গুৱাহাটী, ১৪ জুলাই : ন্যূনতম সমৰ্থিত মূল্যত অসমত কৃষকৰ ধান ক্ৰয় কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো এক বৃহৎ প্ৰহসনত পৰিণত হোৱাৰ উপক্ৰম হৈছে । ক'ভিডে জুৰুলা কৰা দেশৰ কৃষকক সকাহ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধানৰ ন্যূনতম সমর্থন মূল্য কুইণ্টলত ১৯৪০ টকা নিৰ্ধাৰণ কৰিছে (Government has decided to buy paddy from farmers at a fair price) ।
ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰিবলৈ এফ চি আইসহ (Food Corporation of India) ছয় প্ৰতিষ্ঠানক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে । কিন্তু ধান ক্ৰয়ৰ নামত অসমৰ কৃষকক চৰম প্ৰতাৰণা কৰিছে ভাৰতীয় খাদ্য নিগমে । ধান ক্ৰয়ৰ ক্ষেত্ৰত যে ভাৰতীয় খাদ্য নিগমে অসমক অলপো গুৰুত্ব দিয়া নাই, সেই কথা খাদ্য নিগমৰ কাম-কাজে প্ৰমাণ কৰিছে ।
উল্লেখ যে, ৰাজ্য চৰকাৰে অসম চৰকাৰৰ অধীনস্থ দুটা প্ৰতিষ্ঠানৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আন চাৰিটা প্ৰতিষ্ঠানক প্ৰথমে মুঠ ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল (Paddy Procurement System)। কিন্তু এতিয়ালৈকে প্ৰতিষ্ঠানসমূহে মাত্ৰ ৪,৩৩,৮১০ মেট্ৰিক টন ধানহে ক্ৰয় কৰিছে ।
বিশেষকৈ ভাৰতীয় খাদ্য নিগমকে ধৰি আন প্ৰতিষ্ঠানকেইটাই অসমৰ ধান ক্ৰয় কৰাত তৎপৰতা নেদেখুওৱাৰ ফলত অসমৰ কৃষকে প্ৰাপ্য দাম লাভ কৰাৰ বাবে চলোৱা ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা এতিয়া অসাৰ হৈ পৰাৰ দিশলৈ গতি কৰিছে । কাৰণ প্ৰথম খেতিৰ ধান ক্ৰয় কৰাৰ সময় বিগত ৩০ জুনত অন্ত পৰি দ্বিতীয় খেতিৰ ধান ক্ৰয় কৰাৰ সময় আৰম্ভ হ'ল যদিও এতিয়ালৈ নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত ৪০ শতাংশ ধানো অসমৰ কৃষকৰ পৰা ক্ৰয় কৰা নাই ।
লগতে পঢ়ক : Paddy Procurement System: ডিব্ৰুগড়ত বন্ধ হ’ব ধান ক্ৰয় কেন্দ্ৰ
ধান ক্ৰয়ৰ ক্ষেত্ৰত চৰম অনীহা দেখুৱাইছে এফ চি আয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধান ক্ৰয়ত যাতে সফল হ’ব পাৰে, তাৰ বাবে এফ চি আইৰ শীৰ্ষতম মহলৰ লগতো আলোচনাত মিলিত হৈছিল । ৰাইজেও যাতে মধ্যভোগী ব্যৱসায়ীৰ পৰিৱৰ্তে চৰকাৰে স্থাপন কৰা ধান ক্ৰয় কৰা কেন্দ্ৰত ন্যূনতম সমৰ্থিত দামত ধান বিক্ৰী কৰি প্ৰাপ্য লাভ কৰে ৷ তাৰ বাবে মন্ত্ৰী, বিধায়ক, বিষয়াসকলে ব্যাপক সজাগতা অভিযানো চলাইছিল ।
হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দায়িত্ব লৈয়ে ৰাজ্যৰ কৃষকক সকাহ দিয়াৰ উদ্দেশ্য ধান ক্ৰয়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল । ধান ক্ৰয় ব্যৱস্থা সন্দৰ্ভত গাঁৱে গাঁৱে গাঁওসভা অনুষ্ঠিত কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছিল । ৰাজ্য চৰকাৰে এফ চি আইসহ ছটা প্ৰতিষ্ঠানক পৰৱৰ্তী সময়ত ৬,৯৯,৫০০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ।
তাৰ ভিতৰত অকল এফ চি আইক ৪,০২,০০০ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে । এফ চি আইক ৪,০২,০০০ মেট্ৰিক টন উপৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ১,৬১,৯৫০ মেট্ৰিক টন, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদক ৩,১৫০ মেট্ৰিক টন, ‘নাকফ’ক ১৯,০০০ মেট্ৰিক টন, ‘নাফেড’ক ১,০১,৯০০ মেট্ৰিক টন, এন চি চি এফক ১১,৫০০ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে ।
কিন্তু এফ চি আয়ে ৰাজ্যৰ কৃষকৰ পৰা ৩০ জুনৰ ভিতৰত মাত্ৰ ২,০৬,৬৯২ মেট্ৰিক টন ধানহে ক্ৰয় কৰে । লক্ষণীয় বিষয় যে, চৰকাৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ১,৬১,৯৫০ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ।
প্ৰতিষ্ঠানটোৱে ৩৩ টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ১,৫৮,৯৯৮ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হয় । তেনেস্থলত ভাৰতীয় খাদ্য নিগমে নিৰ্ধাৰিত লক্ষ্যৰ ৫০ শতাংশ ধান ক্ৰয় কৰিবলৈহে সক্ষম হোৱা কথাটোৱে প্ৰমাণ কৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠানটোৰ অসমৰ কৃষকৰ প্ৰতি দায়বদ্ধতা কিমান ?
