ETV Bharat / state

৫ জন লোকৰ ভিতৰত ১ জন লোক কৰ্কটত আক্রান্ত হ'ব: ডাঃ অমল চন্দ্ৰ কটকী - বিশ্ব কৰ্কট দিৱস

২০২০ বর্ষত সমগ্ৰ বিশ্বতে কৰ্কট ৰোগীৰ সংখ্যা ১ কোটি ৯৩ লাখলৈ বৃদ্ধি পাইছে । গৱেষণা মতে সমগ্ৰ বিশ্বত ৫ জন লোকৰ ভিতৰত এজন লোক নিজৰ জীৱন কালত কৰ্কট ৰোগত আক্ৰান্ত হ'ব । বিশ্ব কৰ্কট দিৱসৰ দিনটোতে প্ৰকাশ পালে এই ভয়াবহ তথ্য ৷

World Cancer day
৫ জন লোকৰ ভিতৰত ১ জন লোক কৰ্কটত আক্রান্ত হ'ব
author img

By

Published : Feb 4, 2022, 10:56 PM IST

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: আন্তৰ্জাতিক সমীক্ষা মতে ২০২০ বর্ষত সমগ্ৰ বিশ্বতে কৰ্কট ৰোগীৰ সংখ্যা ১ কোটি ৯৩ লাখলৈ বৃদ্ধি পাইছে । অন্য এক গৱেষণা মতে সমগ্ৰ বিশ্বত ৫ জন লোকৰ ভিতৰত এজন লোক নিজৰ জীৱন কালত কৰ্কট ৰোগত আক্ৰান্ত হ'ব । এই ভয়াবহ তথ্য সদৰি কৰিছে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে ।

উল্লেখ্য যে, বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফ’ৰাম, অসমৰ যৌথ উদ্যোগত শুকুৰবাৰে "কৰ্কট ৰোগৰ উন্নত প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা দূৰত্ব নিৰ্মূল" শীৰ্ষক এখন ৱেবিনাৰ অনুষ্ঠিত হয় । ৱেবিনাৰখনত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ কটকীয়ে উদ্বোধন কৰি কৰ্কট ৰোগ সম্বন্ধীয় সমীক্ষাৰ কেতবোৰ ভয়াৱহ তথ্য সদৰী কৰি এইক্ষেত্ৰত সকলোকে সজাগ আৰু সচেতন হবলৈ আহ্বান জনায় ।

ৱেবিনাৰখনত অংশ লৈ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অংকলজী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ দেৱব্ৰত বৰ্মনে 'কৰ্কট ৰোগৰ বোজা আৰু ইয়াৰ অৱলোকন', ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কোষ, অসমৰ ৰাজ্যিক নডেল বিষয়া ড৹ অৰুন্ধতী ডেকাই 'ধঁপাত আৰু কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা', কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ মুখ্য কাৰ্যবাহী বিষয়া অসীম সান্যালে 'কৰ্কট ৰোগীয়ে সন্মুখীন হোৱা আৰ্থিক বোজা', ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰিভেন্টিভ অংকলজী বিভাগৰ দায়িত্বত থকা সহযোগী অধ্যাপক ডাঃ শ্ৰাৱনা মিশ্ৰ ভাগৱতীয়ে 'কৰ্কট ৰোগ আৰু স্বাস্থ্য' আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই 'ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ নিয়ন্ত্ৰণ'ৰ ওপৰত বক্তব্য আগবঢ়ায় ।

ৱেবিনাৰখনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: World Cancer Day 2022: দেশৰ ভিতৰতে অসমত সৰ্বাধিক কেন্সাৰ ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.