ETV Bharat / state

Center depriving Assam: এম জি এনৰেগাৰ পুঁজিৰ নামত অসমক কেন্দ্ৰৰ ৰামঠগন - Center depriving Assam in name of MGNREGA funds

এম জি এনৰেগাৰ পুঁজিৰ ক্ষেত্ৰত অসমক কৰা হৈছে বঞ্চনা (Center depriving Assam in name of MGNREGA funds) । ২০২০-২১ চনত এ জি এনৰেগাৰ বাবে কেন্দ্ৰই অসমক ২৬০২.৩৩৪৬ কোটি টকা মোকলাই দিছিল । ২০২১-২২ চনত মোকলাই দিছে ২২২০.২৬০১ কোটি টকা । চলিত বিত্তীয় বৰ্ষত ২৮ জুলাইলৈ মোকলাই দিছে ৮৯৪.৩৩৩৭ কোটি টকা (Center releases over 894.3337 crore for MGNREGA)। প্ৰত্যেক বছৰে হ্ৰাস কৰা হৈছে পুঁজিৰ পৰিমাণ ।

Centre depriving Assam of MGNREGA funds
এম জি এনৰেগাৰ পুঁজিৰ নামত অসমক ৰামঠগন কেন্দ্ৰৰ
author img

By

Published : Aug 10, 2022, 9:05 PM IST

গুৱাহাটী,১০ আগষ্ট: দিল্লীয়ে অসমক প্ৰৱঞ্চনা কৰ‍াটো নতুন কথা নহয় যদিও দিল্লী আৰু দিছপুৰত একেটা দলৰে চৰকাৰ থকাৰ পাছতো প্ৰাপ্তৰ পৰা বঞ্চিত হোৱাটো চৰম পৰিতাপৰ বিষয় । দিল্লীত বিজেপিৰ চৰকাৰ হোৱাৰ পাছত অসমৰ ৰাইজে বহু আশাৰে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন আঁতৰাই বিজেপিক দায়িত্বভাৰ দিছিল । বিজেপি চৰকাৰেও বহু প্ৰতিশ্ৰুতি দিছিল অসমৰ ৰাইজক ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি উন্নয়নৰ বহু প্ৰতিশ্ৰুতি দিছিল । কিন্তু তাৰ পাছতো অসমৰ ৰাইজে আশা কৰা ধৰণে ফল লাভ কৰা নাই তথা চৰকাৰেও প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা নাই । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে অসমক বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰি আহিছে । বিভিন্ন শিতানত পুঁজি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰই সদায়ে কৃপণালি কৰি আহিছে । এইখিনিতে উল্লেখ কৰিব পাৰি এম জি এনৰেগা আঁচনিৰ কথা ।

Centre depriving Assam of MGNREGA funds
এম জি এনৰেগাৰ পুঁজিৰ নামত অসমক ৰামঠগন কেন্দ্ৰৰ

এই আঁচনিখনৰ ক্ষেত্ৰত আৱণ্টিত পুঁজিৰ পৰিমাণ ক্ৰমাৎ কমি আহিছে (Centre depriving Assam of MGNREGA funds) । চৰকাৰী তথ্য মতে, ২০২০-২১ চনত এম জি এনৰেগাৰ বাবে কেন্দ্ৰই অসমক ২৬০২.৩৩৪৬ কোটি টকা মোকলাই দিছিল । ইয়াৰ বিপৰীতে ২০২১-২২ চনত মোকলাই দিছে ২২২০.২৬০১ কোটি টকা । আনহাতে চলিত বিত্তীয় বৰ্ষত ২৮ জুলাইলৈ মোকলাই দিছে ৮৯৪.৩৩৩৭ কোটি টকা (Center releases over ৮৯৪.৩৩৩৭ crore for MGNREGA) । অৰ্থাৎ পুঁজিৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস কৰা হৈছে । দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ থকাৰ পাছতো এনেদৰে অসম বঞ্চিত হ'বলগীয়া হৈছে ।

