গুৱাহাটী,১১ এপ্ৰিলঃ ১৪ এপ্ৰিলৰ পিছত দেশত লক ডাউনৰ সময় বৃদ্ধি পাব নেকি ! নাইবা লক ডাউন প্ৰত্যাহাৰ কৰা হ’ব নেকি ! দেশৰ সাধাৰণ জনতাৰ মনত এতিয়া এই প্ৰশ্নটোৱে তোলপাৰ লগাই থকাৰ সময়তে শনিবাৰে দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজ্যৰ বৰ্তমানৰ স্থিতি আৰু মতামত গ্ৰহণ কৰে ৷
দিছপুৰৰ জনতা ভৱনৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীৰ সৈতে এই ভিডিঅ’ কনফাৰেঞ্চত ভাগ লয় ৷ এই সময়ছোৱাত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীক জনোৱা হয় যে,লক ডাউন বৃদ্ধি কৰা-নকৰা সন্দৰ্ভত কেন্দ্ৰই যি সিদ্ধান্ত লয় অসমে তাকে মানি চলিব ৷ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে বুলি সোণোৱালে প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে । যদিও পঞ্জাৱ,দিল্লী আৰু মহাৰাষ্ট্ৰ চৰকাৰে শনিবাৰৰ এই ভিডিঅ’ কনফাৰেঞ্চত লক ডাউনৰ সময়সীমা বৃদ্ধিৰ পোষকতা কৰে ৷ কিন্তু অসমে তেনে কোনো ধৰণৰ প্ৰস্তাৱ আগবঢ়োৱা নাই ।
লগতে চাওকঃ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত পাঁচগ্রাম কাছাৰ কাগজকলৰ কৰ্মী