ETV Bharat / state

Cancer awareness programme: হেল্থ চিটি হাস্পতালত কৰ্কট ৰোগৰ আলোচনাচক্ৰ

author img

By

Published : Mar 19, 2023, 9:32 PM IST

হেল্থ চিটি হাস্পতালত কৰ্কট ৰোগ সন্দৰ্ভত আলোচনা চক্ৰ (Cancer Seminar in Guwahati)। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে কেইবাগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞই ।

Cancer Seminar in Guwahati
কৰ্কট ৰোগৰ বিশেষ আলোচনা চক্ৰ
কৰ্কট ৰোগৰ বিশেষ আলোচনা চক্ৰ

গুৱাহাটী ১৯ মাৰ্চ: হেল্থ চিটি হাস্পতালত ১৭ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে কৰ্কট ৰোগৰ এক বিশেষ আলোচনা চক্ৰ (Cancer Seminar in Guwahati)। এই আলোচনা চক্ৰখনত উত্তৰ পূৰ্বাঞ্চলত ভয়াবহভাৱে বৃদ্ধি হোৱা কৰ্কট ৰোগৰ নিৰাময় তথা সজাগতাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় (Health City Hospital in Guwahati)। ১৭ মাৰ্চৰ কাৰ্যসূচী হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অহা নাৰ্ছসকলক প্ৰশিক্ষণ প্ৰদান কৰে ভাৰতৰ ভিন্ন স্থানৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকসকলে ।

আনহাতে, ১৮ মাৰ্চত বৈজ্ঞানিক ভিত্তিত দিনজোৰাকৈ এখনি আলোচনা চক্র অনুস্থিত হয় (Cancer awareness programme in Guwahati)। উক্ত আলোচনা চক্ৰখনত উপস্থিত থাকে মুম্বাইৰ জচলক হাস্পতালৰ কৰ্কট ৰোগৰ বিশেষজ্ঞ তথা অসম বৈভৱ বঁটা প্ৰাপক ডাঃ তপন শ‍ইকীয়া (Dr Tapan Saikia recipient of Assam Baibhav Award), দিল্লীৰ এইম্‌ছৰ প্ৰবক্তা ডাঃ চন্দন জ্যোতি দাস, মেডান্ত হাস্পতালৰ ডাঃ দীপক শাৰীন, চেন্নাই এপল' হাস্পতালৰ ডাঃ ভেংকাট কাটিকিয়ান আদি । দেওবাৰে শেষৰ দিনটোত হেলথ্ চিটী হাস্পতালৰ অস্ত্ৰোপ্ৰচাৰ কক্ষত বিভিন্ন অস্ত্ৰোপচাৰৰ লাইভ দৃশ্য দেখুৱা হয় । এই অস্ত্ৰোপচাৰ কক্ষত উপস্থিত থাকে ভাৰতৰ বিশিষ্ট চিকিৎসক ডাঃ শৈলেশ পুনতামবেকাৰ ।

উল্লেখ্য় যে কৰ্কট ৰোগ হৈছে এটা শ্ৰেণী যিটোক চিকিৎসা বিজ্ঞানত মেলিগনেণ্ট নিঅ'প্লাজম (Malignant neoplasm) বুলি কোৱা হয় । এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি হোৱাটো । বিশ্বত এই ৰোগত মৃত্যুৰ হাৰ অধিক । শেহতীয়া কেইবাবছৰ ধৰি অসমত কৰ্কট ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিখন জিলাতে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । প্ৰতিবছৰে স্বাস্থ্য বিভাগৰ সহযোগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে কৰ্কট ৰোগৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰি আহিছে । হেল্থ চিটি হাস্পতালেও ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । এই পদক্ষেপৰ অংশ ৰূপে কৰ্কট ৰোগৰ নিৰাময় তথা সজাগতাৰ ওপৰত বিষদভাৱে আলোচনা কৰিবলৈ আলোচনা চক্ৰৰ আয়োজন কৰে ।

লগতে পঢ়ক:Sakshi Maharaj slams Jharkhand CM: অপৰাধীৰ চিকিৎসা হৈছে আৰক্ষীৰ গুলী লাঠি আৰু বুলড'জাৰ; সাক্ষী মহাৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.