ETV Bharat / state

মহানগৰীত ফাইনেঞ্চৰৰূপী ট্ৰাক চোৰ গ্ৰেপ্তাৰ

author img

By

Published : Mar 8, 2020, 8:48 PM IST

Updated : Mar 8, 2020, 10:33 PM IST

মহানগৰী গুৱাহাটীত সক্ৰিয় গাড়ীচোৰ চক্ৰ ৷ ফাইনেঞ্চৰৰ ৰূপত এতিয়া মহানগৰীৰ ঘাইপথত দেখা গৈছে গাড়ীচোৰ চক্ৰ ৷ নিজকে ফাইনেঞ্চৰৰ পৰিচয় দি চুৰি কৰি লৈ যাব পাৰে আপোনাৰ বহুমূলীয়া বাহন ।

ট্ৰাক চোৰ গ্ৰেপ্তাৰ
ট্ৰাক চোৰ গ্ৰেপ্তাৰ

গুৱাহাটী,8 মাৰ্চঃ ফাইনেঞ্চৰৰ ৰূপত ৰাজ্যত সক্রিয় গাড়ী চুৰি চক্ৰ । নিজকে ফাইনেঞ্চৰৰ লোক বুলি পৰিচয় দি চুৰি কৰি লৈ যাব পাৰে আপোনাৰ বহুমূলীয়া বাহন । তেনে এক ভুৱা ফাইনেঞ্চৰৰ জালত পৰিল যোৰাবাট আৰক্ষীৰ ৰূপম শৰ্মা নামৰ ব্যক্তিগৰাকী । এনে এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে যোৰাবাটৰ বাৰমাইলৰ 6নং ৰাষ্ট্ৰীয় ঘাইপথত ।

ট্ৰাক চোৰ গ্ৰেপ্তাৰ
ট্ৰাক চোৰ গ্ৰেপ্তাৰ

ঘটনাৰ বিৱৰণী অনুসৰি,বিগত বৰ্ষৰ 17 ছেপ্তেম্বৰৰ দিনটোত অৰূপ শৰ্মা নামৰ লোকজনে তিনি সহযোগী ক্ৰমে ৰাজীৱ বড়ো,ৰূপক পাল আৰু চাৰিকুল চৌধুৰীৰ লগত RJ 42 G A 1845 নম্বৰৰ ট্ৰাকখনৰ কিস্তি ফেইল হোৱা বুলি কৈ ট্ৰাকখন ক্ৰেনেৰে টানি লৈ যায় । পৰৱৰ্তী সময়ত ঘটনা সম্পৰ্কে চালক প্ৰেমচন্দ্ৰ দিৱাসীয়ে ট্ৰাকখনৰ গৰাকী ৰাজেন্দ্ৰ প্ৰসাদ যাদৱক অৱগত কৰে । অৱশেষত ট্ৰাকখনৰ গৰাকীয়ে ফাইনেঞ্চৰৰ নথি-পত্ৰ পৰীক্ষাৰ কৰাৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহে ।

মহানগৰীত ফাইনেঞ্চৰৰূপী ট্ৰাক চোৰ

উক্ত ঘটনা সন্দৰ্ভত বিগত বছৰৰ 9 অক্টোবৰত যোৰাবাট আৰক্ষী চকীত এক গোচৰ পঞ্জীয়ন কৰে চালক প্ৰেমচন্দ্ৰ দিৱাসীয়ে ৷ গোচৰৰ ভিত্তিত যোৰাবাট আৰক্ষীৰ এটা দলে দেওবাৰে অৰূপ শৰ্মা (45) নামৰ নলবাৰীৰ ভুৱা ফাইনেঞ্চৰৰূপী চোৰজনক গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমানলৈকে চুৰি ট্ৰাক তথা চোৰজনৰ তিনি সহযোগী সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই যোৰাবাট আৰক্ষীয়ে । ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

লগতে চাওকঃসংগ্ৰাম আৰু সাহসৰ অন্য এক নাম ড৹ বিৰুৱালা ৰাভা

Last Updated : Mar 8, 2020, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.