ETV Bharat / state

Justice Ujjal Bhuyan: নিজে পঢ়া মহাবিদ্যালয়খনলৈ আহি আবেগিক হৈ পৰিল তেলেংগানা উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা

তেলেংগানা উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে এগৰাকী সুযোগ্য অসম সন্তানে ৷ তেওঁৰ নাম হ’ল উজ্জ্বল ভূঞা ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল উজ্জ্বল ভূঞা (Justice Ujjal Bhuyan) ৷

author img

By

Published : May 25, 2023, 9:56 PM IST

Justice Ujjal Bhuyan
Justice Ujjal Bhuyan
গুৱাহাটীত তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা

নিউজ ডেস্ক, 25 মে’: এজন সুযোগ্য অসম সন্তান ৷ দেশৰ আইনৰ ক্ষেত্ৰখনত তেওঁ এতিয়া এক পৰিচিত নাম ৷ সম্প্ৰতি তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হৈ আছে তেওঁ (Chief justice of Telangana High Court) ৷ নাম তেওঁৰ উজ্জ্বল ভূঞা (Ujjal Bhuyan) ৷ এসময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰো ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰি যোৱা উজ্জ্বল ভূঞা যেন আজি নষ্টালজিক হৈ পৰিল একালত তেওঁ আইন শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা কলেজখনলৈ আহি ৷

ইতিমধ্যে শতবৰ্ষ গৰকা গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ (BRM Law College) (পূৰ্বৰ আৰ্ল ল’ কলেজ) ছাত্ৰ আছিল ন্যায়াধীশ উজ্জ্বল ভূঞা ৷ এইখন মহাবিদ্যালয়তে তেওঁ গ্ৰহণ কৰিছিল আইন শিক্ষাৰ আদিপাঠ ৷ বৰ্তমান হায়দৰাবাদৰ বাসিন্দা তথা তেলেংগানা উচ্চ ন্যায়ালয়ৰ এইগৰাকী মুখ্য ন্যায়াধীশ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণসূচী লৈ সপৰিয়ালে আহিছে গুৱাহাটীলৈ ৷

তেওঁৰ এই ভ্ৰমণৰ কথা জানিব পাৰি বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয় কৰ্তৃপক্ষই আজি তেওঁক এক বিশেষ বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰণ জনায় কলেজখনলৈ ৷ স্বাভাৱিকভাবেই এই আমন্ত্ৰণ ৰক্ষা কৰি মুখ্য ন্যায়াধীশগৰাকী আজি আহি উপস্থিত হয় তেওঁ পঢ়া কলেজখনত, এজন প্ৰাক্তন ছাত্ৰ হৈ (Justice Ujjal Bhuyan) ৷

ন্যায়াধীশ ভূঞাক আদৰিবলৈ কলেজত চলোৱা হৈছিল সুন্দৰ প্ৰস্তুতি ৷ বন্তি প্ৰজ্বলন আৰু গনেশ বন্দনাৰে আৰম্ভ হোৱা এই অনুষ্ঠানত মুখ্য ন্যায়াধীশগৰাকীয়ে বৰ্তমান ভাৰতবৰ্ষৰ ন্যায়পালিকাৰ স্বাধীনতা বিষয়ক এক সাৰগৰ্ভ বক্তৃতা আগবঢ়ায় ৷ তেওঁ কয় যে, বৰ্তমান আমাৰ দেশত ন্যায় ব্যৱস্থাটো এক অত্যন্ত ব্যয়বহুল অৱস্থালৈ গতি কৰিছে যিটো খুবেই চিন্তনীয় ৷ যাৰ ফলত দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ন্যায় বিচাৰি অহাটো একপ্ৰকাৰ জটিল আৰু কষ্টসাধ্য হৈ পৰিছে (Justice Ujjal Bhuyan in Guwahati) ৷

তেওঁ আৰু কয় যে, ব্ৰিটেইনত মাত্ৰ দহ শতাংশ লোকেহে ন্যায়ালয়ৰ কাষ চাপে ৷ বাকী সকলে ন্যায়ালয়ৰ বাহিৰতে সমস্যাসমূহ বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰে ৷ মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে অহা তেওঁৰ পত্নী সংঘমিত্ৰা ভূঞায়ো অনুষ্ঠানত বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে, সংঘমিত্ৰা ভূঞাই এইখন মহাবিদ্যালয়ৰে এগৰাকী অতিথি প্ৰবক্তা হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰিছিল ৷

বৃহস্পতিবাৰৰ এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ভূপেশ মল্ল বুজৰবৰুৱাই ৷ এই বিশেষ অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা ড৹ সংগীতা ৰাণী কলিতাই ৷ সহকাৰী অধ্যাপক ড৹ অমৰজ্যোতি শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী শ্বেখ ৰিয়াজ আলম আৰু ৰ’জি ডেকাই ৷

লগতে পঢ়ক: Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.