ETV Bharat / state

শিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল

author img

By

Published : Jan 4, 2020, 4:53 PM IST

Updated : Jan 4, 2020, 11:26 PM IST

ভৰলুমুখ
প্ৰতিবাদ মুখৰ মহানগৰীৰ ভৰলুমুখ

22:56 January 04

প্ৰতিবাদমুখৰ মহানগৰীৰ ভৰলুমুখ

প্ৰতিবাদমুখৰ মহানগৰীৰ ভৰলুমুখ

গুৱাহাটী,4 জানুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ। চৰকাৰী পক্ষই যিমানেই দমন,ভয়-ভাবুকিৰে সংগ্ৰাম স্তব্ধ কৰাৰ চেষ্টা চলাই আছে সিমানেই তীব্ৰতৰ হৈছে প্ৰতিবাদ। শনিবাৰে মহানগৰীৰ ভৰলুমুখত ওলাই আহিল ৰাইজ। শান্তিপুৰ-ভৰলুমুখ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল স্থানীয় ৰাইজ। কেইগৰাকীও শিল্পী,সাহিত্যিকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ কৰি যোৱাৰ সংকল্প ভৰলুমুখবাসীয়ে। চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷ 

লগতে পঢ়কঃজামিন লাভ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

21:26 January 04

চিলাপথাৰ আৰু ধেমাজি সদৰত জোঁৰ সমদল

চিলাপথাৰ আৰু ধেমাজি সদৰত জোঁৰ সমদল

ধেমাজি,৪ জানুৱাৰীঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজিতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন | শনিবাৰে সন্ধিয়া চিলাপথাৰ আৰু ধেমাজি সদৰত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক আৰু ধেমাজি সদৰ আঞ্চলিকে পৃথকে পৃথকে জোঁৰ সমদল বাহিৰ কৰে | প্ৰতিবাদত অসম সদৌ ছাত্ৰ সন্থা,আটাছুকে ধৰি সচেতন নাগৰিক সকলে অংশ গ্ৰহণ কৰে ৷ 
লগতে পঢ়কঃ জামিন লাভ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

20:53 January 04

বৰমাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

বাক্সা, 4 জানুৱাৰীঃ বৰমাত নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল ৷ বাক্সা জিলাৰ বৰমাত শনিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক কমিটিয়ে বৰমাৰ মাজেৰে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে বৰমা অঞ্চল ৷ জোৰ সমদল উন্মোচন কৰে বৰমা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ সুনিল শৰ্মাই ৷ প্ৰতিবাদী জোঁৰ সমদলত বৰমাৰ কেইবাশতাধীক ৰাইজে অংশ গ্ৰহণ কৰে ৷ 

লগতে চাওকঃশিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল

18:58 January 04

শিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল

শিৱসাগৰত মানৱ শৃংখলৰে সাব্যস্ত প্ৰতিবাদ

শিৱসাগৰ, 4 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰোধিতাৰে শিৱসাগৰত শনিবাৰে দেখিবলৈ পোৱা গ'ল এক অনন্য প্ৰতিবাদ । ঐতিহাসিক বৰপুখুৰী পাৰত ৰংপুৰীয়া ৰাইজে নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে বৃহৎ মানৱ শৃংখলেৰে সাব্যস্ত কৰিলে প্ৰতিবাদ । আহোম শাসনকালৰ অষ্টাদশ শতিকাৰ অক্ষয় কীৰ্তি আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী মহাৰাণী অম্বিকায়ে ১৭৩৪ চনত খন্দোৱা ঐতিহাসিক শিৱসাগৰ বৰপুখুৰীৰ চাৰিওফালে এক বৃহৎ মানৱ-শৃংখলেৰে আইনখন বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসী ৰাইজে । শিৱসাগৰ পুখুৰীটো খান্দোতে যিদৰে বিভিন্ন জাতি ধর্ম বৰ্ণ নিৰ্বিশেষে ঐক্যতাৰে আগভাগ লৈছিল ঠিক তেনেকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদতো দেখা গ'ল শিৱসাগৰবাসীৰ মাজত সমন্বয় । পুখুৰীৰৰ পাৰত ৰাইজে হাতে হাত ধৰি অসম আৰু অসমীয়াৰ অস্তিত্বৰ ৰক্ষাৰ বাবে অ' মোৰ আপোনাৰ দেশ গাই সাব্যস্ত কৰিলে প্ৰতিবাদ । 
 