লগতে পঢ়ক : তামুলপুৰত অন্তৰ্ধান খাদ্য সুৰক্ষাৰ চাউল ভৰ্তি 4 খন ট্ৰাক
উল্লেখ্য যে, যোৱা দুটা বছৰৰ ক’ভিড পৰিস্থিতিৰ বাবে ভয়াৱহ সংকটৰ সন্মুখীন হোৱা দেশৰ কৃষক সমাজক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধানৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে ১,৯৪০ টকালৈ । পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ধানৰ বিপৰীতে ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিছিল ১,৮৬৮ টকা ।
ভাৰতীয় খাদ্য নিগমকে ধৰি আন কেইবাটাও চৰকাৰী সংস্থাই দেশৰ প্ৰতিখন ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয় কৰি আহিছে । বিগত বছৰসমূহত দেশৰ আন প্ৰান্তৰ ৰাজ্যসমূহে এই প্ৰক্ৰিয়াৰ দ্বাৰা বিশেষভাৱে লাভাম্বিত হৈ আহিছে । কিন্তু এই ধান ক্ৰয় অভিযানে অসমৰ কৃষকক আজি পর্যন্ত কোনো ধৰণে সকাহ দিবলৈ সক্ষম হোৱা নাই । বৰঞ্চ চৰকাৰী সংস্থাৰ ওচৰত ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত অসমৰ কৃষকৰ অভিজ্ঞতা অতি দুর্ভাগ্যজনক ।
শেহতীয়া চৰকাৰী তথ্য অনুসৰি, ২০২০-২১ কৃষি বৰ্ষটোত অসমৰ কৃষকে উৎপাদন কৰিছিল ৫২.৫৫ লাখ মেট্ৰিক টন ধান । কিন্তু এই বৃহৎ পৰিমাণৰ ধানৰ মাত্ৰ ০.৪৫ লাখ টন ধানহে চৰকাৰীভাৱে নিৰ্ধাৰিত সমৰ্থন মূল্য দি ক্ৰয় কৰা হৈছিল । অর্থাৎ বাকী ৫২.০৫ লাখ টন ধানেই কৃষকে বিক্ৰী কৰিব লগীয়া হৈছিল কুইণ্টলত ৮০০ বা ৯০০ টকাত ।
লগতে পঢ়ক : Paddy Procurement System: নলবাৰীত মুকলি হ’ল ধান ক্ৰয় কেন্দ্ৰ
মনকৰিবলগীয়া যে, কেৱল শেহতীয়া বছৰটোতেই নহয় ৰাজ্যত বিজেপি শাসন কালৰ বিগত বছৰতো অসমৰ খেতিয়কৰ বাবে আছিল হতাশাজনক । কেন্দ্ৰীয় চৰকাৰৰ খাদ্য নিগমৰ তথ্য অনুসৰি, ২০১৬-১৭ চনত ৰাজ্যত ধানৰ উৎপাদন আছিল ৪৭.২৭ লাখ টন । কিন্তু চৰকাৰে ক্ৰয় কৰিছিল মাত্ৰ ০.৪৭ লাখ টন ।
২০১৭-১৮ ধানৰ উৎপাদন বৃদ্ধি হৈছিল ৫২.৮৪ লাখ টন । কিন্তু চৰকাৰী ক্ৰয় বঢ়াৰ বিপৰীতে কমিছিল ০.৩৫ লাখ টনলৈ । ২০১৮-১৯ বৰ্ষত ধান উৎপাদন হৈছিল ৫২.২১ লাখ টন আৰু চৰকাৰীভাৱে ক্ৰয় হৈছিল ১.০১ লাখ টন । একেদৰে ২০১৯-২০ কৃষি বৰ্ষটোত অসমৰ কৃষকে ধান উৎপাদন কৰিছিল ৪৯.৮৫ লাখ টন । চৰকাৰী ক্ৰয় সামান্যতম বৃদ্ধি পাইছিল ২.১১ লাখ টনলৈ ।
কিন্তু অতি আশ্চর্যজনকভাৱে খেতিয়কৰ সুৰক্ষাকলৈ বহু চৰ্চা আৰু প্ৰতিবাদ হোৱাৰ পিছতো শেহতীয়া ২০২০-২১ বৰ্ষত কৃষকে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি ৫২.৫৫ লাখ টন ধান উৎপাদন কৰিছিল যদিও নিম্নতম সমর্থন মূল্য দি চৰকাৰী সংস্থাই ক্ৰয় কৰিলে মাত্ৰ ০.৪৫ লাখ টন ধান ।
যি পৰিমাণ পাঁচ বছৰৰ আগৰ পৰিমাণতকৈও কম । কেন্দ্ৰীয় চৰকাৰে ধানৰ সমৰ্থন মূল্য বৃদ্ধি কৰিলেও যে অসমৰ কৃষক তাৰ দ্বাৰা কোনো ধৰণে উপকৃত যে নহ'ব সেয়া উক্ত তথ্যই প্ৰমাণ কৰিছে ।
লগতে পঢ়ক : PM Kisan Samman Nidhi : কেনেকৈ লাভ কৰিব পি এম কৃষক আঁচনিৰ ধন ?