ছট্টিশগড়ৰ জাতীয় সম্পদ বনৰীয়া ম'হৰ বংশবৃদ্ধিৰ বাবে অসম চৰকাৰৰ কাষ চাপিছে ছট্টিশগড় চৰকাৰ ৷ জাতীয় জন্তুবিধৰ সংৰক্ষণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰাৰ ফলতে ছট্টিশগড়ত ক্ৰমান্বয়ে কমি আহিছে বনৰীয়া ম'হৰ সংখ্যা। উপায়ন্তৰ হৈ জাতীয় জন্তুবিধৰ সংৰক্ষণৰ স্বাৰ্থত ছট্টিশগড় চৰকাৰ কাষ চাপিছে অসম চৰকাৰৰ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...
অসমৰ পশুধনেৰে সমৃদ্ধ হ'ব ছট্টিশগড়ৰ জাতীয় জন্তু!
সংকটৰ গৰাহত ছট্টিশগড়ৰ জাতীয় জন্ত বনৰীয়া ম'হ ৷ এতিয়া অসম চৰকাৰৰ কাষ চাপিছে ছট্টিশগড় চৰকাৰ...অসমৰ পৰা নিব ম'হ
অসমৰ পশুধনেৰে সমৃদ্ধ হ'ব ছট্টিছগড়ৰ জাতীয় জন্তু!
ছট্টিশগড়ৰ জাতীয় সম্পদ বনৰীয়া ম'হৰ বংশবৃদ্ধিৰ বাবে অসম চৰকাৰৰ কাষ চাপিছে ছট্টিশগড় চৰকাৰ ৷ জাতীয় জন্তুবিধৰ সংৰক্ষণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰাৰ ফলতে ছট্টিশগড়ত ক্ৰমান্বয়ে কমি আহিছে বনৰীয়া ম'হৰ সংখ্যা। উপায়ন্তৰ হৈ জাতীয় জন্তুবিধৰ সংৰক্ষণৰ স্বাৰ্থত ছট্টিশগড় চৰকাৰ কাষ চাপিছে অসম চৰকাৰৰ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...
ছট্টিছগঢ়ৰ জাতীয় জন্তুৰ অস্তিত্ব
ৰক্ষৰ বাবে অসম চৰকাৰৰ কাষ চাপিছে ছট্টিছগঢ় চৰকাৰ
সংকটত পৰিছে ছট্টিছগঢ়ৰ জাতীয় জন্তু। ছট্টিছগঢ়ৰ জাতীয় জন্তুৰ অস্তিত্ব ৰক্ষৰ বাবে অসম চৰকাৰৰ কাষ চাপিছে ছট্টিছগঢ় চৰকাৰ। ছট্টিছগঢ়ত বনৰীয়া ম'হৰ বংশবৃদ্ধিৰ বাবে ছট্টিছগঢ় চৰকাৰক লাগে অসমৰ মাইকী বনৰীয়া ম'হ।
বনৰীয়া ম'হ ছট্টিছগঢ়ৰ জাতীয় জন্তু যদিও নিজৰ জাতীয় জন্তু সংৰক্ষণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ছট্টিছগঢ়ৰ চৰকাৰ। ছট্টিছগঢ়ত বিভিন্ন কাৰণত দিনক দিনে কমিবলৈ ধৰিছে বনৰীয়া ম'হৰ সংখ্যা। ছট্টিছগঢ়ৰ ইন্দ্ৰভাটি ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ম'হ সংখ্যা যদিও অধিক কিন্ত উদান্তি অভয়াৰণ্যত বনৰীয়া ম'হৰ সংখ্যা যথেষ্ট কম। উদান্তি অভয়াৰণ্যত থকা বনৰীয়া ম'হৰ বেছি সংখ্যক বনৰীয়া ম'হ মতা হোৱাৰ বাবে ইয়াত বনৰীয়া ম'হৰ বংশবৃদ্ধিত বাধাৰ সৃষ্টি হৈছে। ছট্টিছগঢ় চৰকাৰে উদান্তি অভয়াৰণ্যত বনৰীয়া ম'হৰ বংশবৃদ্ধি কৰিবলৈ অসম চৰকাৰৰ কাষ চাপিছে মাইকী ম'হ বিচাৰি।
বাইট ১: ৰটিন বৰ্মন, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ অসমৰ কৰ্মকর্তা
প্ৰায় এবছৰ পূৰ্বে ছট্টিছগঢ় চৰকাৰে অসম চৰকাৰৰ পৰা বনৰীয়া ম'হ বিচাৰি আবেদন জনাইছিল যদিও অসমৰ পৰা বনৰীয়া ম'হ ছট্টিছগঢ়লৈ প্ৰেৰণ কৰাটো সম্ভৱ হ'ব নে নাই ইয়াকে লৈ বন বিভাগে ছট্টিছগঢ়ত এক আলোচনাত মিলিত হৈছিল। পূৰ্বে কেতিয়াও বনৰীয়া ম'হ এঠাইৰ আনঠাইলৈ প্ৰেৰণ কৰা হোৱা নাই বাবে অসম পৰা প্ৰায় ১৫০০ কিলোমিটাৰ দূৰত্বলৈ বনৰীয়া ম'হ নিয়াটো যথেষ্ট কষ্টকৰ হ'ব বুলি বৰ্তমানেও বিশেষজ্ঞ সকল ইয়াৰ ওপৰত চৰ্চা অব্যহত ৰাখিছে।
বাইট ২: ৰটিন বৰ্মন, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ অসমৰ কৰ্মকর্তা
এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে ছট্টিছগঢ় চৰকাৰে অসম চৰকাৰৰ পৰা পাঁচটাকৈ বনৰীয়া মাইকী ম'হ বিচৰিছে আৰু অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ছট্টিছগঢ়লৈ এই পাঁচটা মাইকী বনৰীয়া ম'হ ছট্টিছগঢ়লৈ অসম চৰকাৰে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। যদি বন বিশেষজ্ঞ সকলে সেউজ সংকেত প্ৰদান কৰে তেন্তে চলিত বছৰৰ শেষৰ ফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ছট্টিছগঢ়লৈ পাঁচটাকৈ মাইকী বনৰীয়া ম'হ প্ৰেৰণ কৰা হ'ব।
Slug: a_ghy_802_17june_wild_buffalo_vis+bite_7201051
Feed : FTP
Script : mail
(Special Story)