17:29 January 04

CAA বাতিলৰ দাবীৰে ধৰ্মঘটত কুকুৰমাৰাৰ জ্যেষ্ঠ নাগৰিক সমাজ

কুকুৰমাৰাত জ্যেষ্ঠ নাগৰিক সমাজৰ ধৰ্মঘট

ছয়গাঁও, ৪ জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শনিবাৰে দক্ষিণ কামৰূপৰ কুকুৰমাৰাত জ্যেষ্ঠ নাগৰিক সমাজে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘটত বহিল কুকুৰমাৰাৰ জ্যেষ্ঠ নাগৰিক সকল ৷ আইনখন বাতিলৰ দাবীতে হাতে হাতে প্লেকাৰ্ড আৰু ফেষ্টুন লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নাগৰিকসকলে ৷ 

17:00 January 04

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ "গণ অৱস্থান" কাৰ্যসূচী

বাইহাটা চাৰিআলিত "গণ অৱস্থান" কাৰ্যসূচী

বাইহাটা, 4 জানুৱাৰীঃ বৰ্তমানেও ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ । বাইহাটা চাৰিআলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰূপায়ণ কৰে "গণ অৱস্থান" কাৰ্যসূচী । লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । অখিল গগৈক মুক্তি দিয়ক,অসম চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি শ্ল'গানেৰে বাইহাটৰ পৰিৱেশ । আগন্তুক দিনত অখিল গগৈক মুক্তি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে ৰাজ্যজুৰি ব্যপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
 
15:37 January 04

ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ শনিবাৰে দক্ষিণ কামৰূপৰ উপৰহালীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুস্থিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পদযাত্ৰা

উপৰহালীত কংগ্ৰেছৰ 'অস্তিত ৰক্ষাৰ জনজাগৰণ যাত্ৰা'

কামৰূপ, 4 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । বিভিন্ন দল-সংগঠনৰ লগতে ব্যক্তিগতভাৱেও বহুতে চলাইছে প্ৰতিবাদ । ইয়াৰে ভিতৰত কংগ্ৰেছেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলাই আহিছে । শনিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ উপৰহালীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পদযাত্ৰা । নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদিৰ দাবীত কংগ্ৰেছে 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' বাহিৰ কৰে । পলাশবাৰীৰ উপৰহালীৰ পৰা বাটৰহাটলৈ অনুষ্ঠিত হোৱা এই পদযাত্ৰাত শতাধিক লোকে অংশ লোৱাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাকে ধৰি কংগ্ৰেছ নেতৃবৰ্গই অংশগ্ৰহণ কৰে ।

Intro:দক্ষিণ কামৰূপৰ উপৰহালীত কংগ্ৰেছৰ 'অস্তিত ৰক্ষাৰ জনজাগৰণ যাত্ৰা' ।
Body:Ocvo..জাতিধব্বংশী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । বিভিন্ন দল-সংগঠনৰ লগতে ব্যক্তিগতভাৱেও।বহুতে চলাইছে প্ৰতিবাদ । ইয়াৰে ভিতৰত কংগ্ৰেছেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলাই আছে । আজিও দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ উপৰহালীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুস্থিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পদযাত্ৰা অনুস্থিত হয় । নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদিৰ দাবীত কংগ্ৰেছে 'অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা' অনুস্থিত কৰে । পলাশবাৰীৰ উপৰহালীৰ পৰা বাটৰহাটলৈ অনুস্থিত হোৱা এই পদযাত্ৰাত শতাধিক লোকে অংশ লোৱাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাকে ধৰি কংগ্ৰেছ নেতৃবৰ্গই অংশগ্ৰহন কৰে ।Conclusion:অৱশ্যে এই জনজাগৰণ যাত্ৰাত অংশ লোৱা মানুহৰ সংখ্যা শেমেকা দেখা যায় ।

Bite1 &2..ৰিপুন বৰা আৰু পলাশবাৰী কংগ্ৰেছ নেত্ৰী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Jan 4, 2020, 11:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.