ETV Bharat / state

অৱশেষত নিলম্বিত বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া

অলপতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ভাৰপ্ৰাপ্ত বিষয়া চাহানাজ ইয়াছমিনৰ ব্যৱসায়ীৰ পৰা ধন লৈ থকা ভিডিঅ' ৷

author img

By

Published : Oct 10, 2019, 11:19 PM IST

অৱশেষত নিলম্বিত বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া

গুৱাহাটী, 10 অক্টোবৰ: অৱশেষত শাস্তিৰ সন্মুখীন হ'ল বৰঝাৰ আৰক্ষী চকীৰ বিৰ্তকিত আৰক্ষী বিষয়া চাহানাজ ইয়াছমিন ৷ কৰ্তব্যত গাফিলতিৰ অভিযোগত বৃহস্পতিবাৰে নিলম্বিত কৰা হ'ল বিষয়াগৰাকীক ৷ নিলম্বিত পত্ৰ অনুসৰি কৰ্তব্যত ক্ৰুটি আৰু বিফলতা থকা বুলি উল্লেখ থকা চাহনাজ ইয়াছমিনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বৰে পৰা আছে আৰু বহুতো অভিযোগ ৷ নিজৰ কৰ্মব্যস্ততাৰ মাজতেই শিল,মাটি কঢ়িওৱা ট্ৰাক ডাম্পাৰৰ পৰা অবৈধভাৱে ধন সৰকাইছিল বিষয়াগৰাকীয়ে ৷ অলপতে বিষয়াগৰাকীয়ে পথৰ দাতিত আৰক্ষীৰ বাহনত বহি ব্যৱসায়ীৰ পৰা ধন লৈ থকা এটা ভিডিঅ' ভাইৰেল হৈছিল ছচিয়েল মেডিয়াত ৷ এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে উৰ্দ্ধতম কৰ্তৃপক্ষই নিলম্বন কৰিলে বিষয়াগৰাকীক ৷ উল্লেখযোগ্য যে বিভিন্ন অভিযোগৰ সন্দৰ্ভত চেহনাজ ইয়াছমিনক কেইবাবাৰো সকিয়নী দিছিল উৰ্দ্ধতম কৰ্তৃপক্ষই কিন্তু ইয়াৰ পাছতো কোনো কথা কেৰেপ নকৰি চেহনাজে নিজৰ মই-মতালিত অব্যাহত ৰাখিছিল ৷

Intro:বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন ।
Body:Ocvo…বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন । কৰ্তব্যত ক্ৰুটি আৰু গাফিলতি থকাৰ অভিযোগত নিলম্বিত হ'ল বৰঝাৰ আৰক্ষী চকীৰ IC চাহানাজ ইয়াছমিন । নিলম্বিত পত্ৰ অনুসৰি কৰ্তব্যত ক্ৰটি আৰু বিফলতা থকা বুলি উল্লেখ আছে যদিও পুৰ্বৰে পৰা চাহনাজ ইয়াছমিনৰ বিৰুদ্ধে আছে বহু অভিযোগ । নিজৰ কৰ্মব্যস্ততাৰ মাজতেই শিল,মাটি কঢ়িওৱা ট্ৰাক ডাম্পাৰৰ পৰা অবৈধভাৱে সৰকাইছিল ধন । বিষয়াগৰাকীয়ে পথৰ দাতিত আৰক্ষীৰ বাহনত বহি ব্যৱসায়ীৰ পৰা ধন লৈ থকা ভিডিঅ ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত । ছচিয়েল ভিডিঅটো ভাইৰেল হোৱাৰ পিছতেই উৰ্দ্ধতম কৰ্তৃপক্ষই ল'লে এই সিদ্ধান্ত । বিভিন্ন অভিযোগৰ বাবে উৰ্দ্ধতম কৰ্তৃপক্ষই বিষয়া গৰাকীক দিছিল সকীয়নি কিন্তু কোনো কথা কেৰেপ নকৰি চেহনাজ ইয়াছমিনে নিজ মই-মতালিত চলি আছিল । Conclusion:উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰোটোও আছিল বৰঝাৰ আৰক্ষী চকীৰ অধীনত ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.