ETV Bharat / state

ফণী "গেৰুৱা" প্ৰাৰ্থী হ'লেও ভৱানীপুৰৰ উপ-নিৰ্বাচনত নিজা প্ৰাৰ্থী দিব অগপই - কুমাৰ দীপক দাস

আগন্তুক উপ-নিৰ্বাচনক লৈ ৰণনীতি যুগুত কৰিছে বিজেপিয়ে । মিত্ৰ দল অসম গণ পৰিষদেও চলাইছে প্ৰস্তুতি । কিন্তু ভৱানীপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়ী হোৱা ফণী তালুকদাৰৰ বিজেপিত যোগদানৰ সিদ্ধান্তই দুয়োটা দলৰে মাজত কিছু খেলিমেলিৰ সৃষ্টি কৰিছে । উপ-নিৰ্বাচনত দুয়োটা দলেই ভৱানীপুৰ সমষ্টিৰ পৰা নিজ নিজ দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ যো-জা চলাইছে ।

Bye election of Bhabanipur Constituency
উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অগপৰ প্ৰাৰ্থীয়ে
author img

By

Published : Aug 23, 2021, 3:41 PM IST

গুৱাহাটী, ২৩ আগষ্ট: এ আই ইউ ডি এফ(AIUDF)ৰ প্ৰাৰ্থী ৰূপে ভৱানীপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে জিকি আহি এতিয়া সেই দল এৰি গেৰুৱা বাহিনীত যোগ দিব খোজা ফণী তালুকদাৰ(Phani Talukdar) সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত এক চৰ্চিত বিষয় হৈ পৰিছে । ১ ছেপ্টেম্বৰত ফণী তালুকদাৰে বিজেপিত যোগ দিব আৰু ইয়াৰ ফলত ভৱানীপুৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক উপ-নিৰ্বাচন(Bye election)ত ফণী তালুকদাৰেই বিজেপিৰ প্ৰাৰ্থী হ'ব বুলি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যে ঘোষণা কৰিছে । এনে ঘটনাক্ৰমে ভৱানীপুৰৰ উপ-নিৰ্বাচন অৱধাৰিত কৰি তুলিছে । কিন্তু, শেহতীয়াকৈ এই সম্ভাৱ্য উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা ৰাজনৈতিক কুচকাৱাজ আমোদজনক হৈ পৰিছে ।

Bye election of Bhabanipur Constituency
উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অগপৰ প্ৰাৰ্থীয়ে

আসন্ন এই উপ-নিৰ্বাচনক লৈ দুই মিত্ৰ দল বিজেপি আৰু অগপৰ মাজত সৃষ্টি হৈছে অৰিয়াঅৰি । যিসময়ত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ৰাজহুৱাকৈ ঘোষণা কৰিছে যে, ভৱানীপুৰৰ উপ-নিৰ্বাচনত ফণী তালুকদাৰেই হ'ব বিজেপিৰ প্ৰাৰ্থী, সেই সময়তে মিত্ৰ দল অগপয়ো সমষ্টিটোৰ উপ-নিৰ্বাচনত নিজাকৈ প্ৰাৰ্থী দিবলৈ সাজু হৈছে । সোমবাৰে, অগপৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই কথা । তেওঁ কয়- "সমগ্ৰ পশ্চিম অসমত অগপৰ সাংগঠনিক স্থিতি কেনেদৰে অধিক শক্তিশালী কৰি তুলিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ভৱানীপুৰ মহাবিদ্যালয়ত আমাৰ দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল ।

সেই বৈঠকত দলৰ বাৰখন জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল । তাতেই এই বিষয়টো আলোচনা কৰা হয় ।

যিহেতু বিগত বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টিটো মিত্ৰদল হিচাপে অগপক এৰি দিয়া হৈছিল আৰু আমাৰ প্ৰাৰ্থী ৰঞ্জিৎ ডেকা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, গতিকে এইবাৰো যদিহে উপ-নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে আমাৰ প্ৰাৰ্থী থাকিব ।" কুমাৰ দীপক দাসৰ এনে মন্তব্যই বিজেপিৰ অংকত আউল লগোৱাৰ সম্ভাৱনা আছে । উল্লেখযোগ্য যে, বিগত বিধানসভা নিৰ্বাচনত ভৱানীপুৰৰ অগপ প্ৰাৰ্থী ৰঞ্জিৎ ডেকা প্ৰায় তিনি হেজাৰ ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল ।

লগতে পঢ়ক:ইটিভি ভাৰতৰ বাতৰি পিছতেই কঠোৰ হৈছে ৰঙিয়াৰ আৰক্ষী প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.