গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ ৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ বালিচৰত "অধ্যয়ন এডুকেশ্বন ফাউণ্ডেশ্যন"ৰ উদ্যোগত অনুষ্ঠিত হৈছে ব্ৰহ্মপুত্ৰ লেনট্ৰান ফেষ্টিভেল ৷ দৰিদ্ৰ শিশুসকলৰ সহায়ৰ বাবে প্ৰতিবছৰে এই ফেষ্টিভেল অনুষ্ঠিত কৰি আহিছে অধ্যয়ন এডুকেশ্বন ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৱে। এইবাৰো ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য, স্বচ্ছতাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্য আগত ৰাখি আয়োজন কৰা হৈছে এই মহোৎসৱৰ। গীত-নৃত্য, দুঃসাহসিক ক্ৰীড়া, সজাগতামূলক কাৰ্যকলাপৰ লগতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নানা প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে ৷
তাৰোপৰি নিশাৰ ভাগতো অনুষ্ঠিত হ'ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। ইফালে এই মহোৎসৱত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি উল্লেখ কৰে সংস্থাটোৱে। উল্লেখযোগ্য যে, এই মহোৎসৱ উদযাপনৰ ক্ষেত্ৰত অসম আৰু ভাৰত পৰ্যটন বিভাগে বিশেষ সহযোগিতা আগবঢ়াইছে অধ্যয়ন এডুকেশ্বন ফাউণ্ডেশ্যনক।
লগতে পঢ়কঃআগ্ৰহী অভিনেতা-অভিনেত্ৰীক নতুন ছবিত কামৰ সুযোগ দিব প্ৰস্তুতি পৰাশৰে ?