ইফালে ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰত ৰাজ্যৰ লাখ লাখ লোক কৰ্মসংস্থাপনহীন হৈ পৰাৰ লগতে বহু লোকে কৰ্মৰ পথ সলনি কৰিবলগীয়া হৈছে । আচলতে ক'ভিডকালীন পৰিস্থিতিত কৰ্মহীন হৈ পৰা লোকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে এম জি এনৰেগাৰ যোগেদি অধিক ৰোজগাৰৰ ব্যৱস্থা কৰিব লাগিছিল । পিছে কেন্দ্ৰই এম জি এনৰেগাৰ ক্ষেত্ৰত পুঁজিৰ পৰিমাণ বৃদ্ধি কৰাৰ বিপৰীতে হ্ৰাসহে কৰিছে । ক'ভিডকালীন পৰিস্থিতিৰ পৰা এতিয়াও বহু লোকে মূৰ দাঙি উঠিব পৰা নাই ।

আনহাতে ৰাজ্যখনত দিনক দিনে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Problem of unemploymentv in Assam) । তেনেস্থলত এম জি এনৰেগাৰ যোগেদি কেন্দ্ৰই কৰ্মসংস্থাপনৰ সুযোগ-সুবিধা বৃদ্ধি কৰিব লাগিছিল । ইফালে সমউন্নয়ন আৰু সমবিকাশৰ কথা কোৱা বিজেপি চৰকাৰে কিন্তু পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত এই নীতি গ্ৰহণ কৰা নাই । এম জি এনৰেগাৰ পুঁজি মোকলাই দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰই কিন্তু সমতাৰ দৃষ্টিৰে সকলো ৰাজ্যক চোৱা নাই । বিজেপি শাসিত তথা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যৰ বিপৰীতে বিজেপিৰ শাসন নথকা আন ৰাজ্যকো কেন্দ্ৰই এইক্ষেত্ৰত বৈষম্য কৰ‍া পৰিলক্ষিত হৈছে ।

উদাহৰণ স্বৰূপে, বিজেপি শাসিত কৰ্ণাটকত ২০২০-২১ বৰ্ষত ৫৫০০.৯৯ কোটি আৰু ২০২১-২২ বৰ্ষত ৬০২৮.০৮ কোটি টকা এম জি এনৰেগা শিতানত মোকলাই দিয়া হৈছিল । সেইদৰে চলিত বিত্তীয় বৰ্ষত ২৮ জুলাইলৈ ২৯০৩.১২ কোটি টকা মোকলাই দিয়া হৈছে । ইয়াৰ বিপৰীতে বিজেপিৰ শাসন নথকা কেৰেলাত ২০২০-২১ বৰ্ষত ৪২৮৬.৭৮ কোটি টকা আৰু ২০২১-২২ বৰ্ষত ৩৫৫১.৯৩ কোটি টকা মোকলাই দিয়া হৈছিল । চলিত বিত্তীয় বৰ্ষৰ ২৮ জুলাইলৈ ১৩১২.৬৭ কোটি টকা মোকলাই দিছে ।

ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি যে, বিজেপিৰ শাসন নথকা ৰাজ্যক কিদৰে বঞ্চিত কৰা হৈছে । লক্ষণীয় বিষয় যে, অসমত বিজেপিৰ চৰকাৰ থকাৰ পাছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অসমক সকলো দিশতে বঞ্চিত কৰি আহিছে । চলিত বৰ্ষত ৰাজ্যখনে ভয়াৱহ বানৰ কৱলত পৰিল যদিও কেন্দ্ৰই বিশেষ কোনো সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই ৷ এয়াই হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বাস্তৱিক অসমপ্ৰীতি ।

লগতে পঢ়ক: Erosion in Assam: খহনীয়াই নোহোৱা কৰিলে ৰাজ্যৰ ২৫০০ খনকৈ গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.