গুৱাহাটী,১ ডিচেম্বৰ : নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দাখিল কৰে চাৰ্জশ্বিট (Chargesheet filed against Suspended DIG Raunak Ali Hazarika) । আয়তকৈ অধিক সম্পত্তিৰ (Asset disproportionate to income) অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা (Raunak Ali Hazarika)ৰ বিৰুদ্ধে থকা গোচৰৰ আজি অৰ্থাৎ বুধবাৰে চাৰ্জশ্বিট দাখিল কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ।
৫৭ দিনৰ ভিতৰত তদন্তকাৰী বিষয়াই আদালতত ১৫৬ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰে । জানিব পৰা মতে, অভিযোগনামাত ৰৌণক আলিৰ পত্নী নুছৰত ৰৌণক হাজৰিকা (Nusrat Raunak Ali Hazarika)ৰ নামো আছে । তদুপৰি কন্যালৈ বিভিন্ন একাউন্টেৰে ধনৰ লেনদেন কৰা ফৰিদ আলিৰ লগতে মাটি-বাৰীৰ বিষয়েও সন্নিবিষ্ট আছে অভিযোগনামাত ।
চাৰ্জশ্বিটত উল্লেখ থকা অনুসৰি ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ আয় বৰ্হিঃভূত সম্পত্তিৰ পৰিমাণ প্ৰায় ২১০ শতাংশ ।
মুঠ সম্পত্তিৰ মূল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা । উল্লেখ্য যে বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত ৫ অক্টোবৰত তেওঁক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল ।
লগতে পঢ়ক : Raunak Ali Hazarika IPS Latest News: লাহে লাহে নেগুৰ পেলাইছে অখণ্ড প্ৰতাপী ৰৌনকে