ETV Bharat / state

কেলটন,এমেইনটেক কনচালটেন্ট,অক্ষয় টেলিকমিউনিকেশ্বনে মূৰ খাইছে অসমীয়া নিবনুৱাৰ - অসম আৰক্ষীৰ উপ পৰিদৰ্ষকৰ পৰীক্ষা

উল্লেখ্য যে, সম্প্ৰতি বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষা সমূহ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ নিযুক্তি পৰিষদক দায়িত্ব অৰ্পণ কৰিছে । কেৱল আৰক্ষী বিভাগৰ বিভিন্ন পদৰ পৰীক্ষাই নহয়, শেহতীয়াকৈ নিয়োগ,শ্ৰম আৰু মীন বিভাগৰো বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব চৰকাৰে ন্যস্ত কৰিছে এই পৰিষদৰ ওপৰত ।

APCC VICE PRESIDENT DR BHAGIRATHI KIRAN
প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ডঃ ভগীৰথ কৰণ
author img

By

Published : Sep 21, 2020, 7:03 PM IST

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এতিয়ালৈকে এটা বিভাগৰো নিযুক্তি প্ৰক্ৰিয়া বা ইয়াৰ সৈতে জড়িত পৰীক্ষা নিয়াৰিকৈ পাতিবলৈ সক্ষম হোৱা নাই । যতেই হাত দিছে তাতেই কেণা লাগিছে । কোনোবাটোত যদি প্ৰশ্নকাকত ফাদিল হৈছে, আন কোনোবাটো নিযুক্তি প্ৰক্ৰিয়াত উঠিছে দুৰ্নীতিৰ অভিযোগ । ফলত ওলমি ৰৈছে নিযুক্তি প্ৰক্ৰিয়া । ন্যায়ালয়ত চলিছে গোচৰ । শেহতীয়াকৈ দেওবাৰে অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ আগে-আগে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই এই ক্ষেত্ৰত চৰকাৰখনৰ দায়িত্বহীনতাকে উদঙাই দিছে ।

উল্লেখ্য যে, সম্প্ৰতি বিভিন্ন বিভাগৰ নিযুক্তিৰ বাবে হোৱা লিখিত পৰীক্ষা সমূহ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ নিযুক্তি পৰিষদক দায়িত্ব অৰ্পণ কৰিছে । কেৱল আৰক্ষী বিভাগৰ বিভিন্ন পদৰ পৰীক্ষাই নহয়, শেহতীয়াকৈ নিয়োগ, শ্ৰম আৰু মীন বিভাগৰো বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব চৰকাৰে ন্যস্ত কৰিছে এই পৰিষদৰ ওপৰত । কিন্তু যিখন নিযুক্তি পৰিষদে নিজৰ বিভাগটোৰেই পৰীক্ষা নিয়াৰিকৈ পাতিব নোৱাৰে । প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হয়, সেইখন পৰিষদে কি বিস্বাসযোগ্যতাৰে আন আন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি প্ৰশ্ন তুলিছে বিৰোধী কংগ্ৰেছ দলে । প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ডঃ ভগীৰথ কৰণে আজি ই টিভি ভাৰতৰ আগত এই প্ৰশ্ন উত্থাপন কৰি কয় যে, অসম আৰক্ষী নিযুক্তি পৰিষদে কোনো পৰীক্ষা নিজে অনুষ্ঠিত নকৰে । কালিৰ বাতিল হোৱা পৰীক্ষাটোও পৰিষদে নিজে অনুষ্ঠিত কৰা নাছিল ।

প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ডঃ ভগীৰথ কৰণ
পৰীক্ষা পাতিবলৈ পৰিষদে ঠিকা দিছে কেৰালাৰ "কেলটন" নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক । আমোদজনক কথাটো হ'ল ৰাজ্যৰ লাখ-লাখ নিবনুৱাৰ সৈতে ধেমালি কৰি এই "কেলটন" নামৰ প্ৰতিষ্ঠানটোৱেও নিজে পৰীক্ষা পতা নাই । "কেলটন" এ পৰীক্ষা পাতিবলৈ "চাব কন্টেক্ট" দিছে এমেইনটেক কনচালটেন্ট আৰু অক্ষয় টেলিকমিউনিকেশ্বন নামৰ ক'লকাতাৰ দুটা প্ৰতিষ্ঠানক । গতিকে ইটোৰ পিছত সিটোক উপ ঠিকা দি অনুষ্ঠিত কৰা পৰীক্ষা নিকা হ'ব পাৰে বুলি কেনেকৈ আশা কৰিব পাৰি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.