গুৱাহাটী,3 মাৰ্চঃ ৬ মাৰ্চত অসম বিধানসভাত দাখিল কৰা হ’ব অসম 'বাজেট ২০২০' । ২০১৬ চনত পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰিছিল বিজেপিয়ে । বিগত চাৰিটা বৰ্ষ অতিক্ৰম কৰা সোণোৱাল চৰকাৰৰ এই বৰ্ষৰ বাজেটখনেই হ’ব সোণোৱাল চৰকাৰে দাখিল কৰিবলগীয়া অন্তিমখন পূৰ্ণাংগ বাজেট । আহিবলগীয়া বাজেটখনক লৈ যথেষ্ট আশা সাধাৰণ জনতা তথা যুৱক যুৱতীসকলৰ ৷ বিশেষকৈ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আশাবাদী নৱপ্ৰজন্ম ৷ সকলোৱে বাজেটখন জনমুখী, উন্নয়নমুখী হোৱাটো কামনা কৰাৰ লগতে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলি আশা কৰিছে ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক গায়ত্ৰী গোস্বামীৰ মতে,"উন্নয়নৰ ক্ষেত্ৰত বাজেটে বিশেষ গুৰুত্ব দিব বুলি আশাবাদী ৷ লগতে থলুৱা ব্যৱসায়ীসকলৰ বেপাৰ-বাণিজ্যত সুবিধা হোৱাকৈ যাতে বাজেটখন প্ৰস্তুত হয় আমি সেয়া বিচাৰো" বুলি মন্তব্য প্ৰকাশ কৰে ৷
আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক এম পি বেজবৰুৱায়ে কয় যে,"চৰকাৰে এইবাৰ বাজেটত আগৰ যিবোৰ পেনডিং প্ৰজেক্ট আছে সেইবোৰ কাম শেষ কৰাৰ আঁচনি হাতত ল’ব বুলি মই আশাবাদী ৷ চৰকাৰে আঁচনিবোৰৰ ফলাফল দীৰ্ঘম্যাদী কৰাৰ ব্যৱস্থা লওঁক ৷ ক্ষন্তেকীয়া সময়ৰ কিছুমান সাহাৰ্যই সমস্যাৰ স্থায়ী সমাধান নকৰে" বুলি আক্ষেপ প্ৰকাশ কৰে প্ৰৱক্তাগৰাকীয়ে ৷
নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলেও বাজেটক লৈ যথেষ্ঠ আশাবাদী বুলি প্ৰকাশ কৰিছে ৷ ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে বাজেটক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । কিন্তু একাংশ যুৱক-যুৱতীৰ ভূমিকা বাজেটৰ ক্ষেত্ৰত নিৰাশাজনক হোৱা পৰিলক্ষিত হ’ল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰৰ মতে,"বাজেটক লৈ বিশেষ আশা কৰিবলগীয়া একো নাই ৷ চৰকাৰে কথাৰ ফুলজাৰি মাৰে ৷ কিন্তু কাৰ্যক্ষেত্ৰত সেয়া সম্ভৱ হৈ উঠিবনে নাই তাত আমাৰ সন্দেহ আছে । অসমত বিজেপি চৰকাৰে ২৫ লাখ নিৱনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিয়ো কাৰ্যক্ষেত্ৰত সেয়া দিঠকত পৰিণত নহ’ল ৷" আনহাতে, কটন বিশ্ববিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে নতুন বাজেটখন জনমুখী, উন্নয়নমুখী হোৱাৰ লগতে নিবনুৱাসকলক বিশেষ অগ্ৰাধিকাৰ দিব বুলি আশাবাদী ।
লগতে চাওকঃবাজেট অধিবেশনৰ দ্বিতীয় দিনা গৃহৰক্ষী জোৱানৰ উত্তাল প্ৰতিবাদ