ETV Bharat / state

Guinness World Records: হেমকোষ প্ৰকাশনক প্ৰদান বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ - Braille version of Hemkosh

সোমবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হয় (Death anniversary of Hemchandra Barua)। এই উপলক্ষে আয়োজি এক অনুষ্ঠানত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই হেমকোষ প্ৰকাশনক আনুষ্ঠানিকভাৱে বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে ।

Death anniversary of Hemchandra Barua
গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছ
author img

By

Published : May 1, 2023, 9:45 PM IST

গুৱাহাটী, ১ মে': আজি সমগ্ৰ অসমবাসীৰ বাবে এক স্মৰণীয় দিন । ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মহৎ কৃতী "হেমকোষ"-এ "গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছ"ত নাম অন্তৰ্ভুক্ত কৰি অসমীয়া জাতিটোক বিশ্বদৰবাৰত সুপ্ৰতিষ্ঠিত কৰিলে । যাৰ বাবে সোমাবৰে সমগ্ৰ অসমীয়া জাতিয়ে ধন্য মানিছে ।" সোমবাৰে এইদৰে মন্তব্য কৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ।

উল্লেখ্য যে, অসমীয়া জাতিৰ গৌৰৱ "হেমকোষ"ৰ ব্ৰেইল সংস্কৰণে ইতিমধ্যে সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ দ্বি-ভাষিক ব্ৰেইল অভিধান হিচাপে "গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছ"ত নাম অন্তৰ্ভুক্ত কৰিছে (Braille version of Hemkosh) । এই উপলক্ষে সোমবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৭ সংখ্যক তিৰোভাব তিথিৰ পৱিত্ৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড৹বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই হেমকোষ প্ৰকাশনক আনুষ্ঠানিকভাৱে বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে (Guinness World Records of Hemkosh) ।

এই বিশেষ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ভাষণ প্ৰসংগত পুনৰ কয়, "ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অতুলনীয় অৱদানে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি জাতিটোক ধন্য কৰিলে । হেমকোষ প্ৰকাশনৰ সৈতে জড়িত বিদ্বৎ সমাজৰ অপৰিসীম কষ্ট আৰু ত্যাগৰ ফলত আজি অসমীয়া জাতি ধন্য হৈছে ।"

এই অনুষ্ঠানটোৰ আৰম্ভণিতেই সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি জয়ন্ত বৰুৱা উপস্থিত অভ্যাগত সকলক আদৰণি জনাই ভাষণ প্ৰসংগত কয়, "আমাৰ প্ৰ-পিতামহ হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ মোৰ দেউতা দেবানন্দ বৰুৱা, এই দুগৰাকী পুৰোধা ব্যক্তিৰ মহান কৃতীয়ে অসমীয়া জাতিক সমৃদ্ধিশালী কৰি ৰাখিব । লগতে তেখেত সকলৰ ডেৰ শতিকা জোৰা ত্যাগ আৰু কষ্টৰ ফচল হেমকোষৰ অবিৰত প্ৰকাশৰ যাত্ৰাতেই অসমীয়া ভাষা এতিয়াও জ্যোতিষ্মান হৈ আছে । হেমকোষ পৰিয়ালৰ চতুৰ্থ প্ৰজন্ম হিচাপে আমি গৌৰৱান্বিত যে আঠশ কোটি মানুহৰ বিশ্বৰ ক্ষুদ্ৰতম অংশ অসমৰ অসমীয়া সকলৰ মাজত থকা নেত্ৰহীন সকলৰ বাবে "হেমকোষ"ৰ ব্ৰেইল সংস্কৰণৰ যোগেৰে সামান্যতম সংযোজন ঘটাবলৈ সক্ষম হৈছে ।"

ইপিনে, সভাত উপস্থিত থাকি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰ্তৃপক্ষৰ কাৰ্যবাহী বিষয়া ঋষি নাথে গীনিজ বুকছ অৱ ৱৰ্ল্ড ৰেকৰ্ডছ"ৰ প্ৰমাণ পত্ৰখন আনুষ্ঠানিক ভাৱে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ হাতত প্ৰদান কৰি ভাষণ প্ৰসংগত কাৰ্যবাহী বিষয়া নাথে এয়া অসমীয়া জাতিৰ বাবে এক বিৰল সন্মান বুলি মন্তব্য কৰে ।

তদুপৰি সভাত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড৹ প্ৰতাপজ্যোতি সন্দিকৈ, দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ভাৰাটেণ্ডু পাণ্ডে আৰু বিশিষ্ট সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰসংগত হেমকোষ অভিধানৰ ব্ৰেইল সংস্কৰণ অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ'ব বুলি সদৰী কৰে ।

উল্লেখ্য যে, অনুষ্ঠানটোৰ আৰম্ভণিতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষ প্ৰাণ দেবানন্দ বৰুৱাৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই । উক্ত অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, অসমৰ কেবাগৰাকী সাহিত্যিক-বুদ্ধিজীৱী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদিকে ধৰি মহানগৰীৰ কেবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰী সকল উপস্থিত থাকে ।

লগতে পঢ়ক:Drinking Water issue: স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত জুৰিৰ অপৰিস্কাৰ পানীৰে পিয়াহ পলুৱাইছে জনতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.