ETV Bharat / state

সাৱধান ! মহানগৰীত ফ্লেট বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ জাল - ৰাগা এপাৰ্টমেন্ট

গুৱাহাটীৰ লংকেশ্বৰৰ কুমাৰপাৰাত বাচেৰা ৰাগা এপাৰ্টমেন্ট নিৰ্মাণৰ নামত প্ৰৱঞ্চনাৰ জাল সৰিতা আগৰৱালা আৰু তেওঁৰ পুত্ৰ প্ৰতীক আগৰৱালাৰ

ফেল্ট বিক্ৰীৰ নামৰ প্ৰৱঞ্চনাৰ জাল
author img

By

Published : Mar 24, 2019, 5:42 PM IST

Updated : Mar 24, 2019, 8:54 PM IST

গুৱাহাটী, 24 মাৰ্চ : মহানগৰীত ফ্লেট ক্ৰয়ৰ পৰিকল্পনা কৰিছে যদি তেন্তে সাৱধান হওঁক ! কিয়নো মহানগৰীত এতিয়া ফ্লেট বিক্ৰীৰ নামত প্ৰৱঞ্চনাৰ জাল পাতিছে একাংশ বিল্ডাৰে । এইবাৰ গুৱাহাটীৰ লংকেশ্বৰৰ কুমাৰপাৰাত সৰিতা আগৰৱালা নামৰ এগৰাকী বিল্ডাৰে বাচেৰা ৰাগা নামৰ এপাৰ্টমেন্ট নিৰ্মাণেৰে প্ৰৱঞ্চনাৰ জাল পতা তথ্য পোহৰলৈ আহিছে ৷

ফেল্ট বিক্ৰীৰ নামৰ প্ৰৱঞ্চনাৰ জাল

ফেল্ট ক্ৰেতাসকলৰ লগত হোৱা চুক্তি অনুযায়ী, ২০১৪ বৰ্ষতেই ফ্লেট আদায় দিয়াৰ কথা আছিল যদিও বৰ্তমানলৈকে নিৰ্মাণ কাৰ্য শেষ নকৰি গ্ৰাহকক মাধমাৰ শোধাই আহিছে বিল্ডাৰগৰাকীয়ে ৷ ইফালে ফ্লেটৰ নিৰ্ধাৰিত মূল্য আদায় দিয়া স্বত্ত্বেও বিল্ডাৰগৰাকীয়ে নিৰ্মাণকাৰ্য শেষ নকৰাত ক্ষোভত ফাটি পৰিছে গ্ৰাহকসকল ৷ ইপিনে ফেল্ট নিৰ্মাণ কাৰ্য শীঘ্ৰে সমাপ্ত কৰিবলৈ বিল্ডাৰ সৰিতা আগৰৱালাক জনাই আহিছে যদিও তেওঁ কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত উপায়ন্তৰ হৈ এতিয়া বিল্ডাৰ সৰিতা আগৰৱালা আৰু তেওঁৰ পুত্ৰ প্ৰতীক আগৰৱালাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে ভুক্তভোগীসকলে ৷
সেয়েহে ফ্লেট ক্ৰয়ৰ ক্ষেত্ৰত ভালদৰে ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণৰ আহ্বান ভুক্তভোগীসকলৰ ৷

Slug: A_GHY_24MAR_801_LANKESWAR CASE_HIRUL HAQUE

Gfx- 1) গুৱাহাটীত ফ্লেট লওঁতে সাৱধান!
2) এইবাৰ বিল্ডাৰৰ প্ৰৱঞ্চনাৰ বলি বিশ্ববিদ্যালয়ৰ অধ্যাপক।
3) বিল্ডাৰ সৰিতা আগৰৱালৰ বিৰুদ্ধে ক্ষোভ বিশ্ববিদ্যালয়ৰ একাংশ অধ্যাপক।

V/O1 - হয়, মহানগৰীত আপুনি ফ্লেট ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে নেকি! যদি কৰিছে তেন্তে সাৱধান হওঁক, কিয়নো একাংশ বিল্ডাৰে প্ৰৱঞ্চনাৰ জাল পাতিছে মহানগৰীত। এইবাৰ এনে বিল্ডাৰৰ প্ৰৱঞ্চনাৰ বলি গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা। মহানগৰীৰ লংকেশ্বৰত কুমাৰপাৰাৰ সৰিতা আগৰৱাল নামৰ এগৰাকী বিল্ডাৰে নিৰ্মাণ কৰিছিল বাচেৰা ৰাগা নামৰ এপাৰ্টমেন্টটো। ২০১১ বৰ্ষত ফ্লেট বুকিং কৰিছিল এইসকল বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাই।
Byte:

V/O 2- এগ্ৰিমেন অনুযায়ী ২০১৪ বৰ্ষতেই ফ্লেট আদায় দিয়াৰ কথা আছিল যদিও বৰ্তমানলৈ নিৰ্মাণ কাৰ্যয়েই শেষ হোৱা বাচেৰা ৰাগা নামৰ এপাৰ্টমেন্টটো। যাৰ বাবে এতিয়া বিল্ডাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ভুক্তভোগীসকলে। ইফালে ফ্লেটৰ নিৰ্ধাৰিত মূল্য আদায় দিয়া হৈছে যদিও সৰিতা আগৰৱালে প্ৰৱঞ্চনা কৰি আছে এইসকল লোকক।
Byte:

End V/O- আনহাতে বিল্ডাৰ সৰিতা আগৰৱাল আৰু প্ৰতীক আগৰৱালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে এইসকল ভুক্তভোগীয়ে। এখেতসকলৰ আহ্বান সকলোৱে যাতে বিল্ডাৰৰ পৰা ফ্লেট ক্ৰয় কৰোতে ভালদৰে ভাৱি লয়।

Visual-FTP
(Hirul Haque/Guwahati) 
Last Updated : Mar 24, 2019, 8:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.