ETV Bharat / state

কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত 'কা' বিৰোধী আন্দোলন - নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে অসমৰ প্ৰান্তে প্ৰান্তে বাইক ৰেলী উলিওৱাৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে আন্দোলনত নামিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনসমূহ ৷

caa-protest-over-all-assam
ৰাজ্যৰ ভিন্ন প্ৰান্তত 'কা' বিৰোধী আন্দোলন
author img

By

Published : Mar 16, 2020, 10:50 PM IST

ডুমডুমা, ১৬ মাৰ্চঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডুমডুমাত আছুৰ বাইক ৰেলী ৷ দীৰ্ঘদিন বিৰতিৰ পাছত নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত ডুমডুমাত সোমবাৰে এক বাইক ৰেলী উলিয়াই ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই । ডুমডুমা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীত বিজেপি দল তথা চৰকাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী বিভিন্ন শ্ল'গান দিয়া পৰিলক্ষিত হয় ৷

ডুমডুমাত 'কা' বিৰোধী আন্দোলন

তিনিচুকীয়া,১৬ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে কা’ বিৰুদ্ধি প্ৰতিবাদ ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিনিচুকীয়াৰ মাকুমত সোমবাৰে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত উলিয়াই এক মটৰ চাইকেল ৰেলী ৷ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ চুতীয়াৰ নেতৃত্বত বাহিৰ কৰা বাইক ৰেলীটো মাকুম ৰজনীকান্ত বৰদলৈ খেলপথাৰত আৰম্ভ কৰি সমগ্ৰ মাকুম অঞ্চলত পৰিভ্ৰমণ কৰি কা’ বিৰোধী শ্ল’গানে মুখৰিত কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

তিনিচুকীয়াত আছুৰ 'কা' বিৰোধী আন্দোলন

ইফালে তিনিচুকীয়া সদৰ থানা চাৰি আলিৰ ডঃ ভূপেন হাজৰিকা উদ্যানত সোমবাৰে 'টাইপা'ৰ উদ্যোগত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু জাতিধ্বংসী 'কা' বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷

তিনিচুকীয়াত 'টাইপা'ৰ উদ্যোগত 'কা' বিৰোধী আন্দোলন

নাহৰকটীয়া,১৬ মাৰ্চঃ নাহৰকটীয়াৰ পুৰনি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত সোমবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু) ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া মহকুমা সমিতি সহযোগত টাই আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতি প্ৰদান কৰা,অসমৰ পৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আৰু "কা" বিৰোধী আন্দোলনত আটক কৰা আন্দোলনকাৰী সকলক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

নাহৰকটীয়াত 'কা' বিৰোধী আন্দোলন

শিৱসাগৰ,১৬ মাৰ্চঃ শিৱসাগৰত সোমবাৰে সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে আইন বাতিলৰ দাবীত শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা বাহিৰ কৰে এক প্ৰতিবাদী জোৰ সমদল।।ৰংঘৰ বাকৰিৰ পৰা শিৱসাগৰ নগৰলৈ প্ৰতিবাদী জোৰ সমদল উলিয়াই বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

শিৱসাগৰত 'কা' বিৰোধী আন্দোলন

লগতে পঢ়কঃকৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱঃ অসমৰ সংৰক্ষিত বনাঞ্চলসমূহ বন্ধৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.