ETV Bharat / state

গৃহ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক - সীমান্ত সুৰক্ষা

জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত গৃহ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠক ৷ তহলদাৰী আৰক্ষী জোৱানসকলৰ যাতায়তৰ সুবিধাৰ বাবে ৰাজ্যৰ 100 খন সীমান্ত আৰক্ষী চকীলৈ 4 খনকৈ মটৰ চাইকেল আৰু 8 খনকৈ চাইকেল যোগান ধৰাৰ লগতে ইন্ধনৰ বাবেও যাৱতীয় পুঁজি প্ৰদান কৰাৰ সিদ্ধান্ত বৈঠকত ৷

Chief Minister Sarbananda Sonawal with Home and Border Security and Development Department in the meeting
গৃহ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Dec 18, 2020, 9:34 PM IST

গুৱাহাটী, 18 ডিচেম্বৰ : শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত গৃহ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ কাম-কাজসমূহ পৰ্যালোচনা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৈঠকত 'মৈত্ৰী' আঁচনিৰ আৰ্হিৰে ৰাজ্যৰ সীমান্ত আৰক্ষী চকী (বি অ' পি) সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক বিশেষ অভিযান হাতত লোৱাৰ কথাও বৈঠকত ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

এই আঁচনিৰ অধীনত সীমান্ত আৰক্ষী চকীৰ ভৱনসমূহ অত্যাধুনিক ৰূপত নতুনকৈ নিৰ্মাণ অথবা উন্নীতকৰণ কৰাৰ লগতে সংলগ্ন বেৰেক নিৰ্মাণৰো ব্যৱস্থা কৰা হ'ব ৷ প্ৰায় 100 কোটি টকাৰ ব্যয়েৰে প্ৰথম পৰ্যায়ত এই অভিযানৰ অধীনত 50 খনকৈ সীমান্ত আৰক্ষী চকীক সামৰি লোৱা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াক অধিক সম্প্ৰসাৰিত কৰা হ'ব বুলি বৈঠকত মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

Chief Minister Sarbananda Sonawal with Home and Border Security and Development Department in the meeting
গৃহ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

লগতে পঢ়ক : নাইজেৰিয়াত বকো হাৰামে অপহৰণ কৰা 300ৰো অধিক ছাত্ৰক মুকলি

আনহাতে, সীমান্ত আৰক্ষী চকীসমূহলৈ যাতায়তৰ সু-ব্যৱস্থা কৰাৰ লগতে বিদ্যুৎ আৰু খোৱাপানীৰ উপযুক্ত ব্যৱস্থা কৰাৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগটোৰ বিষয়ববীয়া সকলক নিৰ্দেশ দিয়ে ৷ সীমান্ত অঞ্চলত বসবাস কৰা লোক সকলৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত তথা সীমান্তৰ তদাৰকী ব্যৱস্থাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই অঞ্চলসমূহত উন্নত দলং, বাট-পথ আদিৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

ইফালে, বিভাগটোৰ প্ৰস্তাৱ অনুসৰি, তহলদাৰী আৰক্ষী জোৱানসকলৰ যাতায়তৰ সুবিধাৰ বাবে ৰাজ্যৰ 100 খন সীমান্ত আৰক্ষী চকীলৈ 4 খনকৈ মটৰ চাইকেল আৰু 8 খনকৈ চাইকেল যোগান ধৰাৰ লগতে ইন্ধনৰ বাবেও যাৱতীয় পুঁজি প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

শুকুৰবাৰৰ বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যৰ ভাৰত-বাংলা আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি ,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতৰকৰণ প্ৰক্ৰিয়াৰ শেহতীয়া স্থিতি আদিৰ বিষয়ত গৃহ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত সচিব পৱন বৰঠাকুৰ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, গৃহ বিভাগৰ আয়ুক্ত-সচিব জি ডি ত্ৰিপাঠী উপস্থিত থাকে ৷

লগতে পঢ়ক : ডিফুত 24 টাকৈ সংগঠনৰ বিভিন্ন দাবীৰে উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.