে ।

child recovered at rangia station
ৰঙিয়া ষ্টেচনত উদ্ধাৰ কিশোৰ

শিশু শ্ৰমিক (Child Labour)ৰ সমস্যাই বৰ্তমান দেশৰ বাবে এটা প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ অসমতো দ্ৰুতহাৰত বৃদ্ধি পাইছে শিশু শ্ৰমিক (Child Labour)ৰ সমস্যা ৷ এই সমস্যা চম্ভালিবলৈ চৰকাৰে ভালেমান ব্যৱস্থা হাতত লৈছে যদিও বাস্তৱত শিশু শ্ৰমিক (Child Labour)ৰ সংখ্যা দিনকদিনে বৃদ্ধিহে পাইছে ৷ এই জটিল সমস্যা নিৰক্ষৰতা (Illiteracy) আৰু দৰিদ্ৰতাৰ সৈতে জড়িত আৰ্থ-সামাজিক (Socio-Economi) সমস্যা ৷ ইয়াক নাইকীয়া কৰিবলৈ সমাজৰ সকলো বৰ্গৰ প্ৰয়াসৰ প্ৰয়োজন ৷

লগতে পঢ়ক : অসম আৰক্ষীত চাৰিদিনত ৰুজু 112 টা বিত্তীয় CYBER CRIMEৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.