ETV Bharat / state

Anti Child Marriage Drive : অসম চৰকাৰে স্বাস্থ্য বিভাগৰ তথ্যৰ অপপ্ৰয়োগৰ অভিযোগ বৃন্দা কাৰাটৰ - Assam govt anti child marriage drive

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ সৰৱ জ্যেষ্ঠ বাঁওপন্থী নেত্ৰী বৃন্দা কাৰাট (Brinda karat reacted on anti child marriage drive) । চৰকাৰে বাল্য বিবাহবিৰোধী অভিযান স্বাস্থ্য বিভাগৰ তথ্যক হাতিয়াৰ হিচাপে লৈ কৰাৰ অভিযোগ । স্বাস্থ্য বিভাগৰ তথ্য ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে অনৈতিক বুলিও সংবাদমেলত মন্তব্য ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীৰ ।

Brinda Karat
Brinda Karat
author img

By

Published : Mar 10, 2023, 10:05 PM IST

গুৱাহাটী, ১০ মাৰ্চ : হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বৃন্দা কাৰাটৰ (Brinda Karat slammed Assam govt) । গুৱাহাটী মহানগৰীৰ CPI(M) কাৰ্যালয়ত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানক লৈ সৰৱ হৈ পৰে জ্যেষ্ঠ নেত্ৰীগৰাকী । তেওঁ সংবাদমেলত অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাল্য বিবাহক কেন্দ্ৰ কৰি সাধাৰণ মানুহক যেনেধৰণে হাৰাশাস্তি কৰিছে সেই কাৰ্যক গৰিহণা দিয়ে (Brinda Karat condemned Assam govt on anti child marriage) ।

আনহাতে, বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি যি অভিযান চলিছে, সেয়া চৰকাৰৰ নতুন কৌশল আৰু নতুন উপায়েৰে চলোৱা বুলডজাৰ বুলি মন্তব্য কৰে । লগতে বাল্য বিবাহ আইন উলংঘা কৰি চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱা বুলিও তেওঁ অভিযোগ কৰে । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কোনো ধৰণৰ সজাগতা সৃষ্টি নকৰাকৈ হঠাৎ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱা বুলি মন্তব্য কৰে (Assam govt anti child marriage drive) ।

তেওঁ কয়, বাল্য বিবাহৰ হাৰ অসমত বেছি । অসমৰ প্ৰতিটো সম্প্ৰদায়তে বাল্য বিবাহৰ প্ৰভাৱ আছে । বাল্যবিবাহ এটা গুৰুত্বপূৰ্ণ বিষয় । অসমত বাল্য বিবাহ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত সৰ্বাধিক দেখা পোৱা যায় যদিও হিন্দু সমাজতো বাল্য বিবাহ হোৱা পৰিলক্ষিত হয় । হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাল্য বিবাহৰ বিপৰীতে যি তথাকথিত অভিযান চলাইছে, এই অভিযানে দেশৰ আইনক ভেঙুচালি কৰিছে বুলিও বাওঁপন্থী নেত্ৰীগৰাকীয়ে মন্তব্য কৰে । বাল্য বিবাহৰ ওপৰত অভিযান চলাই ভুক্তভোগী পৰিয়ালক হাৰাশাস্তি কৰাৰো অভিযোগ (Brinda karat criticized Himanta Biswa Sarma) । তেওঁলোকৰ জীৱিকাৰ পথ বন্ধ হৈ যোৱাৰ লগতে উকিল ধৰিবলৈ আৰু অন্যন্য খৰচৰ নামত প্ৰতিটো পৰিয়ালে ২০-৫০ হাজৰ টকা পৰ্যন্ত ধাৰৰ বোজা মূৰত পৰিছে বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে, বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাবলৈ চৰকাৰে তথ্য ক'ত পালে বুলি প্ৰশ্ন উত্থাপন কৰি বৃন্দা কাৰাটে কয় যে কোনেও বাল্য বিবাহৰ বিৰুদ্ধে অভিযোগ দিয়া নাই যদিও চৰকাৰে স্বাস্থ্য বিভাগৰ তথ্যক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি এই অভিযান চলাইছে । এয়া সম্পূৰ্ণৰূপে অবৈধ আৰু অনৈতিক। স্বাস্থ্যৰ তথ্য এইদৰে হাতিয়াৰ কৰাৰ পিছত মহিলাসকলে স্বাস্থ্য কেন্দ্ৰলৈ যোৱাৰ পৰা বিৰত থাকিব বুলি উস্সেখ কৰি ইয়াৰ পৰা জন্মনিয়ন্ত্ৰণৰ ওপৰত প্ৰভাৱ পৰিব বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, তেওঁ ত্ৰিপুৰাত নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা সন্দৰ্ভতো মন্তব্য কৰে । তেওঁ কয়, বিজেপিয়ে সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰাৰ পিছতো আসনৰ সংখ্যা হ্ৰাস পোৱাৰ ঘটনা সহ্য কৰিব নোৱাৰিয়ে বিজেপিয়ে বিৰোধী দলৰ ওপৰত আক্ৰমণ কৰিছে । সংবাদমেলত তেওঁ গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈও সৰৱ হৈ পৰে ।

লগতে পঢ়ক :Pijush Hazarika on Loksabha elections 2024 : ভূপেন বৰাই আকাশত চাং পতা সপোন দেখে; মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.