ETV Bharat / state

ভাৰতবাসীয়ে চিনি পাব ব্ৰেণ্ড 'অসমী'ক : গিৰিৰাজ সিং

author img

By

Published : Aug 27, 2021, 10:48 PM IST

আমাজ'ন, ফ্লিপকাৰ্ট আদিৰ জড়িয়তে উপলব্ধ হ’ব অসমৰ মহিলা আত্মসহায়ক গোট সমূহে উৎপাদন কৰা বিভিন্ন সামগ্ৰীক একত্ৰিত কৰি সৃষ্টি হোৱা ব্ৰেণ্ড 'অসমী' ৷ এই কথা জানিবলৈ দিলে তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে ।

brand-akhomi-to-be-available-in-online-platforms
ভাৰতবাসীয়ে চিনি পাব ব্ৰেণ্ড 'অসমী'ক : গিৰিৰাজ সিং

গুৱাহাটী, ২৭ আগষ্ট : অসমৰ মহিলা আত্মসহায়ক গোট সমূহে উৎপাদন কৰা বিভিন্ন সামগ্ৰীক একত্ৰিত কৰি "অসমী" নামৰ যি ব্ৰেণ্ডৰ সৃষ্টি কৰা হৈছে সেই ব্ৰেণ্ডক সমগ্ৰ ভাৰতবাসীৰ ওচৰলৈ লৈ যাব চৰকাৰে । আমাজ'ন, ফ্লিপকাৰ্ট আদিৰ জড়িয়তে 'অসমী' ৰ সামগ্ৰী বিপণনৰ ব্যৱস্থা কৰা হ’ব । গুৱাহাটীত শুকুৰবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে ।

তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত এক সংবাদমেলত ভাগ লয় । ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিৎ দাসক লগত লৈ সম্বোধন কৰা সংবাদমেলখনত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আৰু কয় যে সমগ্ৰ দেশত মাত্ৰ এক মিলিয়ন হেক্টৰ ভূমিহে কৃষিকাৰ্যৰ বাবে উপযোগী । ইতিমধ্যে যিহেতু ২০৫০ চনত খাদ্যসংকটে দেখা দিব বুলি বিশ্বৰ আগশাৰীৰ সংস্থাই আশংকা কৰিছে সেয়েহে ভাৰতত এতিয়াও খেতি নোহোৱাকৈ পৰি ৰোৱা ৯৬.৪ হেক্টৰ ভূমি খেতিৰ বাবে উপযোগী কৰি তোলাৰ এক আচনি কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে ।

ইয়াৰ বাবে সমগ্ৰ দেশত প্ৰায় আঠ হাজাৰ পাঁচশ প্ৰকল্প আৰম্ভ কৰা হৈছে আৰু ইয়াৰে ২৮০ টা প্ৰকল্প অসমত হাতত লোৱা হৈছে । একোটা প্ৰকল্পত সামৰি লোৱা হৈছে প্ৰায় ছয় হাজাৰ হেক্টৰ ভূমি । ছেপ্টেম্বৰ মাহৰ ভিতৰত ২৪ মিলিয়ন হেক্টৰ ভূমি কৃষি উপযোগী হৈ উঠিব বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে, সংবাদমেলত ভাগ লৈ গিৰিৰাজ সিঙে আৰু কয় যে, অসমত কংগ্ৰেছৰ শাসনকালত ৩২,৪৫৪ টা মহিলাৰ আত্মসহায়ক গোট আছিল যদিও এতিয়া এই সংখ্যা তিনি লাখলৈ বৃদ্ধি কৰা হৈছে । ফলত অসমৰ প্ৰায় ৩০ লাখ মহিলা এই আত্মসহায়ক গোট সমূহৰ সৈতে জড়িত হৈ পৰিছে । এইসকল মহিলাৰ বাৰ্ষিক আয় ২০২২ চনৰ ভিতৰত কমেও এক লাখ টকা পৰ্যন্ত কৰাৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব ।

বৰ্তমানৰ বিজেপি চৰকাৰৰ শাসনকালত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সাত লাখ ঘৰ নিৰ্মাণৰ লক্ষ্য ধাৰ্য কৰা হৈছে বুলিও তেওঁ কয় । কংগ্ৰেছৰ শাসনকালত শেষৰ পাচটা বছৰত ৰাজ্যত মাত্ৰ ১.৬২ লাখ ঘৰহে নিৰ্মাণ কৰা হৈছিল । পূৰ্বতে প্ৰতিটো ঘৰৰ বিপৰীতে ৭৫ হাজাৰকৈ টকা দিয়া হৈছিল যদিও এতিয়া সেই পৰিমাণ ডেৰ লাখ টকালৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক : ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.