ETV Bharat / state

AAP slams BJP: আম আদমি পাৰ্টীৰ উত্থানত ভীতিগ্ৰস্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী; আপ - Spokesperson Hemanta Phukan slams CM

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইটোৰ পিচত সিটো প্ৰশ্নৰে থকা সৰকা কৰিল আপে (Chief Minister is scared of Aam Aadmi Party) ৷ এখন সংবাদমেল আয়োজন কৰি আপৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনে মুখ্যমন্ত্ৰীগৰাকীক অসমৰ উন্নয়ণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে (AAP press meet on questioning BJP) ৷

Chief Minister is scared of rising Aam Aadmi Party
মুখ্যমন্ত্রীয়ে আম আদমি পাৰ্টীৰ উত্থানত ভীতিগ্ৰস্ত হৈছে
author img

By

Published : Apr 20, 2023, 9:36 PM IST

মুখ্যমন্ত্রীয়ে আম আদমি পাৰ্টীৰ উত্থানত ভীতিগ্ৰস্ত হৈছে

গুৱাহাটী, 20 এপ্ৰিল: "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত আম আদমি পাৰ্টীৰ উত্থানত ভীষণ ভয় খাইছে ৷ মুখ্যমন্ত্রীৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথা প্রতিপন্ন কৰিছে ৷ দুদিনৰ পূর্বে মুখ্যমন্ত্রী শৰ্মাই কোনো প্ৰসংগ নোহোৱাকৈ কেতবোৰ ভুল তথ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক টুইটাৰত আক্ৰমণ কৰে (Assam CM attack Delhi CM Aravind Kejriwal) ৷

দিল্লীৰ বিনামূলীয়া বিজুলীতকৈ অৰুণোদয় বহুত ডাঙৰ আঁচনি বুলি এক গোকাট মিছা মাতিলে ৷ অৰুণোদয় আঁচনিত এগৰাকী হিতাধিকাৰীয়ে প্রতি মাহে ১২৫০ টকাকৈ লাভ কৰে ৷ দিল্লীত ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া আৰু পৰৱৰ্তী ৩০০ ইউনিটলৈকে বিদ্যুৎ মাচুলত ৫০ শতাংশ ৰেহাই দিয়া হয় । অসমত প্রতি ইউনিট বিদ্যুত গড় দাম ৭ টকা বুলি ধৰিলে ২০০ ইউনিটৰ দাম হয়গৈ ১৪০০ টকা ৷ গতিকে দিল্লীৰ প্ৰতিঘৰ লোকে মাহে ন্যূণতম ১৪০০ টকাকৈ সকাহ পাই আছে ৷ কোনটোৰ পৰিমাণ বেছি ? ১২৫০ টকা নে ১৪০০ টকা ?" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে আপৰ ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনে (Chief Minister is scared of Aam Aadmi Party) ৷

সমাগত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে ৷ অসমলৈ সঘনাই আগমন ঘটিছে প্ৰতিটো ৰাজনৈতিক দলৰ কেন্দ্ৰীয় নেতৃত্ব ৷ ইফালে এইবেলি ৰাজ্যত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱত মানে জনসভা অনুষ্ঠিত কৰাৰ পিচতেই বিজেপিক তীক্ষ্ণ প্ৰশ্নবানেৰে থকা সৰকা কৰিছে দলটোৱে ৷

বৃহস্পতিবাৰে আম আদমি পাৰ্টীৰ গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি ৰাজ্যিক মুখপাত্ৰ হেমন্ত ফুকনে কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত বিজুলী বিনামূলীয়া কৰাৰ যে সামর্থ নাই, সেই কথা স্বীকাৰ কৰক (AAP press meet on questioning BJP)। লগতে দিল্লীত যিদৰে ২৪ ঘণ্টাই বিজুলী যোগান ধৰা হয়, অসমতো কৰি দেখুৱাওক । এই দাবী আম আদমি পাৰ্টীৰ ।

আনহাতে অৰুণোদয় আঁচনি সকলোৰে বাবে নহয় (Spokesperson Hemanta Phukan slams CM) ৷ কিন্তু দিল্লীত ধনী-দুখীয়া সকলোৱে বিনামূলীয়া বিজুলী লাভ কৰে । অৰুণোদয়ৰ হিতাধিকাৰীক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে । কিন্তু দিল্লীৰ বিনামূলীয়া বিজুলী হৈছে এখন দক্ষ চৰকাৰে নিজৰ লাভসমূহ জনতালৈ হস্তান্তৰ কৰা এক আঁচনি । মুখ্যমন্ত্ৰী শৰ্মাই ঋণ লৈ অৰুণোদয় চলাই আছে । এফালে অসমৰ ঋণৰ বোজা বাঢ়ি গৈ আছে আৰু ইয়াৰ ফলত সা-সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে । ৰাইজে ত্রাহি-মধুসূদন দেখিছে । দিল্লীত বিনামূলীয়া বিজুলী দিয়া হৈছে ৰাহি বাজেটত ।

হেমন্ত ফুকনে লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে আৰু এষাৰ কথা কৈছে যে আজিৰ সময়ত AIIMS স্থাপনৰ কথা ক'ব লাগে, মহল্লা ক্লিনিক নহয় ৷ মুখ্যমন্ত্ৰীক সোঁৱৰাই দিওঁ যে দিল্লীত AIIMS কেতিয়াবাই স্থাপন কৰা হৈছিল আৰু বহুত ছুপাৰ স্পেছিয়েলিটী হাস্পতাল আছে । আম আদমি পাৰ্টীয়ে গুৰুত্ব দিয়ে জনতাই বিনামূলীয়াকৈ স্বাস্থ্যসেৱা লাভ কৰিছে নে নাই ।

পানীলগা-জ্বৰ বা আন সৰু অসুখ হ'লে মানুহে এইমছলৈ নাযায়, ঘৰৰ ওচৰে উন্নত মানৰ চিকিৎসা বিচাৰে । সৰু সৰু ৰোগৰ বাবে ডাঙৰ চিকিৎসালয়লৈ ৰোগীসকল নগ'লে ডাঙৰ ডাঙৰ হাস্পতালত ভিৰ কম হয় আৰু যি উদ্দেশ্যৰে ডাঙৰ ডাঙৰ হাস্পতালসমূহ স্থাপন কৰা হৈছে, সেই উদ্দেশ্যও সফল হয় ।

লগতে পঢ়ক: Anganwadi Centres in Rangia: ৰঙিয়াত অসম্পূৰ্ণ অৱস্থাতে ৰ’ল ১০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম

হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা ভাল যে, প্ৰতিটো স্তৰৰ হাস্পতাল বা ক্লিনিকৰ নিজ নিজ স্থানতে গুৰুত্ব আছে । দিল্লী চৰকাৰে ধনী-দুখীয়া সকলোৰে বাবে যেনেকৈ ডাঙৰ-সৰু সকলো ৰোগৰ চিকিৎসা বিনামূলীয়া কৰিছে, অসম চৰকাৰে তেনে সুবিধা অসমবাসীক দিব পাৰিবনে বুলি প্ৰশ্ন উত্থাপন কৰে ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ৷ সংবাদমেলখনত আপ অসমৰ উপ-সভাপতি লক্ষ্মীকান্ত ডুবে আৰু ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.