ETV Bharat / state

Assam Veterinary College: অসম পশু চিকিৎসা মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ প্ৰচেষ্টা কৰা হ’ব; মুখ্যমন্ত্ৰী

author img

By

Published : Aug 17, 2023, 10:26 PM IST

বৰ্ষজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি পৰিল ৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

Etv Bharat
Etv Bharat
অসম পশু চিকিৎসা মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ প্ৰচেষ্টা কৰা হ’ব; মুখ্যমন্ত্ৰী

গুৱাহাটী, ১৭ আগষ্ট: সামৰণি পৰিল অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী ৷ বর্ষজোৰা কাযসূচীৰে অনুষ্ঠিত হৈছিল এই মহাৰজত জয়ন্তী ৷ বিগত বৰ্ষৰ 18 আগষ্টৰ পৰা অনুষ্ঠিত হৈছিল মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ ৷ বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০৩০ চনৰ ভিতৰত ২৬৭ নিযুত দুগ্ধ উৎপাদনৰ ক্ষমতা অৰ্জন কৰিব অসমে । কৃষক আৰু কৃষি বিজ্ঞানীৰ বা বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ মাজত সম্পৰ্ক নাই । কিন্তু কৃষক আৰু কৃষি বিজ্ঞানীৰ মাজত সম্পৰ্কৰ সৃষ্টি কৰিব লাগিব । NHM ৰ দৰে পশু চিকিৎসাৰ ক্ষেত্ৰতো এক ৰাজ্যিক স্বাস্থ্য মিছন গঠন কৰা হ’ব । লগতে পশু চিকিৎসা মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ পৰ্যায়লৈ উন্নীত কৰা হ’ব ।

আন্তঃৰাষ্ট্ৰীয় অতিথিশালা
আন্তঃৰাষ্ট্ৰীয় অতিথিশালা উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীৰ উপৰিও অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ দপ্তৰ মন্ত্ৰী পুৰষোত্তম ৰূপালা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা, ভাৰতীয় পশু চিকিৎসা পৰিষদৰ অধ্যক্ষ উমেশ চন্দ্ৰ শৰ্মা, খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড৹ বিবেকানন্দ শইকীয়া, মহাৰজত জয়ন্তীৰ আয়োজক সমিতিৰ সম্পাদক ড৹ বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্যকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত নিৰ্মাণ কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘‘আন্তঃৰাষ্ট্ৰীয় অতিথিশালা’’ ভৱনটোৰ শুভাৰম্ভ কৰে । খানাপাৰা উৰণ সেঁতুৰ সমীপত নিৰ্মাণ কৰা ২ মহলীয়া অতিথিশালাটোত আছে ১৬ টাকৈ কোঠাৰ ব্যৱস্থা । লগতে অতিথিৰ বাবে আছে নিজাববীয়া ৰেষ্টুৰেণ্ট , জিমৰ লগতে অভিৱৰ্তন কক্ষ ৷

লগতে পঢ়ক: AAP vs Congress: আপ-কংগ্ৰেছৰ সম্পৰ্কত কোনো ফাঁট মেলা নাই; স্পষ্ট কৰিলে আপৰ ৰাজ্যিক সমম্বয়ক ভৱেন চৌধুৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.