গুৱাহাটী,২৪ আগষ্ট: চৰকাৰৰ কঠোৰ স্থিতিৰ পাছতো অসমত অব্যাহত আছে চোৰাং সামগ্ৰীৰ সৰবৰাহ । কেৱল অসমতেই নহয় বহিঃৰাজ্যতো উদ্ধাৰ হৈছে অসমৰ পৰা সৰবৰাহ হোৱা চোৰাং সামগ্ৰী । এইবাৰ বহিঃৰাজ্যত জব্দ হৈছে অসমৰ মাজেৰে সৰবৰাহ কৰা বাৰ্মিজ চেগুন কাঠ ।
![burmese teak wood smuggled from assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-burmese-teak-wood-worth-rs-15-crore-smuggled-from-assam-seized-in-west-bengal-7209925_24082022131837_2408f_1661327317_327.jpeg)
বাৰ্মিজ চুপাৰিৰ পাছত বাৰ্মিজ কাঠৰ চোৰাং সৰবৰাহ । এইবাৰ পশ্চিমবংগৰ শিলিগুৰিত বন বিভাগে জব্দ কৰিলে অসমৰ পৰা চোৰাংভাৱে চালান দিয়া ডেৰ কোটি টকাৰ বাৰ্মিজ
চেগুন(West Bengal forest department raids) । চুবুৰীয়া ৰাজ্যখনৰ বন বিভাগে যোৱানিশা শিলিগুৰিৰ ঘোচপুকুৰত এখন স্ক’ৰপিঅ' আৰু ট্রাকত তালাচী চলাই বৃহৎ পৰিমাণৰ বার্মিজ চেগুন জব্দ কৰিবলৈ সক্ষম হয় । ডেৰ কোটি টকাৰ বাৰ্মিজ চেগুন জব্দ কৰা গোচৰত গ্ৰেপ্তাৰ হৈছে সৰভোগৰ এগৰাকী বিজেপি নেতাসহ গুৱাহাটীৰ দুই চোৰাং বেপাৰীক(Burmese teak seized in West Bengal) ।
উত্তৰবংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হোৱা এই চোৰাং কাঠৰ মাফিয়া কেইজন হৈছে গুৱাহাটীৰ মানৱজ্যোতি মহন্ত, বিদ্যুৎ ভৰালী, বৰপেটা জিলাৰ সৰভোগৰ বিজেপি সংখ্যালঘু মৰ্চাৰ নেতা আমজাদ খান আৰু হাৰিয়ানাৰ ছাৰণ খান আৰু আৰবাজ খান । প্ৰাপ্ত তথ্য মতে চিমেণ্টৰ বস্তা আৰু তুঁহৰ তলত চেগুন কাঠৰ কুণ্ডাসমূহ লুকুৱাই অনা হৈছিল । উল্লেখ যে চোৰাং কাঠ কঢ়িওৱা ট্রাকখনৰ আগে আগে আহিছিল AS-01-DQ-5637 নম্বৰৰ ৰঙা ৰঙৰ স্ক’ৰপিঅ'খন ।
স্ক'ৰপিঅ'খনত আছিল গুৱাহাটীৰ মানৱজ্যোতি মহন্ত, বিদ্যুৎ ভৰালী আৰু আমজাদ খান । বন বিভাগে প্ৰথমে স্ক’ৰপিঅ'খন জব্দ কৰে আৰু ইয়াৰ পিছতে HR-55-T-2673 নম্বৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । ট্রাকখনত চিমেণ্টৰ বস্তা আৰু তুঁহৰ তলত কাঠৰ কুণ্ডাসমূহ লুকুৱাই অনা হৈছিল । এই কাঠ মাফিয়া চক্ৰটোৱে জব্দ কৰা চেগুন কাঠৰ কুণ্ডাসমূহ অসমৰ পৰা নাগপুৰলৈ চালান দিয়াৰ চেষ্টা চলাইছিল বুলি আৰক্ষীৰ সূত্রত প্ৰকাশ পাইছে ।
উল্লেখ যে অসমৰ মাজেৰে মণিপুৰ, মিজোৰাম, অৰুণাচলৰ চোৰাং কাঠ, বার্মিজ চেগুনৰ চোৰাং চালান অব্যাহত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । কিন্তু অসমৰ চাৰিসীমাত বহিঃৰাজ্যলৈ চালান দিবলৈ অনা এনে কোটিটকীয়া চোৰাং কাঠ বিগত এটা বছৰত জব্দ কৰাৰ নজিৰ নাই । এনে সময়তে ৰাজ্যৰ চাৰিসীমা নিৰাপদে পাৰ হৈ যোৱা ডেৰ কোটি টকাৰ চেগুন কাঠ কঢ়িওৱা ট্রাক পশ্চিমবংগৰ বন বিভাগে জব্দ কৰা ঘটনাই অসমৰ বন বিভাগৰ ব্যৰ্থতাকে প্রতিপন্ন কৰিছে ।
অৱশ্যে এইখিনিতে বহু প্ৰশ্নৰো অৱতাৰণা হৈছে । কেনেদৰে অসম চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ মাজতো অসমৰ মাজেৰে চোৰাং কাঠ সৰবৰাহ হ'বলৈ পালে । প্ৰাপ্ত অভিযোগ অনুসৰি এটা সু-সংগঠিত ছিণ্ডিকেটৰ মাধ্যমেৰে মানৱজ্যোতি মহন্ত, বিদ্যুৎ ভৰালী আৰু আমজাদ খানে অসমৰ পৰা মহাৰাষ্ট্ৰলৈ এইদৰে বার্মিজ চেণ্ডনকে ধৰি অন্যান্য মূল্যৱান চোৰাং-কাঠ চালান দি আহিছে ।
অসমত কোনোবা অদৃশ্য শক্তিৰ আশীৰ্বাদত সুৰক্ষিত হৈ থাকিলেও কিন্তু এইবাৰ পশ্চিমবংগৰ বন বিভাগৰ হাতত গ্ৰেপ্তাৰ হ’ল অসমৰ এই তিনি কাঠ মাফিয়া । উল্লেখ যে ধৃত আমজাদ খান সৰভোগৰ বিজেপি সংখ্যালঘু মৰ্চাৰ আগশাৰীৰ নেতা বুলি পৰিচিত । তদুপৰি মানৱজ্যোতি মহন্ত আৰু বিদ্যুৎ ভৰালীও একাংশ বিজেপি নেতাৰ লগত অতি ভাল সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে । অভিযুক্তকেইজনক পশ্চিমবংগৰ বন বিভাগে আদালতত হাজিৰ কৰাই জিম্মাত লোৱা বুলি জনা গৈছে । উল্লেখ যে মাফিয়াৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে ব্যাপক তৎপৰতা অৱলম্বন কৰাৰ বিপৰীতে এনেদৰে অব্যাহত আছে সুসংগঠিত চোৰাং কাৰবাৰ ।
লগতে পঢ়ক: সোণাৰিত হস্ত নিৰ্মিত বন্দুকসহ এজন অৰুণাচলী যুৱক গ্ৰেপ্তাৰ